ৱাকফ সম্পত্তিঃ সংস্কাৰ বনাম হস্তক্ষেপ
মোডী চৰকাৰৰ প্ৰস্তাৱিত ৱাকফ সম্পত্তি আইনৰ সংশোধনী বিলখনক লৈ দেশৰ প্ৰগতিশীল আৰু ধৰ্মনিৰপেক্ষ সমাজ যথেষ্ট চিন্তিত হোৱা দেখা গৈছে। বিশেষকৈ বিজেপি শাসিত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ৱাকফ আইন সংশোধনৰ দ্বাৰা ৱাকফ সম্পত্তিক ৰাষ্ট্ৰীয়কৰণ কৰা হ'ব বুলি যেতিয়া মন্তব্য কৰিলে, তেতিয়া বিষয়টো অধিক ৰহস্যজনক হৈ পৰিল। অৱশেষত দেখা গ'ল যে- ৮ আগষ্ট, ২০২৪ তাৰিখে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে লোকসভাত "ৱাকফ সংশোধনী বিল ২০২৪" উত্থাপন কৰে। কিন্তু বিৰোধীৰ প্ৰৱল প্ৰতিবাদত চৰকাৰে অধিক আলোচনাৰ বাবে বিলখন সংসদৰ যুটিয়া কমিটিলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয়। মূলতঃ ৱাকফ বৰ্ড তথা ৱাকফ সম্পত্তিৰ ওপৰত থকা চৰকাৰী নজৰৰ কথা উল্লেখ নকৰিলেও মন্ত্ৰী ৰিজেজুৰ যুক্তি আছিল ৱাকফ বৰ্ডৰ সংস্কাৰ সাধনেই ইয়াৰ মূল লক্ষ্য। বহু ৱাকফ সম্পত্তি বেদখলকাৰীৰ কৱলত। গতিকে দৰিদ্ৰ মুছলমান, নাৰী আৰু শিশুক ন্যায় প্ৰদান কৰাই ৱাকফ আইন সংশোধনী বিলৰ মূল লক্ষ্য।
ৱাকফৰ ধাৰণা গঢ়ি উঠিছে ইছলামিক ধৰ্ম বিশ্বাসৰ পৰা । এজন ইছলাম ধৰ্বাৱলম্বী লোকে তেওঁৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জনসেৱাৰ উদ্দেশ্যৰে ঈশ্বৰৰ নামত উচৰ্গা কৰাই হ'ল ৱাকফ। ৱাকফ কেৱল এক সম্পত্তিৰ নাম নহয়, বৰঞ্চ ই এক এবাদত আৰু ছদকায়ে জাৰিয়াহ। যাৰ ছোৱাব মৃত্যুৰ পাছতো দাতাই পাই থাকে। ইয়াৰ দ্বাৰা দুখীয়া, অনাথ আৰু বিধবাসকলক সহায় কৰা হয়। লগতে শিক্ষানুষ্ঠান , চিকিৎসালয়, দৰগাহ, মাদ্ৰাছা ,মছজিদ আদিৰ নিৰ্মাণ আৰু উন্নয়ন কৰা হয়। ভাৰতসহ বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়, অনাথ আশ্ৰম, বিদ্যালয় আৰু চিকিৎসালয় আদি ৱাকফৰ ভূমি আৰু অৰ্থসাহাৰ্য্যত পৰিচালিত হৈ আহিছে । ৱাকফৰ নামত এবাৰ দান কৰা সম্পত্তি পুনৰ ঘূৰাই আনিব নোৱাৰি।
ভাৰতবৰ্ষত ৱাকফৰ ইতিহাস শতাব্দী প্ৰাচীন। দিল্লীৰ চুলতানী আমোল আৰু মোগল যুগতো ৱাকফ পৰিচালনাৰ বাবে নিৰ্দিষ্ট নীতি আছিল। পৰবৰ্তী সময়ত ১৮০০ দশকত ব্ৰিটিছ সকলে ৱাকফ আইন প্ৰণয়ন কৰিছিল। সেই অনুসৰি ১৯১৩ চনতেই " মুছলিম ৱাকফ ভেলিডিটিং আইন" প্ৰণয়ন কৰা হৈছিল। ইয়াৰোপৰি ১৯৩৭ চনতেই মুছলিম পাৰ্চনেল ল'ৰ অধিনত কেন্দ্ৰীয় ৱাকফ আইনৰ সমান্তৰালকৈ প্ৰাদেশিক বা ৰাজ্যভিত্তিক ৱাকফ আইনো বিহাৰ, উৰিষ্যা, বংগ, দিল্লী আদি প্ৰদেশত বলবৎ কৰা হৈছিল। স্বাধীনতাৰ পৰবৰ্তী সময়ত ১৯৫৪ চনত কেন্দ্ৰীয় ৱাকফ আইনৰ দ্বাৰা ৱাকফ সম্পত্তিৰ সংৰক্ষণ আৰু পৰিচালনা কৰা হৈছিল। ইয়াৰ প্ৰায় চাৰি দশকৰ পাছত মুছলমান সম্প্ৰদায়ৰ বিভিন্ন নেতা আৰু বিশেষজ্ঞ সকলৰ লগত হোৱা দীৰ্ঘ আলোচনাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে ১৯৯৫ চনত " ৱাকাফ সংশোধনী আইন ১৯৯৫" খন গ্ৰহণ কৰিছিল। ৱাকফ আইনৰ জনকল্যাণমূলক ব্যৱহাৰ আৰু উন্নত প্ৰশাসনৰ বাবে ২০১৩ চনতো আইন খনৰ কিছুমান দফা সংশোধন কৰা হৈছিল।
উল্লেখযোগ্য যে ১৯৬৪ চনত গঠন হোৱা ৱাকফ কাইন্সিলৰ অধিনত আছে বিভিন্ন ৰাজ্যৰ ৱাকফ বৰ্ড। ১৯৯৫ চনৰ ৱাকফ আইন অনুসৰি ৱাকফ সম্পত্তিৰ যাৱতীয় ক্ষমতা প্ৰদান কৰা হৈছে ৱাকফ বৰ্ডৰ হাতত। কাৰণ ৱাকফ আইনৰ ৪০ নং ধাৰাত কোৱা হৈছে যে কোনো সম্পত্তিক ৱাকফ হিচাপে ঘোষণা কৰাৰ একমত্ৰ অধিকাৰ আছে ৱাকফ বৰ্ডৰ। কেন্দ্ৰৰ মোডী চৰকাৰৰ আপত্তি ইয়াতেই। কেন্দ্ৰীয় চৰকাৰে ৪৪ টা সংশোধনীৰে অনা নতুন ৱাকফ বিলখনে কাৰ্যত ৱাকফ বৰ্ডৰ ক্ষমতা নোহোৱা কৰিব। বিলখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংশোধনী দফাটোত কোৱা হৈছে যে , কোন সম্পত্তি ৱাকফৰ, সেই বিষয়ে "চূড়ান্ত" সিদ্বান্ত গ্ৰহণ কৰিব জিলা আয়ুক্তই। আইনৰ এই দফাটোক লৈয়েই মুছলমান সমাজৰ চিন্তাশীল লোক সকল আটাইতকৈ বেছি উদ্বিগ্ন । তেওঁলোকৰ শংকা যে বৰ্তমান সময়ত দেশৰ বিভিন্ন প্ৰান্তত যিদৰে হাজাৰ বছৰীয়া ইতিহাস থকা মছজিদ, দৰগাহ সমুহ কেতিয়াবা অবৈধ স্থাপনা আখ্যা দি, কেতিয়াবা বিতৰ্কিত বুলি ঘোষণা কৰি সেইবোৰ উচ্ছেদ কৰা হৈছে নতুবা সেইবোৰৰ ইছলামিক চৰিত্ৰ পৰিবৰ্তনৰ দাবী উত্থাপন কৰা হৈছে, তেনে পৰিস্থিতিত ৱাকফ সম্পত্তিৰ "চূড়ান্ত" সিদ্বান্ত গ্ৰহণৰ ক্ষমতা জিলা আয়ুক্তৰ হাতলৈ গলে সেই সম্পদ বোৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। কাৰণ এই সম্পৰ্কে জিলা আয়ুক্তৰ হাতত চূড়ান্ত ক্ষমতা থকা মানেই পৰোক্ষভাৱে ৰাজ্য চৰকাৰৰ হাতত সেই ক্ষমতা থকা বুজায়। ইয়াৰোপৰি কোনো জিলা আয়ুক্তই চৰকাৰী মতৰ বিৰুদ্ধে আজিলৈ সিদ্বান্ত গ্ৰহণ কৰাৰ নজিৰ নাই। এইখিনিতে নক'লেও হ'ব যে বিজেপি শাসিত বিভিন্ন ৰাজ্য চৰকাৰ সমূহৰ সংখ্যালঘু সকলৰ প্ৰতি থকা দৃষ্টিভংগীৰ কথা। ইয়াৰোপৰি আইন খনত প্ৰস্তাৱ ৰখা হৈছে যে ৱাকফ কাউন্সিলৰ চেয়াৰমেন হ'ব কেন্দ্ৰীয় সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী। কিন্তু এইখিনিতে প্ৰশ্ন হয় যে কেন্দ্ৰীয় ৱাকফ কাউন্সিলৰ চেয়াৰমেন হিচাপে এজন কেন্দ্ৰীয় মন্ত্ৰীৰ নিযুক্তিয়ে এক স্বতন্ত্ৰ ধৰ্মীয় দাতব্য সংস্থা হিচাপে ৱাকফৰ স্বতন্ত্ৰতাক নস্যাত নকৰিবনে? নতুন ৱাকফ সংশোধনী বিলখনত ৱাকফ বৰ্ডত দুজন অ-মুছলমান সদস্যৰ অন্তৰ্ভূক্তি আৰু বৰ্ডৰ চেয়াৰমেন জন মুছলমান হোৱাৰ প্ৰয়োজন নাই বুলি যি সংশোধন অনা হৈছে , ই ৱাকফ সম্পত্তিৰ ওপৰত মুছলমান সম্প্ৰদায়ৰ নিয়ন্ত্ৰণ হ্ৰাস কৰিব। এয়া সংখ্যালঘু সম্প্ৰদায়টোৰ ধৰ্মীয় স্বাধীনতাৰ পৰিপন্থী।
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন প্ৰধান বিচাৰপতি বি.কে. মুখাৰ্জীয়ে মানৱ কল্যাণত ৱাকফ, দাতব্য সংস্থা বা পুঁজিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা আলোচনা কৰিছে। বিশ্বৰ বিভিন্ন ধৰ্মৰ মানুহে নিজৰ ধৰ্মীয় বিশ্বাস অনুসৰি নিজৰ স্থাৱৰ বা অস্থাৱৰ সম্পত্তিৰ একোটা অংশ নিজৰ সম্প্ৰদায়ৰ কল্যাণৰ বাবে ঈশ্বৰৰ নামত দান কৰা দেখা যায়। এই সমূহ নিয়ন্ত্ৰণ হয় যথোপযুক্ত আৰু বিধিবদ্ধ আইনৰ দ্বাৰা। ৱাকফৰ নামতো মুছলমান সকলৰ দানৰ একোটা নিৰ্দিষ্ট বৈশিষ্ট আছে। সেইবাবেই এক পৃথক আইনৰো প্ৰয়োজন। একেদৰে খ্ৰীষ্টান, হিন্দু আৰু অন্যান্য ধৰ্মীয় লোকৰো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি দান কৰাৰ বিধান আছে। সেই অনুসৰি ভাৰতত ধৰ্মীয় আৰু সাধাৰণ দাতব্য উভয় ধৰণৰ আইন আছে। উদাহৰণস্বৰূপে মাদ্ৰাজ হিন্দু ৰিলিজিয়াছ লেণ্ড চেৰিটেবল এনডাওমেন্টচ এক্ট ১৯৫১, তেলেংগানা হিন্দু ভূমি ন্যাস আইন , ১৯৮৭ আদিৰ কথা ক'ব পাৰি। গতিকে কেৱল ৱাকফ প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা আৰু ইয়াৰ প্ৰতি বৈষম্য মূলক আচৰণ কৰাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে।
এক তথ্য অনুসৰি সমগ্ৰ দেশতে ৱাকফৰ অধিনত ৯.৪ লক্ষ হেক্টৰ ভূমি আছে। এই বিতৰ্কিত বিল আইনত পৰিণত হ'লেই ৱাকফ বৰ্ডৰ এই বিশাল পৰিমাণৰ ভূমি চৰকাৰে কাঢ়ি লোৱাৰ পথ প্ৰশস্ত হৈ পৰিব। এক অপপ্ৰচাৰ চলোৱা হৈছে যে ৱাকফ বৰ্ডৰ দাবীকৃত কোনো ভূমি বা সম্পত্তি সয়ংক্ৰিয়ভাৱেই ৱাকফ সম্পত্তি হৈ পৰে। কিন্তু বৰ্তমানৰ ৱাকফ আইন ১৯৯৫ চনৰ অধিনত এনে দেৱানী বিষয় নিস্পত্তিৰ বাবে তিনি তৰপীয়া বিচাৰ ব্যৱস্থা আছে। প্ৰথমে ৱাকফ ট্ৰাইবুনেল, ইয়াৰ পিছত ক্ৰমে উচ্চ আৰু উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে আপিল কৰিব পাৰি। কিন্তু বৰ্তমানৰ সংশোধনীৰ মাধ্যমেৰে সকলো সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা জিলা আয়ুক্তৰ হাতত ন্যস্ত কৰা হৈছে। গতিকে এই বিল ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ বাবে হুমকিস্বৰূপ। কাৰণ ভাৰতীয় সংবিধানত আইনৰ দৃষ্টিত সকলোৰে সমতা আৰু ধৰ্মীয় স্বাধীনতাক সুনিশ্চিত কৰা হৈছে। এই সংশোধনীয়ে ভাৰতৰ আত্মপৰিচয়ৰ মূল ভাৱনা অৰ্থাৎ সাংস্কৃতিক আৰু ধৰ্মীয় ভাৱনাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। বিশেষকৈ ৱাকফ সংশোধনী বিলখনত যিবোৰ নিয়মাৱলী প্ৰস্তুত কৰা হৈছে সেইবোৰৰ দ্বাৰা অদূৰ ভৱিষ্যতে অন্যান্য ধৰ্মীয় সম্প্ৰদায়ৰো স্বতন্ত্ৰতা আৰু স্বায়ত্বতা খৰ্ব কৰাৰ পথ প্ৰশস্থ হৈ পৰিব। এইখিনিতে স্বীকাৰ কৰিবই লাগিব যে বিভিন্ন সময়ত ৱাকফ বৰ্ডৰ সদস্য বা বিষয়ববীয়া সকলৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ শুনা যায়। গতিকে ৱাকফ বৰ্ডক কিদৰে সঠিকভাৱে পৰিচালনা কৰিব পাৰি, সেয়া এক চিন্তাৰ বিষয়। কিন্তু সংস্কাৰ আৰু সংশোধনৰ নামত ৱাকফৰ ওপৰত চৰকাৰী পক্ষৰ অবাধ হস্তক্ষেপ, ধৰ্মীয় স্বাধীনতাৰ ওপৰত আঘাত কোনো পধ্যেই মানি ল'ব নোৱাৰি। অসমতো প্ৰচুৰ ৱাকফ সম্পত্তি বেদখলকাৰীৰ কৱলত আছে। এই সম্পৰ্কে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা হ'লেও ইয়াৰ ফলাফল কিন্তু শূন্য। ফলত যি মহান উদ্দেশ্যৰ দ্বাৰা ভূমিৰ মালিক সকলে নিজৰ সম্পত্তি ৱাকফ কৰি গৈছিল , সেয়া ব্যৰ্থ হৈছে। বৰ্তমান ৱাকফ সংশোধনী বিলখনে আইনৰ নীতিক উলংঘা কৰিছে। কাৰণ আমি পাহৰিলে নহ'ব যে ধৰ্মীয় স্বাধীনতা ৰক্ষা, বিচাৰ বিভাগীয় মৰ্যাদাৰ প্ৰসাৰ আৰু ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ সুৰক্ষা কাৰ্যত ন্যায় বিচাৰ আৰু সমতা বৰ্তাই ৰখাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
ইতিমধ্যে দেশৰ যুটিয়া সংসদীয় কমিটিয়ে বিবেচনাধীন অৱস্থাত থকা ৱাকফ সংশোধনী বিল-২০২৪ সম্পৰ্কে দেশৰ জনসাধাৰণৰ মতামত বিচাৰিছে। সেই অনুসৰি ১৫ চেপ্তম্বৰ, ২০২৪ ৰ ভিতৰত দেশৰ প্ৰায় পাঁচ কোটিতকৈও অধিক লোকে ই-মেইলৰ জৰিয়তে বিলখনৰ সম্পৰ্কে নিজৰ মতামত আৰু আপত্তি সমূহ প্ৰকাশ কৰিলে। আমি আশা কৰো সংখ্যালঘুৰ ধৰ্মীয় স্বাধীনতা আৰু সমতাৰ ওপৰত আঘাত হানিব পৰা বিলখনৰ কোনো সংশোধনীয়েই আইনত পৰিণত হোৱা উচিত নহয়। কাৰণ ভাৰতীয় সংবিধানত সংখ্যালঘুৰ বাবে বিভিন্ন বিধান আৰু সুৰক্ষাৰ ব্যৱস্থা আছে। এইক্ষেত্ৰত সমতাৰ অধিকাৰ (ধাৰা ১৪), ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষেধ কৰা (ধাৰা১৫)। ইয়াৰোপৰি ভাৰতীয় সংবিধানৰ ২৫,২৬,২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰা হৈছে। একেদৰে ভাৰতীয় সংবিধানৰ ১৩(৩)(ক) ধাৰাত ক "ৰীতি বা অনুশীলনকো" আইনৰ চালিকাশক্তি হিচাপে অভিহিত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ৱাকফৰ সংস্কাৰ আৰু সংৰক্ষণৰ বাবে যদিহে সদিচ্ছা আছে তেন্তে দেশৰ গণতান্ত্ৰিAক আৰু ধৰ্মনিৰপেক্ষ সমাজৰ আহ্বান গ্ৰহণ কৰক।
লেখকঃ বাহাৰুল হক