অসমত মুছলমানৰ বসতি।

 

অসমখন মনোমোহা আৰু মনোৰম এক সৌন্দৰ্য্য পূৰ্ণ ৰাজ্য। য’ত আছে পাহাৰ ভৈয়াম, নদ-নদী, গছ-বৃক্ষ, তৰু-লতা, নানা তৰহৰ ফল-ফুল। যাৰ বন জঙলত আছে বাঘ, ভালুক, হাতী, বনৰীয়া মহ, বিভিন্ন ধৰণৰ হৰিনা পশু আৰু আছে অসমৰ আপুৰুগীয়া সম্পদ এশিঙিয়া গঁড়, নানা ধৰণৰ চৰাই চিৰিকতিৰ ওপৰিও আছে ইয়াৰ নদ নদীত নানা ধৰণৰ মাছ।

অসমৰ সেউজীয়া পাহাৰবোৰৰ দৃশ্য চাই থাকিবলৈ মন যায়। অসমৰ ভৈয়াম অঞ্চলৰ সোনোৱালী শৈচ ভৰা পথাৰে মানুহক অধিক আকৰ্ষনীয় কৰি তুলে। তাৰ উপৰিও পাহাৰত কৰা ঝুমখেতি আৰু অধিক মনোগ্ৰাহী কৰি তোলে। অসমত আছে মূল নদী দুখন। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ওপৰিও ইয়াত আছে কেইবাখো উপনৈ যেনে- বেঁকী, মানাহ, আি, ধনশিৰী, কঁপিলী, বগীনদী, দিহিং আদি। এই নৈ-উপনৈ সমূহে তাহানিৰে পৰাই অসমবাসীলৈ মাছৰ যোগান ধৰি আহিছে।

অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ বসতিস্থল। যত নৱ বৈষ্ণৱী, বৈষ্ণৱী, সনাতনী ইছলামীক, বৈদ্ধিষ্ট, জৈন, খৃষ্টান আদি ধৰ্মীয় অনৈক্যৰ মাজত ঐক্য বিৰাজমান। এই একতাই বৃহত্তম অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি একতাৰ দোলেৰে বান্ধি ৰাখিছে। সকলো ধৰ্মৰ উৰ্দ্ধত যে মানৱ ধৰ্ম তাৰ এক বাস্তৱ নিদৰ্শন ইয়াতেই প্ৰতিফলিত হৈছে। অসমখনক ৰাজনৈতিক ভাৱে অসমীয়া জাতিৰ জাতীয় ঐক্য বিনষ্ট কৰাৰ কাৰণে বাৰম্বাৰ চেষ্টা অৱ্যাহত ৰাখিও বিফল হৈ আহি আছে। অসমত বসবাস কৰা ইছলাম ধৰ্মৰ লোক সকলৰ অধিকাংশ লোকেই বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবেই যথেষ্ট ধৈৰ্য্য ধাৰণ কৰি অসমৰ সমাজ জীৱনৰ সুস্থতা অক্ষুন্ন কৰি ৰাখিছে। তাৰ মাজত অনা ইছলামী মানুহৰ ভূমিকাও কম নহয়। তাহানিৰ যুগৰ পৰাই অৰ্থাত ১২০০ খ্ৰীঃষ্টাব্দৰ পৰাই ইছলাম ধৰ্মৰ মানুহ অসমত বসতি স্থাপন কৰি আহিছে। ইতিমধ্যে তাৰ স্পষ্টীকৰণ বহুতো বুৰঞ্জীবিধ সকলে দাঙি ধৰিবলৈ সক্ষম হৈছে। অসমৰ এক ঈশ্বৰবাদ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ এজন অতি ঘনিষ্ঠ শিষ্য চাঁন্দখাঁৰ নাম উল্লেখ কৰিব পাৰি।              

শ্ৰীমন্ত শংকৰদেৱৰ সময়ত বা তাহানিতে বাগদাদৰ পৰা অহা ইছলাম ধৰ্মৰ ধৰ্মগুৰু এজন শিৱসাগৰ জিলাৰ শৰাগুৰি চাপৰি বা সেই অঞ্চলত নামাজৰ সময়ত আজান দি নামাজ পঢ়ি ফুৰিছিল। যাৰ বাবে তেওঁক আজান ফঁকিৰ বুলি কোৱা হৈছিল। সেই সময়ত আহোম স্বৰ্গদেউ ৰজা সকলৰ শাসন চলি আছিল। আহোমৰ ৰজাঘৰীয়া সকলে স্বৰ্গদেউৰ আদেশত আজান ফঁকিৰক ধৰি নি জীৱন্ত মানুহজনৰ চকুযুৰি কাঢ়ি লৈছিল। অন্ধ আজান ফঁকিৰৰ দুখৰ কাহিনী শুনিলে আজিৰ মানুহৰো অন্তৰ আত্মাই উচপি উঠে। আহোম ৰজা সকল যে মুছলমান সকলৰ ওপৰত কিমান অত্যাচাৰ কৰিছে তাৰ ইখিনিতেই জলন্ত প্ৰমান পোৱা .....

 

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor