মহৰমৰ গুৰুত্ব, তাৎপৰ্য আৰু ইছলামী ঐতিহ্য

মানৱ ইতিহাসৰ এক যুগান্তকাৰী অধ্যায়ৰ সাক্ষী হৈছে হিজৰী বৰ্ষ। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মানৱ, মহানবী হজৰত মুহাম্মদ (ছাঃ)-ৰ মক্কাৰ পৰা পবিত্ৰ মদিনালৈ কৰা ‘হিজৰত’ৰ চিৰস্মৰণীয় স্মাৰকস্বৰূপে এই চন্দ্ৰবৰ্ষৰ সূচনা হৈছিল। বৰ্তমান বিশ্বৰ প্ৰায় ১৬০ কোটিতকৈও অধিক মুছলমানৰ ধৰ্মীয় আবেগ, আচাৰ-অনুষ্ঠান আৰু সৰ্বোপৰি পবিত্ৰ ইবাদত-বন্দেগীৰ সময়সূচী এই আৰবী বৰ্ষপঞ্জীৰ সৈতেই ওতপ্ৰোতভাৱে সাঙোৰ খাই আছে। হিজৰী বৰ্ষ কেৱল এটা দিনপঞ্জীয়েই নহয়, বৰঞ্চ ই ইছলামী ইতিহাসৰ এক স্বাধিকাৰ, আত্মত্যাগ আৰু গৌৰৱোজ্জ্বল ঐতিহ্যৰ প্ৰতীক।

ইতিহাসৰ পৃষ্ঠাপাত লুটিয়ালে দেখা যায় যে, প্ৰিয় নবী (ছা.)-এ ৬২২ খ্ৰীষ্টাব্দৰ ‘ৰবিউল আউৱাল’ মাহত মদিনালৈ হিজৰত কৰিছিল। কিন্তু এই মহাযাত্ৰাৰ যি প্ৰস্তুতি আৰু ‘আকাবাৰ শেষ বায়আত’ বা আনুগত্যৰ শপত গ্ৰহণৰ পাছত হিজৰতৰ চূড়ান্ত সিদ্ধান্ত লোৱা হৈছিল—তাৰ ঠিক পৰৱৰ্তী সময়ত আকাশত যিটো নতুন জোন উদয় হৈছিল, সিটো আছিল পবিত্ৰ মহৰম মাহৰ জোন। কেৱল সেয়াই নহয়, অনুগামী চাহাবাসকলৰ হিজৰতৰ প্ৰক্ৰিয়াও এই মহৰম মাহৰ পৰাই আৰম্ভ হৈছিল। সেইবাবেই, হিজৰী বৰ্ষৰ প্ৰথম মাহ হিচাপে মহৰমক স্বীকৃতি দি বৰ্ষ গণনাৰ আৰম্ভণি কৰা হয়।

দ্বিতীয়তে মহৰৰম মাহৰ সৈতে মানৱ জাতিৰ সৃষ্টিলগ্নৰ এক গভীৰ ৰহস্য আৰু আধ্যাত্মিক সংযোগ আছে। যদিও মানৱীয় ইতিহাসত হিজৰতৰ সময়ৰ পৰা এই বৰ্ষপঞ্জী কাৰ্যকৰী কৰা হৈছে, কিন্তু মহাজাগতিক নিয়ম অনুসৰি পৃথিৱীৰ সৃষ্টিৰ প্ৰথম দিনটোৰ পৰাই ১২ টা চন্দ্ৰমাহৰ আৱৰ্তন চলি আহিছে। এই সন্দৰ্ভত মহান আল্লাহ তাআলাই পবিত্ৰ কোৰআনত ঘোষণা কৰিছে:

"নিশ্চয়ই মহাকাশ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰা আল্লাহৰ বিধানত আল্লাহৰ ওচৰত মাহ গণনাত মাহ ১২ টা, তাৰে ভিতৰত চাৰিটা মাহ ধৰ্মীয়ভাৱে সন্মানীয়; এইটোৱেই সুপ্ৰতিষ্ঠিত বিধান। গতিকে ইয়াৰ ভিতৰত তোমালোকে নিজৰ প্ৰতি অত্যাচাৰ (পাপ কৰ্ম) নকৰিবা।" [ছূৰা আত-তাওবা, আয়াত: ৩৬]

আৰবী ‘মহৰম’শব্দৰ আভিধানিক অৰ্থ হৈছে‘অলংঘনীয় পবিত্ৰ’ বা ‘নিষিদ্ধ’। পৱিত্ৰ কোৰআনে মহিমান্বিত কৰা এই চাৰিটা বিশেষ মাহক স্বয়ং ৰাছুলুল্লাহ (ছা.)-এ তেওঁৰ বিদায় হজ্জৰ ঐতিহাসিক ভাষণত অধিক স্পষ্ট কৰি দিছে।

ৰাছুলুল্লাহ (ছা.)-এ কৈছে "বছৰটো বাৰটা মাহৰ। তাৰে ভিতৰত চাৰিটা মাহ অতি মৰ্যাদাপূৰ্ণ। তিনিটা ধাৰাবাহিক— জিলকদ, জিলহজ্জ আৰু মহৰৰম; আনটো হৈছে ৰজব।" [চহীহ বুখাৰী, হাদীছ নং: ৪৬৬২]

প্ৰাচীনকালৰ পৰাই সকলো নবী-ৰাছুলৰ শ্বৰীয়তত এই চাৰিটা মাহক ‘আশ-শাহৰুল হাৰাম’ বা বিশেষ মৰ্যাদা প্ৰাপ্ত পবিত্ৰ মাহ বুলি গণ্য কৰা হৈছিল। এই পবিত্ৰ সময়ছোৱাত যিকোনো নেক আমল বা ইবাদতৰ পুণ্য (ছৱাব) যেনেকৈ বহুগুণে বৃদ্ধি পায়, ঠিক তেনেদৰেই অন্যায়, যুদ্ধ-বিগ্ৰহ, অন্যায়-অত্যাচাৰ আৰু পাপাছাৰত লিপ্ত হ’লে তাৰ শাস্তি আৰু ভয়াবহতাও বৃদ্ধি পায়।

পবিত্ৰ আশ্বুৰা: তাৎপৰ্য আৰু ঐতিহাসিক প্ৰেক্ষাপটঃ

মহৰম মাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উজ্জ্বলতম দিনটো হৈছে ইয়াৰ ১০ম দিন—যাক ‘আশ্বুৰা’ বুলি কোৱা হয়। ইছলামী ইতিহাসত ৰমজান মাহৰ ৰোজা ফৰজ হোৱাৰ পূৰ্বে, এই আশ্বুৰাৰ দিনা ৰোজা ৰখাটোৱেই মুছলমানসকলৰ বাবে ফৰজ আছিল। পৰৱৰ্তী সময়ত ৰমজানৰ ৰোজা ফৰজ হোৱাৰ পাছত আশ্বুৰাৰ ৰোজাক ‘নফল’ বা ঐচ্ছিক ইবাদত হিচাপে বাহাল ৰখা হয়।

প্ৰিয় নবী (ছা.)-এ যেতিয়া মদিনালৈ হিজৰত কৰিলে, তেতিয়া তেওঁ দেখিবলৈ পালে যে মদিনাৰ ইহুদী সম্প্ৰদায়ে মহৰমৰ ১০ তাৰিখে বিশেষ ব্ৰত বা ৰোজা পালন কৰিছে।

নবী কৰিমে (ছা.) যেতিয়া ইয়াৰ কাৰণ সুধিলে, তেতিয়া ইহুদীসকলে উত্তৰ দিলে— "এইটো এটা অতি পবিত্ৰ আৰু মহান দিন। এই দিনটোতে আল্লাহ তাআলাই হজৰত মুছা (আ.) আৰু তেওঁৰ বনী ইছৰাঈল সম্প্ৰদায়ক স্বৈৰাচাৰী শাসনকৰ্তা ফিৰআউনৰ কৱলৰ পৰা মুক্তি দিছিল আৰু ফিৰআউনক তাৰ সৈন্য-সামন্তসহ নীল নদীৰ বুকুত ডুবাই মাৰিছিল। গতিকে, হজৰত মুছা (আ.)-এ আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি এই দিনা ৰোজা ৰাখিছিল। সেইবাবে আমিও ৰোজা ৰাখোঁ।"

এই কথা শুনি মহানবী (ছা.)-এ ঘোষণা কৰিলে— "তোমালোকতকৈ হজৰত মুছা (আ.)-ৰ নীতি আৰু আদৰ্শৰ আমিহে অধিক ঘনিষ্ঠ আৰু দাবীদাৰ।" তাৰ পিছত তেওঁ নিজেও ৰোজা ৰাখিলে আৰু চাহাবাসকলকো ৰোজা ৰাখিবলৈ নিৰ্দেশ দিলে।

[চহীহ বুখাৰী: ২০০০]

আশ্বুৰাৰ ৰোজাৰ ফজিলতঃ

প্ৰাক-ইছলামী যুগৰ মক্কাৰ কুৰাইশ্ব সকলেও এই আশুৰাৰ দিনটোত ৰোজা পালন কৰিছিল। যিহেতু ইহুদীসকলেও কেৱল ১০ মহৰৰমৰ দিনা ৰোজা ৰাখিছিল, গতিকে তেওঁলোকৰ ধৰ্মীয় আচাৰৰ সৈতে যাতে মুছলমানৰ আমল মিলি নাযায় (অৰ্থাৎ স্বকীয়তা বজাই ৰাখিবলৈ), তাৰ বাবে ৰাছুলুল্লাহ (ছা.)-এ ১০ তাৰিখৰ সৈতে মিলাই তাৰ আগদিনা (৯ মহৰম) বা পিছদিনা (১১ মহৰম) আৰু এটা অতিৰিক্ত ৰোজা ৰখাৰ পৰামৰ্শ দিছিল।

আশ্বুৰাৰ দিনা ৰোজা ৰখাৰ পুণ্য বা ফজিলত অপৰিসীমঃ

ৰাছুলুল্লাহ (ছা.)-ক আশ্বুৰাৰ ৰোজাৰ ফজিলত সম্পৰ্কে সোধাত তেখেতে কৈছিল: "মই আশা কৰোঁ যে আশ্বুৰাৰ দিনাৰ ৰোজাই বান্দাৰ বিগত এক বছৰৰ সৰু সৰু গুনাহসমূহৰ (পাপৰ) কাফ্ফৰা বা ক্ষমা স্বৰূপ হ’ব।" [জামে আত-তিৰমিজী: ৭৫২]

পৱিত্ৰ মহৰম আৰু আশ্বুৰা শব্দটো উচ্চাৰিত হোৱাৰ লগে লগেই প্ৰতিজন মুছলমানৰ হৃদয় পটত ভাঁহি উঠে হিজৰী ৬১ চনৰ কাৰবালাৰ মৰ্মন্তুদ আৰু ঐতিহাসিক ঘটনা। সত্য, ন্যায় আৰু ইছলামৰ মহান আদৰ্শক জীয়াই ৰাখিবলৈ নবী-পৌত্ৰ হজৰত ইমাম হুছেইন (ৰা.) আৰু তেওঁৰ পবিত্ৰ পৰিয়ালবৰ্গই ফোৰাত নদীৰ পাৰত যি অপূৰ্ব আত্মত্যাগৰ নজিৰ সৃষ্টি কৰিলে, সি সমগ্ৰ বিশ্বৰ বাবে অন্যায় আৰু স্বৈৰাচাৰৰ বিৰুদ্ধে এক চিৰন্তন প্ৰেৰণাৰ উৎস।

কেৱল শোক প্ৰকাশ বা আনুষ্ঠানিকতাৰ মাজতে মহৰমৰ গুৰুত্ব সীমাবদ্ধ নহয়। ইয়াৰ প্ৰকৃত শিক্ষা হৈছে— আল্লাহৰ প্ৰতি নিঃচৰ্ত আনুগত্য প্ৰকাশ কৰা, অন্যায়ৰ আগত কেতিয়াও মূৰ দোঁৱাই নিদিয়া আৰু সত্যৰ পথত নিজক উৎসৰ্গা কৰা।

মহান আল্লাহ তাআলাই আমাক সকলোকে মহৰম মাহৰ পবিত্ৰতা আৰু ইছলামী ঐতিহ্যৰ গভীৰতা অনুধাৱন কৰাৰ তৌফিক দান কৰক। আমীন, ছুম্মা আমীন।

 

লেখক: মঃ জাহিৰ আলী, দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ সভ্যতা অধ্যয়ন বিভাগৰ স্নাতকোত্তৰ শিক্ষাৰ্থী।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter