যৌতুক: এক সামাজিক ব্যাধি আৰু আমাৰ কৰণীয়

মানৱ সমাজ বিভিন্ন ৰীতি-নীতি আৰু পৰম্পৰাৰ সমষ্টি। কিছুমান ৰীতি সমাজৰ উন্নতি, সুখ-সমৃদ্ধি আৰু স্থিতিশীলতাৰ কাৰণ হয়, আনহাতে কিছুমান ৰীতি ধীৰে ধীৰে এনে ৰূপ লয় যে সেয়া সমগ্ৰ সমাজৰ বাবে এক ভয়ংকৰ অভিশাপত পৰিণত হয়। ভাৰতীয় উপমহাদেশৰ মুছলিম সমাজত যৌতুক প্ৰথা এনে এটা মাৰাত্মক সামাজিক ব্যাধি, যিয়ে অগণন পৰিয়ালৰ সুখ-শান্তি বিনষ্ট কৰিছে, পিতৃ-মাতৃৰ কঁকাল ঋণৰ বোজাত নুই পেলাইছে আৰু বিবাহৰ দৰে পৱিত্ৰ ইছলামিক বন্ধনক এখন বাণিজ্যিক লেনদেনলৈ ৰূপান্তৰিত কৰিছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল, ইছলামৰ সৈতে কোনো সম্পৰ্ক নথকা এই প্ৰথাই আজিৰ সমাজত কিছুমান লোকৰ ওচৰত সন্মান আৰু সামাজিক মৰ্যাদাৰ মানদণ্ড হৈ পৰিছে।

যৌতুক বুলিলে সাধাৰণতে কইনাৰ পিতৃ-মাতৃয়ে বিয়াৰ সময়ত নিজৰ জীয়েকক দিয়া সামগ্ৰী বা সম্পত্তিক বুজায়। কিন্তু বৰ্তমান যুগত ইয়াৰ অৰ্থ সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। এতিয়া ই মৰম আৰু সহায়ৰ প্ৰতীক নহয়; বৰং এনে এক সামাজিক বাধ্যবাধকতাত পৰিণত হৈছে, যাৰ অবিহনে বহু ক্ষেত্ৰত বিবাহ সম্পন্ন নহয়। ক'ৰবাত নগদ ধনৰ দাবী কৰা হয়, ক'ৰবাত গাড়ীৰ দাবী উঠে, আন ক'ৰবাত মূল্যৱান আচবাবপত্ৰ আৰু বৈদ্যুতিক সঁজুলিৰ দীঘলীয়া তালিকা আগবঢ়োৱা হয়। বাহ্যিকভাৱে ইয়াক উপহাৰ বুলি কোৱা হ'লেও বাস্তৱত এইটো এটা ভয়ংকৰ চাপ, যাৰ তলত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহ পিষ্ট হৈ পৰে।

ইছলামে বিবাহক সহজ কৰাৰ শিক্ষা দিয়ে। পৱিত্ৰ কোৰআনত আল্লাহ তাআলাই ইৰশাদ কৰিছে: “আৰু তোমালোকৰ মাজৰ অবিবাহিত পুৰুষ-মহিলা আৰু তোমালোকৰ সৎকৰ্মশীল দাস-দাসীসকলৰ বিবাহ সম্পাদন কৰা। যদি তেওঁলোক অভাৱগ্ৰস্ত হয়, তেন্তে আল্লাহে নিজ অনুগ্ৰহত তেওঁলোকক অভাৱমুক্ত  কৰি দিব। অৱশ্যে আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ” (ছুৰা আন-নূৰ, আয়াত ৩২)

এই আয়াতত বিবাহক সহজ কৰাৰ প্ৰেৰণা দিয়া হৈছে। কিন্তু দুখৰ বিষয় যে আমি বিবাহক ইমান জটিল কৰি তুলিছোঁ যে হাজাৰ হাজাৰ ছোৱালী কেৱল যৌতুকৰ সমস্যাৰ বাবে বিবাহৰ উপযুক্ত বয়স পাৰ হোৱাৰ পিছতো ঘৰত বহি থাকিবলগীয়া হয়। এই পৰিস্থিতিয়ে সামাজিক অবক্ষয়ৰ জন্ম দিয়াৰ লগতে নৈতিক আৰু মানসিক সমস্যাৰো সৃষ্টি কৰে।

হজৰত মুহাম্মদ ﷺ-এ কৈছে: “সকলোতকৈ বেছি বৰকতময় বিবাহ সেইটো, য'ত খৰচ কম হয়।” এই হাদীছে স্পষ্টভাৱে বুজাই দিয়ে যে বৰকত কেতিয়াও অপচয়, চাকচিক্য বা অহংকাৰত নাথাকে; বৰঞ্চ সৰলতা আৰু আন্তৰিকতাতেই প্ৰকৃত বৰকত নিহিত থাকে। কিন্তু আমাৰ সমাজত বৰকতৰ স্থান দখল কৰিছে দেখুৱাবাজি, প্ৰতিযোগিতা আৰু সামাজিক প্ৰদৰ্শনে।

যৌতুক প্ৰথা বিস্তাৰৰ অন্যতম কাৰণ হৈছে সামাজিক দেখুৱাবাজি। বহু লোকে নিজৰ সামৰ্থ্যৰ বাহিৰত গৈ খৰচ কৰে, যাতে আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াৰ আগত নিজৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰিব পাৰে। এটা পৰিয়ালে এনে অপচয়মূলক কাম কৰিলে আন পৰিয়ালেও তাক অনুসৰণ কৰে। এইদৰে এটা ভুল প্ৰথাই সমগ্ৰ সমাজত শিপা গঢ়ি তোলে।

ভাৰতীয় মুছলিম সমাজত যৌতুকৰ ফলত বহু সামাজিক সমস্যাৰ সৃষ্টি হৈছে। দৰিদ্ৰ পিতৃ-মাতৃয়ে জীয়েকৰ বিয়াৰ বাবে ঋণ ল'বলৈ বাধ্য হয়। বহু পৰিয়ালে নিজৰ মাটি, ঘৰ বা গহনা বিক্ৰী কৰে। বছৰ বছৰ ধৰি সঞ্চয় কৰা ধন কেৱল এদিনৰ অনুষ্ঠানৰ বাবে ব্যয় হৈ যায়। ইয়াৰ পিছতো যদি দাবী পূৰণ নহয়, তেন্তে কইনাক অপমান, তিৰস্কাৰ আৰু কেতিয়াবা মানসিক বা শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ'ব লগা হয়। এই আচৰণ ইছলামৰ শিক্ষা আৰু মানৱীয় মূল্যবোধৰ সম্পূৰ্ণ বিপৰীত।

আৰু অধিক দুৰ্ভাগ্যজনক বিষয় হ'ল, বহু শিক্ষিত আৰু আধুনিক বুলি পৰিচিত যুৱকেও যৌতুকক নিজৰ অধিকাৰ বুলি গণ্য কৰে। তেওঁলোকে পাহৰি যায় যে ইছলামে পুৰুষক লোৱা ব্যক্তি নহয়, দিয়াৰ ব্যক্তি হিচাপে গঢ়ি তুলিছে। শ্বৰীয়তে মহিলাৰ ওপৰত মোহৰ আৰোপ কৰা নাই; বৰঞ্চ পুৰুষৰ ওপৰত মোহৰ আদায় কৰাটো বাধ্যতামূলক কৰিছে। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে ইছলামৰ দৃষ্টিত আৰ্থিক দায়িত্ব পুৰুষৰ ওপৰত, মহিলাৰ পৰিয়ালৰ ওপৰত নহয়।

ইমাম আহমদ ৰেজা খান ৰহমতুল্লাহি আলাইহেও বিভিন্ন সময়ত এনে অপ্ৰয়োজনীয় সামাজিক প্ৰথাৰ সমালোচনা কৰিছে আৰু মুছলিমসকলক সুন্নতৰ অনুসৰণে সৰল বিবাহ কৰাৰ আহ্বান জনাইছে। ইছলামিক পণ্ডিতসকলে সদায় বিবাহ সহজ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।

এতিয়া প্ৰশ্ন হ'ল—এই সামাজিক ব্যাধিৰ সমাধান কি?

সৰ্বপ্ৰথম দায়িত্ব যুৱ সমাজৰ। যদি যুৱকসকলে স্পষ্টভাৱে ঘোষণা কৰে যে তেওঁলোকে যৌতুক গ্ৰহণ নকৰিব, তেন্তে সমস্যাটোৰ এটা বৃহৎ অংশ নিজে নিজেই সমাধান হ'ব পাৰে। সমাজৰ পৰিবৰ্তন সদায় যুৱ প্ৰজন্মৰ পৰাই আৰম্ভ হয়। যি যুৱকে নিজৰ শিক্ষা, সততা আৰু চৰিত্ৰৰ ওপৰত গৌৰৱ কৰে, তেওঁ কেতিয়াও সামান্য ভৌতিক সামগ্ৰীৰ বাবে নিজৰ আত্মসন্মান বিসৰ্জন দিব নালাগে।

দ্বিতীয় দায়িত্ব পিতৃ-মাতৃৰ। তেওঁলোকে নিজৰ পুত্ৰসকলক এনে শিক্ষাৰে ডাঙৰ কৰিব লাগে যাতে তেওঁলোকে যৌতুকক অধিকাৰ নহয়, সামাজিক অপশক্তি বুলি বিবেচনা কৰে। আনহাতে, জীয়েকৰ পিতৃ-মাতৃয়েও অপ্রয়োজনীয় প্ৰতিযোগিতা আৰু দেখুৱাবাজিৰ পৰা আঁতৰি থাকিব লাগে। যদি নিজৰ ইচ্ছাৰে কিছুমান প্ৰয়োজনীয় সামগ্ৰী জীয়েকক দিব বিচাৰে, সেয়া তেওঁলোকৰ ব্যক্তিগত বিষয়; কিন্তু ইয়াক সামাজিক বাধ্যবাধকতা বা সন্মানৰ মানদণ্ড বনোৱা উচিত নহয়।

তৃতীয় দায়িত্ব আলেম-ওলামা, ইমাম আৰু ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ। মছজিদৰ খুতবা, ধৰ্মীয় সভা আৰু সংস্কাৰমূলক কাৰ্যসূচীত যৌতুক সমস্যাক নিয়মীয়াকৈ আলোচনা কৰা উচিত। যেতিয়ালৈকে জনসচেতনতা বৃদ্ধি নহয়, তেতিয়ালৈকে এই প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো কঠিন।

চতুৰ্থ দায়িত্ব সামাজিক সংগঠন আৰু শিক্ষানুষ্ঠানসমূহৰ। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত যুৱক-যুৱতীসকলক এই শিক্ষা দিব লাগে যে মানুহৰ সন্মান তেওঁৰ চৰিত্ৰ, জ্ঞান আৰু তাক্বৱাত নিহিত থাকে; যৌতুকৰ সামগ্ৰীত নহয়। যৌতুকবিহীন বিবাহ কৰা পৰিয়ালসমূহক সমাজত বিশেষভাৱে উৎসাহিত আৰু সন্মানিত কৰা উচিত।

প্ৰকৃততে যৌতুক কেৱল এটা সামাজিক প্ৰথা নহয়; এয়া হৈছে মানসিক ব্যাধি। যেতিয়ালৈকে মানুহৰ চিন্তাধাৰাৰ পৰিবৰ্তন নহয়, তেতিয়ালৈকে কেৱল আইন বা শ্লোগানে স্থায়ী সমাধান আনিব নোৱাৰে। সেয়ে এই সংস্কাৰ নিজৰ ঘৰ আৰু পৰিয়ালৰ পৰাই আৰম্ভ কৰা প্ৰয়োজন। যদি প্ৰতিজন মুছলিমে সংকল্প লয় যে তেওঁ কেতিয়াও যৌতুক নলয়, যৌতুকৰ দাবী নকৰে আৰু এই প্ৰথাক উৎসাহ নিদিয়ে, তেন্তে ভৱিষ্যৎ প্ৰজন্ম এই অভিশাপৰ পৰা মুক্ত হ'ব পাৰিব।

আজিৰ সময়ৰ দাবী হ'ল—আমি ইছলামৰ প্ৰকৃত শিক্ষালৈ উভতি যাওঁ, বিবাহ সহজ কৰোঁ, সৰলতা অৱলম্বন কৰোঁ আৰু যৌতুকৰ দৰে অমানৱীয় প্ৰথাক চিৰদিনৰ বাবে সমাধিস্থ কৰোঁ। এয়াই ধৰ্মীয় সচেতনতা, এয়াই সামাজিক সংস্কাৰৰ পথ আৰু এয়াই আমাৰ জীয়েকসকলৰ উজ্জ্বল ভৱিষ্যৎ সুৰক্ষিত কৰাৰ একমাত্ৰ উপায়।

কবিৰ ভাষাত-

অসৎ ৰীতি-নীতি মচি পেলাব লাগিব,
প্ৰতিটো ঘৰ চুন্নতৰ পোহৰে সজাব লাগিব।

যদি আমি আজি এই সমস্যাৰ সমাধানৰ বাবে আন্তৰিক প্ৰচেষ্টা নকৰোঁ, তেন্তে আগন্তুক প্ৰজন্মও এই বোজাৰ তলত হাহাকাৰ কৰি থাকিব। কিন্তু যদি আমি সাহস, দূৰদৰ্শিতা আৰু আন্তৰিকতাৰে পদক্ষেপ লওঁ, তেন্তে নিশ্চয় এনে এখন সমাজ গঢ়ি তুলিব পাৰিম য'ত বিবাহ হ'ব সুখ, মৰম আৰু ৰহমতৰ বাৰ্তা; দাবী, লেনদেন আৰু বাণিজ্যৰ ক্ষেত্ৰ নহয়।

 

অনুবাদকঃ আশ্ৰাফুল ফাৰুকী।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter