হাজৰ আল-আছৱাদ (কলা পাথৰ)
আৰম্ভনী
হাজৰ আল-আছৱাদ (কলা পাথৰ) এনেকুৱা এটা পাথৰ যাক জান্নাতৰ পৰা লৈ অনা হৈছিল। যাক আৰবী ভাষাত হজৰ আল - আছৱাদ বুলি কোৱা হয়। ইয়াৰ অৰ্থ- হজৰ মানে হ'ল পাথৰ আৰু আছৱাদ মানে হ'ল কলা)। ই ক্বা’বাৰ পূব-পূব দিশৰ কোণত স্থাপন কৰা হৈছে, যাক "আল-ৰুকন আল-আছৱাদ" (ক'লা কোণ) বুলিও কোৱা হয়।। হাজৰ আল-আছৱাদত কিয়ামতৰ দিনত চকু আৰু জিভা থাকিব, আৰু ই তাক চুমা খোৱা লোকৰ পক্ষত সাক্ষ্য দিব। নবী মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) হাজৰ আল-আছৱাদক চুমা খাইছিল; সেয়ে হজ্জ বা উমৰাহৰ সময়ত তাক চুমা খোৱা বা স্পৰ্শ কৰা ছুন্নত আমল বুলি গণ্য কৰা হয়। ইয়াৰ বিষেক গুণ এইটো হ’ল যে যিয়ে এইটোক চুম্বন কৰিব তাৰ পূৰ্বৱৰ্তী সকলো পাপ মাফ কৰা হব।
ইয়াৰ ইতিহাস আৰু উৎপত্তি
ইছলামিক আক্কীদা হিচাপে এই পাথৰ জান্নাতৰ পৰা পৃথিৱীত লৈ অনা হৈছিল। হাদিছত আহিছে যে : এই পাথৰখন দুধতকৈও বগা আছিল, কিন্তু মানুহৰ পাপ শুনি শুনি ইয়াৰ বৰণ বৰ্তমান কলা হৈ গৈছে। এই পাথৰখন নবী হজৰত ইব্ৰাহিম (আলাইহিছ ছালাম) আৰু তেওঁৰ পুত্ৰ ইছমাইল (আলাইহিছ ছালাম) এ ক্বা’বা ঘৰৰ নিৰ্মাণৰ সময়ত স্থাপন কৰিছিল বুলি বিশ্বাস কৰা হয় ।
ইয়াৰ আকাৰ গঠন
এই পাথৰৰ আঠটা (৮) সৰু সুৰা টুকুৰা আছে। যিবিলাকক এটা বৃহৎ ডাঙৰ শিলৰ ওপৰত ৰাখি এটা ৰূপালী ফ্ৰেমৰে আবৃত কৰি ৰখা হৈছে। এই ফ্ৰেমটো প্ৰথমে আব্দুল্লাহ ইবন জুবাইৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।
ইতিহাসৰ ঘটনাবলী
৬৮৩ খ্ৰীষ্টাব্দত মক্কাত হোৱা উমাইয়া খলিফাৰ আক্ৰমণত হাজৰ আল-আছৱাদ ক্ষতিগ্রস্ত হয়। ৯৩০ খ্ৰীষ্টাব্দত কাৰমাতীয়ানছ নামৰ এটা ইছমাঈলী শ্বিয়া গোটে পাথৰখন চুৰি কৰি বেহৰেইনত লৈ যায়, আৰু ২৩ বছৰৰ পাছত ৯৫২ খ্ৰীষ্টাব্দত ই পুণৰ ক্বা’বাত স্থাপন কৰা হয়।
ইয়াৰ বিষয়ে এটা হাদিছ
হাদীছৰ গ্ৰন্থ - জামিউ তিৰমিযি পৰা হাজৰ আল-আছৱাদৰ বিষয়ে এটা হাদীছ উল্লেখ কৰা হ'লঃ
حدثنا قتيبة، حدثنا يزيد بن زريع، عن رجاء ابي يحيى، قال: سمعت مسافعا الحاجب، قال: سمعت عبد الله بن عمرو، يقول: سمعت رسول الله صلى الله عليه وسلم، يقول: " إن الركن، والمقام ياقوتتان من ياقوت الجنة، طمس الله نورهما، ولو لم يطمس نورهما لاضاءتا ما بين المشرق والمغرب ". قال ابو عيسى: هذا يروى عن عبد الله بن عمرو موقوفا قوله، وفيه عن انس ايضا، وهو حديث غريب
অৰ্থাৎ- আবতুল্লহ ইবনে আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছ- মই ৰছূলুল্লাহ ﷺক কৈ থাকতে শুনিছিলোঁ যেঃ “ৰুকন (হাজৰ আল-আছৱাদ) আৰু মাকামে ইব্ৰাহিম (আলাইহিছ ছালাম) স্বৰ্গৰ মাণিক্যৰ পৰা দুখন মাণিক্য (জ্বহৰ)। আল্লাহ তেওঁলোকৰ পোহৰ গোপন কৰিছে। যদি পোহৰ গোপন নকৰা হ’লহেঁতেন, তেন্তে সেই দুয়োটা পাথৰে পূব আৰু পশ্চিমৰ মাজৰ সকলো ঠাই পোহৰাই পেলাব।” (জামিঈ তিৰমিযি - হাদীছ নম্বৰঃ ৮৭৮)
উপসংহাৰ
হাজৰ আল-আছৱাদ কেৱল এখন পাথৰ নহয়; ই বিশ্বাস, ঐতিহ্য আৰু নবীৰ স্মৃতিৰ এটা জ্যান্ত নিদর্শন। ইছলামৰ ইতিহাসত ইয়াৰ অৱদান অমূল্য। যিবোৰ মুছলমান হজ বা উমৰাৰ সুযোগ পায়, তেওঁলোকৰ বাবে এই পাথৰখনত চুমা দিয়া বা তাক স্পৰ্শ কৰাটো এক ভাগ্যজনক কাম। আমি দুআ কৰো যে আল্লাহই যেন আমাক এই অমুল্য পাথৰক চুম্বন কৰিবৰ সুযোগ দিয়ে - আমীন।