জুম্মাৰ দিনৰ গুণসমূহঃ কোৰআন, হাদীছ আৰু ইমামসকলৰ বক্তব্যৰ পোহৰত।
আল্লাহ ৰাব্বুল ইজ্জতৰ আমাৰ ওপৰত ডাঙৰ এহছান অৰ্থাৎ বৃহৎ অনুগ্ৰহ আছে যে তেওঁ আমাক তেওঁৰ প্ৰিয় হাবীব আৰু আমাৰ সকলৰ আকা আৰু মৌলা জনাব আহমদ মুজতবা মোহাম্মদ মুছতফা চাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ উম্মাহ - উম্মতে মোহাম্মদীয়া-ত জন্ম দিছে। আৰু বিভিন্ন ধৰণৰ নিয়ামত ও সুবিধাৰে আশীৰ্বাদ প্ৰদান কৰিছে। আৰু আমি কিমান যে সুখী আৰু ভাগ্যবান হৈছো যে বিশ্ব সমূহৰ প্ৰতিপালক আল্লাহ ৰব্বুল ইজ্জতে মৰমৰ হাবিব হুযূৰ ছল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কৃপাত আৰু দান-বৰঙণিত আমালোকক জুম্মা মোবাৰকৰ শুভাশীষ প্ৰদান কৰিছে। আৰু আমাক এই বাৰ্তা দিলে যে যিজনে সঠিক পথত চলি থাকিব নিশ্চয়ই তেওঁ জান্নাতৰ অধিকাৰী।
কিন্তু বৰ দুখৰ বিষয় যে আজিকালি আমি সকলোৱে এই আধুনিক ও মডাৰ্ন যুগত অবহেলা কৰি জুম্মা মোবাৰকৰ দিনটোও স্বাভাৱিক দিনৰ নিচিনা কটাওঁ। কিন্তু অৱশ্যে এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো মুমিন আৰু মুছলমানৰ বাবে জুমাৰ দিনটো হ'ল ঈদৰ দিন। শুক্রবাৰ বা জুমাৰ দিনটো হ'ল সপ্তাহৰ গোটেই দিনবোৰৰ চৰদাৰ ও মুখ্য। এয়াক আৰবী ভাষাত ছয়্যীদুল আয়্য়াম ৰ নামত বিখ্যাত যাৰ অৰ্থ হৈছে দিনবোৰৰ মুখ্য। জুমুআৰ নিশাত জাহান্নামৰ সকলো দৰজা বন্ধ কৰি দিয়া হয়। এই দিনত জাহান্নামৰ অগ্নি (জুই) জ্বলোৱা নহয়।
কিয়ামাতৰ দিনা জুমুৱাক কইনাৰ নিচিনা কৰি উঠাই যোৱা হব। জুম্মাৰ দিনা মৃত্যু হোৱা ব্যক্তি অতি ভাগ্যৱান হয় কিয়নো সেই ব্যক্তি এই দিনত মৃত্যুবৰণ কৰাৰ কাৰণে এজন শ্বহীদ ব্যক্তিৰ মৰ্যাদা পায়। আৰু কবৰৰ আজাবৰ পৰা বাচি যায়। বিখ্যাত মুফাস্ছিৰ হাকীমুল উম্মাত হযৰত মুফতি আহমাদ য়্যাৰ খান নাঈমী (ৰহমাতুল্লাহি আলাইহি) ৰ মতে যদি জুম্মাৰ দিন হজ হয় তেনেহ'লে সেইটোৰ চোৱাব সত্তৰটা হজৰ সমতুল্য। জুমুআৰ দিনত এটা নেকি কৰাৰ ছোৱাব সত্তৰগুণ হয়। আৰু এটা পাপ কৰিলেও সত্তৰগুণ বেছি আজাব অৰ্থাৎ শাস্তি পায়। তাৰ মানে যেনে এজনে ভাল কাম কৰিলে তাৰ পুৰস্কাৰ চোৱাব সত্তৰগুণ বেছি পাব তেনেই ভুল, দোষক্ৰটি কৰিলেও তাৰ বিপৰীতত প্ৰায়শ্চিত্ত হিচাপে সত্তৰগুণ বেছি শাস্তি পাব।
জুমুআৰ দিনৰ গুণ ও ফজিলতৰ বিষয়ে মোৰ কি ক্ষমতা যে মই ইয়াৰ বিষয় কিছু পোহৰ এৰিম স্বয়ং মহান আল্লাহ তাআলাই ছুৰাতুল জুমুআৰ নামত এটা সমপূৰ্ণ ছুৰাই অৱতীৰ্ণ কৰিছে।যিটো কোৰআনৰ অষ্টবিংশ পাৰা বা খণ্ডত জিলিকি আছে আৰু ইয়াৰ উপস্থিতিৰ প্ৰমাণ দি আছে। আহক এতিয়া আমি সকলোৱে কোৰআন, হাদীছ আৰু ইমামসকলৰ বক্তব্যৰ পোহৰত জুমুআৰ গুণসমূহ বুজিবলৈ চেষ্টা কৰোঁ।
মহাজগতৰ সৃষ্টিকৰ্তা আল্লাহ তাআলা পবিত্ৰ কোৰআনত কৈছে -হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া নমাজৰ বাবে আজান দিয়া হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা ত্যাগ কৰি দিয়া। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা। ৬২:৯ (পাৰা ৩০, ছুৰাতুল জুমুআ, আয়াত ৯)
এই আয়াতৰ দ্বাৰা জুম্মাৰ নামাজৰ আহকাম বয়ান কৰা হৈ আছে। ইয়াত এই আয়াতৰ উপলক্ষে তিনিটা কথা মন কৰি আহকঃ
প্ৰথম: এই আয়াতত যি আজানৰ কথা উল্লেখ কৰা হৈছে সেইটো হ'ল জুমাৰ প্ৰথম আজান। ইয়াৰ অৰ্থ দ্বিতীয় আজান নহয় যিটো খোতবাৰ আগত দিয়া। যদিহে জুম্মাৰ নামাজৰ প্ৰথম আজান হযৰত উছমান ৰাদিয়াল্লাহু আনহুৰ সময়চোৱাত আৰম্ভ কৰা হৈছে কিন্তু নামাজৰ কাৰণে প্ৰস্তুতি বাধ্যতামূলক হোয়া আৰু বেচা-কিনা এৰি দিয়াটোৰ সম্পৰ্ক এইটোৰ লগতে জড়িত হয়।
দ্বিতীয়: ইয়াত দৌৰৰ মানে সোনকালে দৌৰি যোৱা নহয়। বৰঞ্চ ইয়াৰ উদ্দেশ্য হ'ল এয়া হয় যে জুমাৰ নামাজৰ বাবে তৈৰী আৰম্ভ কৰা। আৰু জিকৰুল্লাহৰ অৰ্থ হৈছে (বেচিভাগ উলামা সকলৰ মতে) খোতবা।
তৃতীয়: এই আয়াতটোৰ পৰা জুমুআৰ নামাজৰ ফৰজত্ব অৰ্থাৎ বাধ্যতামূলক হোয়া, জুমুআৰ সময়ে বেচা-কিনা আদি দুনিয়াৱী কাম হাৰাম অৰ্থাৎ অবৈধ হোৱা। আৰু ছায়ী কৰা অৰ্থাৎ নামাজৰ বাবে ব্যৱস্থা কৰাৰ বাধ্যতা প্ৰমাণ হয়। লগতে খোতবাটোৱেও প্ৰমাণ হ'ল।
(তাফছীৰ খাজাইনুল ইৰফান: ছুৰাতুল জুমুআৰ ব্যাখ্যা আয়াত-৯, পৃষ্ঠা ১০২৫/ চীৰাতুল জিনান ফি তাফছীৰিল কুৰআন খণ্ড ১০, পৃষ্ঠা ১৫২)
আমি জুমুআৰ ফজিলত অৰ্থাৎ গুণসমূহ আৰু জুমুআৰ নামাজৰ ফৰজত্ব অৰ্থাৎ বাধ্যবাধকতাৰ বিষয়ে পবিত্র কোৰআনৰ মোবাৰক আয়াতৰ দ্বাৰা বহুকিছু শিকিলো আৰু বুজিলো। এতিয়া আহক আমি আহাদীছে নবাৱীয়া আৰু ইমাম ও উলামায়ে ইছলামৰ বক্তব্যৰ পোহৰত স্পষ্টভাৱে জুমুআ মুবাৰকৰ ফজিলতবোৰ বুজিবলৈ চেষ্টা কৰোঁ:
হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰা হৈছে যে হুযূৰ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে যে আটাইতকৈ উত্তম দিন যিটোত সূৰ্যদোয় হয় সেয়া হৈছে জুমুআৰ দিন। এই দিনতেই হযৰত আদম আলাইহিছ ছালাম সৃষ্টি হৈছে। তেওঁ এই দিনত জান্নাতত সোমোৱায় আৰু এই দিনতেই তাৰ পৰা ওলায়৷ আৰু কিয়ামতো জুমুআৰ দিনত অনুষ্ঠিত হব। (মুছলিম শ্বৰীফ, কিতাবুল জুমুআ, বাবু ফাজ্লে ইয়াওমুল জুমুআ, পৃষ্ঠা ৪৩৫)। উল্লেখ্যযোগ্য যে এই হাদীছৰ উপলক্ষে হাকীমুল উম্মাত মুফতী আহমাদ য়াৰ খান নাঈমী ৰকম তাৰাযি কৰিছে (লিখিছে) যে: "আগৰ যুগত বহু ডাঙৰ ডাঙৰ ঘটনাসমূহ এই দিনতেই ঘটিছিল। অহা সময়ত অতিৰিক্ত গুৰত্ব ঘটনা কিয়ামতো এই জুমুআৰ দিনতেই ঘটিব। সেয়ে এই দিনটো বৰ মৰ্যাদা পূৰ্ণ। মনত ৰাখিব যে হযৰত আদম আলাইহিছ ছালামে জান্নাতত প্ৰৱেশ কৰাটোও আল্লাহৰ ৰহমত কিয়নো তাত শিকিবলৈ গৈছিল আৰু ইয়াত অৰ্থাৎ দুনিয়াত শিক্ষা দিবলৈ আৰু খিলাফতী কৰিবলৈ আহিছিল। গতিকে ইয়াৰ পৰা জানিব পাৰা হ'ল যে যিটো দিনত দ্বীনি গুৰত্বপূর্ণ ঘটনা ঘটিছে, সেই দিনটো কিয়ামতলৈকে উত্তম হৈ যায়। আৰু এই দিনত সুখ উদযাপন কৰা আৰু ইবাদত কৰা অতি পছন্দনীয় আৰু সুন্দৰ হয়।
হজৰত আবু হুৰাইৰাৰ পৰা এটা হাদীছত বৰ্ণনা আছে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "জুমুআৰ দিনত এনে এটা দণ্ড আছে, য'ত মুমিন এজনে যদি বিচাৰি পায়, আৰু তেওঁ আল্লাহৰ পৰা ভাল কিবা সুধিব পাৰে আল্লাহে তেওঁক অবশ্যই সেইটো দিয়ে।" (মিৰআত আল-মনাজিহ শ্বাৰহ মিশ্বকাত আল-মাছাবিহ, খণ্ড ২, পৃষ্ঠা ৩১১)। ইমাম মুছলিমে তেওঁৰ ৰিৱায়াতত আৰু কয় যে ই এটা সংক্ষিপ্ত (অল্প) সময়।
বেলেগ এটা হাদীছত বৰ্ণনা কৰা হৈছে যে আল্লাহৰ প্ৰিয় ৰাছুল চাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে যে জুম্মাৰ দিনত এটা সময় আছে যদি কোনো মুছলমান ব্যক্তি সেই সময়টো পাই তেওঁ থিয় হৈ নামাজ আদায় কৰে, আল্লাহৰ পৰা ভাল এটা কিবা সোধে তেন্তে আল্লাহ পাক তেওঁক সেইটো নিশ্চয়ই দিয়ে। (ইমাম বুখাৰী আৰু ইমাম মুছলিম ৰিৱায়াত -বৰ্ণনা- কৰিছে৷)
এই হাদীছ উপলক্ষে হাকীমুল উম্মাত মুফতী মাওলানা আহমাদ য়াৰ খান নাঈমী লিখিছে যে "জুমুআৰ সেই সময়টো দুআ গ্রহণযোগ্য হোৱাৰ দণ্ড। প্ৰতিদিন ৰাতি এই সময়টো আহে কিন্তু দিনৰ সময়চোৱাত মাত্র জুমুআৰ দিনত। নিশ্চিতভাৱে অজনা যে সেই সঠিক সময়টি কেতিয়া হয়। বেছি সম্ভৱ হৈছে দুটি খোতবাৰ মাজত নতুবা মাগৰিবৰ কিছু সময়ৰ আগলৈকে। (মিৰআতুল মানাজীহ, খণ্ড ২, পৃষ্ঠা ৩১১)
ওপৰত উল্লেখ কৰা ইমাম বুখাৰীৰ হাদিছৰ পৰা এয়া জনা যায় যে এই দিনত অকল মুছলমানৰ দুআহে গ্ৰহণযোগ্য হয়। কাফিৰৰ নহয়৷ কাফিৰৰ কোনো দোআই কবুল নহয়। এজন ধৰ্মপৰায়ণ নামাজ আদায় কৰা গৰাকীৰ দোআ কবুল হয়। ফাছিক আল্লাহৰ আদেশ অবাধ্য কৰা জনৰো দোআ গ্ৰহন নহয়।
হজৰত আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ কৰ্তৃত্বত বর্ণিত হৈছে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “জুমুআৰ ৰাতিটো হ'ল উজ্জ্বল ৰাতি আৰু জুমুআৰ দিনটো উজ্জ্বল দিন।” (মিৰআত আল-মানাজিহ, খণ্ড ২, পৃষ্ঠা ৩১২)। চুফীসকলে কৈছে যে এই জুম্মাৰ নিশাতো বহু ইবাদত কৰা আৰু দিনৰ ভাগতো কাৰণ এই দিনটো আল্লাহৰ ওচৰত অতি প্ৰিয় আৰু সেইবাবেই এই দিনটোক ছায়িদ আল-আয়্যাম (দিনবোৰৰ চৰদাৰ) বুলি কোৱা হয়।
হুযুৰ চ্বদৰুস্শ্বৰী'আহ আল্লামা আমজাদ আলী আজমী তেখেতৰ গ্ৰন্থ "বাহাৰে শ্বৰী'আত"ত লিখিছে যে জুম্মাৰ দিনত ছুৰাতুল কাহ্ফ পাঠ কৰাটো আফজাল (উত্তম)। আৰু ইয়াৰ বেছি মহত্ব নিশাত পঢ়াৰ।" তাৰ পিছত তেখেতে লিখে যে বাইহাকীৰ গ্ৰন্থত শুদ্ধ ছনদৰ জৰিয়তে হযৰত আবু ছাঈদ খুদৰী ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰা হৈছে যে তেওঁ কয় যে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ওৱাসাল্লামে কৈছে যে: যি ব্যক্তি ছূৰা কাহফ জুমুআৰ দিনত পঢ়ে তেওঁৰ বাবে দুই জুমুআৰ মাজত পোহৰ আলকিত হয়। (বাহাৰ-ই-শ্বৰী'আত, খণ্ড ১, চতুর্থ ভাগ, পৃষ্ঠা ৭৭৬)। লগতে আন ঠাইত চদৰ আল-আফাজিল হযৰত আল্লামা মাওলানা চৈয়্যিদ মুহম্মদ নাঈমুদ্দিন মুৰাদাবাদী ৰহমাতুল্লাহি আলাইহি কয় যে "হুযূৰ চাল্লাল্লাহু আলাইহি ওৱাছাল্লাম যেতিয়া হিজৰত (প্ৰৱজন) কৰি মদিনালৈ আগমনলৈ আহিলে তেখেতে ১২ ৰবিউল আওৱাল -হিজৰী তৃতীয় মাহ- (৬২২ খ্ৰীষ্টাব্দ)ত সোমবাৰৰ চাশ্ব্তৰ সময়ত কুবা নামৰ ঠাইত কিছুদিনৰ ভাৱে থাকিছিল। তেখেতে ইয়াত সোম, মঙল, বুধব আৰু বৃহস্পতি বাৰবোৰত থাকি তাত এটা মছজিদৰ বুনিয়াদ ৰাখিছিল। জুমুআৰ দিনা মদিনা শৰীফলৈ আগবাঢ়ি যায়। বানী ছালিম বিন আওফৰ বাতন উপত্যকাত জুমুআৰ সময় কাষলৈ আহিছিল তাতে মানুহে এটা মছজিদ বনায়। নবী চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে তাত নামাজ আদায় কৰে আৰু খোতবা দিয়ে। (খাজাইনুল ইৰফান, পৃষ্ঠা ৮৮৪)।
ৰিৱায়াত আছে যে হযৰত আবু বুৰদাহ ইবনে আবু মূছাৰ পৰা যে তেওঁ কৈছে যে মই মোৰ দেউতাক কৈ থকা অৱস্থাত শুনিছো যে মই ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক জুমাৰ দিনৰ (ছাআত-দোৱা কবুল হোৱা দণ্ড)ৰ বিষয়ে কোৱাটো শুনিছো যে সেইটো ইমাম (মিমবাৰত) বহাৰ পৰা নামাজ আদায় কৰাৰ মাজত আছে। (মিৰআতুল মানাজীহ- ২য় খণ্ড, ৩১১ পৃষ্ঠা)। এই হাদীছৰ পৰা আমি বুজিব পাৰোঁ যে ইমাম মিমবাৰত খোতবাৰ বাবে বহা সময়ৰ পৰা জুম্মাৰ নামাজৰ শেষলৈকে দোয়া কবুল হোৱাৰ সময়। আৰু এইটো হ'ল নামাজৰ প্ৰস্তুতিৰ সময়। আৰু এই সময়ত দোৱাটো মনে মনে কৰিব লাগে কিয়নো এই সময়ত মুখে মুখে উচ্চাৰণ কৰি কথা বলা নিষেধ।
হজৰত আব্দুল্লাহ বিন উমৰৰ কৰ্তৃত্বত বর্ণিত হৈছে, তেওঁ কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, “জুম্মাৰ দিন বা নিশাত যদি কোনো মুছলমানৰ মৃত্যু হয় তেন্তে আল্লাহ পাক তেওঁক কবৰৰ শাস্তিৰ পৰা ৰক্ষা কৰে।" (মিৰআত আল-মানাজিহ, খণ্ড ২, পৃষ্ঠা ৩২০)। এই হাদীছ অনুযায়ী হাকীমুল উম্মাত মুফতী মাওলানা আহমেদ ইয়াৰ খান নাঈমী কৈছে যে- জুমুআৰ ৰাতিত নাইবা জুমুআৰ দিনত মৃত্যুবৰণ কৰা মুমিন ব্যক্তিৰ কবৰৰ হিচাব কিতাব নহয়। লগতে কবৰৰ আজাব নহয়। কিয়নো এই দিনৰ মৃত্যু শ্বাহাদতৰ মৃত্যু বুলি গণ্য কৰা হয়। শ্বহীদৰ হিচাব আৰু শাস্তি নহয়। আৰু আমি আগতে কৈছো যে আঠজন ব্যক্তিৰ কবৰৰ হিচাপ নহয়। তাৰ মাজৰ এজন এইজন। (মিৰআত আল-মানাজিহ, খণ্ড ২, পৃষ্ঠা ৩১২)।
আমাৰ নেতা আৰু চৰ্দাৰ ইমাম আলা হযৰত মুজাদ্দিদে দ্বীন ৱা মিল্লাত হামিয়ে আহলে ছুন্নত কাতিয়ে বিদআত ৱা জ্বলালত ৱা চাহিবে কানজুল কাৰামত শাহ মুফতি আহমদ ৰাজা খান ফাজিল বাৰেলৱী , আল্লাহৰ ৰহমত তাৰ ওপৰত হওক, এই দিনৰ ৰোজাৰ বিষয়ে কিমান যে ধুনীয়াকৈ লিখিছে: যদি জুমুআৰ দিনৰ ৰোজা লগতে বৃহস্পতিবাৰ নাইবা শনিবাৰৰ ৰোজাও ৰখা হয় তেনেহ'লে এয়া দহ হাজাৰ বছৰৰ ৰোজাৰ সমতুল্য। ফাতাৱা ৰাজৱীয়া, খণ্ড ১০ পৃষ্ঠা ৬৫২)।
অবশেষে মই তিনিটা হাদীছ পেছ কৰি জুমুআৰ ফজিলতক উজ্জ্বল কৰিবলৈ বিচাৰোঁ--
প্ৰথম: হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৰ পৰা ৰিৱায়াত কৰা হৈছে যে হুযূৰ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে: যিজনে ভালকৈ অজু কৰিছে৷ অতঃপৰ জুমুআৰ নামাজ আদায় কৰিবলৈ আহিছে। আৰু খোতবা শুনিছে। আৰু চুপচাপ থাকিছে এই কাৰণে যে তেওঁৰ মাগফিৰাত হব। আৰু যিজনে সৰু পাথৰ ধৰিছে তেওঁ ধেমালি কৰিছে। অৰ্থাৎ খোতবা শুনি থকাৰ সময়ত এইটো কামো ধেমালি হব যে যদি এটা সৰু পাথৰ পৰি আছে সেইটোক উঠাই লোৱা। (চহীহ মুছলিম শ্বৰীফ। পৃষ্ঠা ৪২৭)
দ্বিতীয়: ইমাম ইবনে মাজাহৰ ৰিৱায়াতত আছে যে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম কৈ আছে: জুমুআৰ দিনা মোৰ ওপৰত বেছিকৈ দৰূদ শ্বৰীফ পাঠ কৰা কিয়নো এই দিনটো হ'ল হাজিৰীৰ দিন ফিৰিস্তা সকল এই দিনত হাজিৰি দিয়ে। আৰু যিজনে মোৰ ওপৰত দৰূদ পঢ়িব তাৰ দৰূদ মোৰ কাষত পেছ কৰা হব। হাদীছৰ ৰিৱায়াতকাৰী চাহাবীয়ে জিজ্ঞাসা কৰিলে: আৰু মৃত্যুৰ পাছত হুযূৰে ক'লে: মৃত্যুৰ পাছতো। নিঃসন্দেহে আল্লাহ পাকে জমীনক হাৰাম কৰিছে নবীগণৰ শৰীৰ বা দেহ মোবাৰকক খোৱাৰ পৰা। আল্লাহৰ নবী কবৰৰ ভিতৰত জীৱিত থাকে তেওঁলোকক ৰুজি দিয়া হয়। (ছুনানে ইবনে মাজাহ, খণ্ড ২, পৃষ্ঠা ২৯১)
তৃতীয়: ইমাম ত্ববৰানীয়ে ৰিৱায়াত কৰিছে হযৰত আবু মালিক আশ্বআৰী ৰাদিয়াল্লাহু আনহুৰ পৰা যে হুযূৰ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম কৈ আছে: "জুমা সেইবোৰ পাপৰ কাফ্ফাৰা যিবোৰ এই জুমুয়া আৰু ইয়াৰ পিছৰ জুমুআৰ মাজত ঘটে।" (আল-মু'জামুল কবীৰ, খণ্ড ৩, পৃষ্ঠা ২৯৮) মনত ৰাখিব ইয়াত কাফ্ফাৰাৰ অৰ্থ হ'ল প্ৰায়শ্চিত্ত আৰু ক্ষতিপূৰণ।
এতিয়া আল্লাহৰ পৰা প্ৰাৰ্থনা কৰি মই মোৰ প্ৰবন্ধটো শেষ কৰিলোঁ যে আল্লাহ ৰব্বুল ইজ্জতৰ বাৰগাত দুৱা কৰোঁ যে আল্লাহ তাবাৰাক ৱাতাআলা আমালোকক জুমাৰ নামাজৰ আদায়টো নিয়মিতভাৱে আৰু কৰ্তব্যৰ দৰে কৰিবলৈ ক্ষমতা দিয়ে। এইদিনত বেছিকৈ ৰোযা ৰখাৰ তৌফিক দিয়ে যেন। বেছৈকৈ দৰূদ শ্বৰীফ পাঠ কৰিবলৈ ক্ষমতা প্ৰদান কৰক। জুমুৱাক হৃদয়ৰ পৰা সন্মান কৰাৰ সুযোগ প্ৰদান কৰক। চুন্নাতে মুস্তাফা (ছাঃ)ৰ অনুযায়ী জীৱন যাপন কৰাৰ সুযোগ দিয়ক। দুনিয়া আৰু আখিৰাতৰ আশীৰ্বাদ দিয়ক। আমীন বিজাহে ছায়্যিদুল মুৰছালীন।
লেখকঃ আশ্ৰাফুল ফাৰুকী, স্নাতকোত্তৰ গৱেষক, সভ্যতা অধ্যয়ন বিভাগ, দাৰুল হুদা ইছলামিক ইউনিভাৰ্ছিটি, কেৰালা।