ইছলামত ৱাকফৰ ধাৰণা: ফিকহী বিষয়ৰ এক পাঠ্য অধ্যয়ন
পাতনি।
যেতিয়া মন্ত্ৰী কিৰিন ৰিজিজুৱে ৱাকফ বোৰ্ডক সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়নৰ নামত সংশোধন কৰিবলৈ ৱাকফ সংশোধনী বিল সংসদত উত্থাপন কৰিছে, তেতিয়াৰ পৰা ৱাকফ সংশোধনৰ বিষয়টো অতি জোৰেৰে ৰাজ্যজুৰী সমালোচনা আৰু বিতৰ্কৰ বিষয় হৈ আছে, লগতে বিলখন হাহাকাৰ হৈ পৰিছে। মোদি চৰকাৰে ৱাকফৰ সম্পত্তিক দখল কৰি নিজৰ কৱলত লবলৈ বিচাৰিছে আৰু এই ৱাকফ সম্পত্তিক ৰাজ্যকৰণ কৰি অমুছলিমক এই ৱাকফৰ অধিনত আনিব খুজিছে। এই সংশোধনী অনুযায়ী ৱাকফ ব'ৰ্ডৰ সমস্ত সম্পত্তি জিলা কালেক্টৰৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হব। দেশত বৰ্তমান গোটেই ৰাজ্যসমূহক একত্ৰ কৰি ৩০খন ৱাকফ ব'ৰ্ড আছে। সেই ৩০খন বোৰ্ডৰ ওপৰত এটা ৰাষ্ট্ৰীয় বোৰ্ড বনোৱা হব।
আজি আমি এই প্ৰবন্ধটোৰ জৰিয়তে ৱাকফ কি ? এই বিষয়ে বিস্তাৰিত জ্ঞান লাভ কৰিব পাৰিম। য'ত আমি জানিব পাৰিম যে ইছলাম ধৰ্মত ইয়াৰ গুৰুত্ব কিমান আৰু ইয়াৰ প্ৰাসংগিকতা কিমান? আৰু ধৰ্মীয় গ্ৰন্থত ইয়াৰ বিষয় কি আৰু কেনেকৈ বিশ্লেষন কৰা হৈছে। আৰু এই ৱাকফৰ উদ্দেশ্য কি, আজিৰ দিনত ৱাকফ কিমান জৰুৰী।
কিছু মন কৰিবলগীয়া কথা।
মনত ৰাখিব যে আৰবী ভাষাত যি ব্যক্তিজনে ৱাকফ কৰে তাক ৱাকিফ বুলি কোৱা হয়। আৰু যি বস্তু মাটি বা যিকোনো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিক ৱাকফ কৰা হয় সেইটোক মৌকূফ বুলি কোৱা হয়। লগতে এই দান কৰা বা অৱদান কৰা কাৰ্য্যক ৱাকফ বুলি কোৱা হয়। আৰু যাৰ বাবে ৱাকফ কৰা হয় তাক মাওকূফ আলাই বুলি কোৱা হয়। যেনে এজনে মছজিদটো তাৰ গাঁওৰ মুছলমান সকলৰ কাৰণে ৱাকফ কৰিছে তেন্তে ইয়াত মুছলমান সকল মৌকূফ আলাই হব।
ৱাকফৰ মালিকীস্বত্ব কাৰ হয়।
হানাফী ফিকহৰ প্ৰখ্যাত পণ্ডিত তথা গৱেষক আল্লামা বুৰহানুদ্দিন আবুল হাছান আলী আল-ফাৰগেনানী ৰহমাতুল্লাহি আলাইহি তেখেতৰ হানাফী ফিকহৰ গ্ৰন্থ -আল হিদায়া-ত ওয়াকফৰ অধ্যায়ত বৰ্ণনা কৰিছে যেঃ “আবু হানীফা ৰহমাতুল্লাহি আলাইহি কৈছে যে- দাতাৰ মালিকীস্বত্ব ৱাকফ সম্পত্তিৰ পৰা শেষ নহয় যেতিয়ালৈকে হাকিম অৰ্থাৎ সেই ঠাইৰ ৰজা বা প্ৰশাসক ইয়াৰ হুকুম নিদিয়ে। নতুবা তেওঁৰ মৃত্যুৰ লগত সংলগ্ন কৰি নকয় বা ওলমাই নাৰাখে। তেন্তে দাতায় কব যেঃ যদি মই মৃত্যু বৰণ কৰোঁ তেন্তে মোৰ ঘৰ বা যিকোনো সম্পত্তি ৱাকফ কৰিলোঁ।” তেতিয়াহে ৱাকফ শুদ্ধ হব।
গতিকে ইয়াৰ পৰা আমি বুজিব পাৰি যে ইমাম আবু হানিফাৰ মতে- যদি দাতায় ৱাকফ কৰিব বিচাৰে তেন্তে ইয়াৰ প্ৰচল কৰিবলৈ প্ৰশাসকৰ আজ্ঞা হব লাগিব নাইবা দাতায় ৱাকফ কৰাটো নিজৰ মৃত্যুৰ লগত খাপ খুৱাব লাগিব। আৰু যদি এনেকৈ নকৰে তেনেহলে ৱাকফ কৰাটো সঠিক বা শুদ্ধৰূপে নহব লগতে তাৰ সম্পত্তিৰ মালিকীস্বত্ব থাকি যায় ক্ষয় নহয়।
তাৰ পিছত আল্লামা বুৰহানুদ্দিন চাহাবে বিৱৰণ দিছে যে আবু ইউছুফ যিজন আবু হানীফাৰ ঘনিষ্ঠ চাত্ৰ তেওঁৰ মতে অকল কথাৰ দ্বাৰা যেনে যদি দাতায় কয়- মই মোৰ এই সম্পত্তিটো ৱাকফ কৰিলোঁ। তেন্তে দাতাৰ সম্পত্তিৰ পৰা তেওঁৰ নিজৰ মালিকীস্বত্ব শেষ হব আৰু ৱাকফ হৈ যাব। আৰু ইমাম মুহাম্মদ কৈছে যে তেওঁৰ মালিকীস্বত্ব শেষ নহয় যেতিয়া লৈকে তেওঁৰ ৱাকফ সম্পত্তিৰ নিদানে এজন মুতাৱাল্লী (ৱাকফৰ ট্ৰাষ্টী) চয়ন কৰি তাৰ হাতত সপি বা হস্তান্তৰ কৰি নিদিয়ে।
ৱাকফৰ সাহিত্যিক অৰ্থ।
ওয়াকফৰ ভাষিক অৰ্থ হ'ল যিকোনো বস্তুক বন্দী কৰা নতুবা ৰকী ৰখা যেনে তুমি কবা জন্তুটোক মই বন্দী কৰিলোঁ। গতিকে, ওয়াকফ হ'ল এটা আৰবী শব্দ যাৰ সাহিত্যক অৰ্থ হৈছে বাধা দিয়া, বন্ধ কৰা আৰু ৰকি ৰখা। কোনোবাৰ বস্তু বা সম্পত্তি ৱাকফৰ সপৰিপ্ৰেক্ষতি এইটোৰ অৰ্থ হব ৱাকিফ সম্পত্তিক ৱাকফ কৰাৰ পাছত কাৰোবাৰ মালিকীস্বত্ব হোৱাতকৈ বন্ধ কৰা। তেন্তে ৱাকফ কৰাৰ পাছত ইয়াৰ মালিক বা মুনিব কোনেও হব নোৱাৰে।
ৱাকফৰ ধৰ্মীয় অৰ্থ।
আৰু ইছলামী শ্বৰীয়তত ইমাম আবু হানিফাৰ মতে - ৱাকফ হৈছে যিকোনো নিদিৰ্ষ্ট বস্তুক ওয়াকফ কৰোতা ব্যক্তি জন অৰ্থাৎ দাতাৰ বাবে তাৰ ওয়াকফ কৰা বস্তু অথবা সম্পত্তিক তাৰ নিজৰ ওপৰত ৰাখি থোৱা আৰু বেলেগৰ বাবে ইয়াৰ মালিকীস্বত্ব বন্ধ কৰা আৰু সেইটোৰ ফইদা বা লাভটোক চদকা বা দান কৰি দিয়া, গতিকে ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে ওয়াকফ কৰা বস্তুবিলাকত ব্যয় নতুবা নিষ্কাশন কাৰ্য্যবিধি কৰা বৈধ নহয় অতএব ওয়াকফ কৰা সম্পত্তিটো অতিবাহিত কৰা জায়েয নহয়। আৰু দাতায় ৱাকফ কৰাৰ পিছত ইয়াৰ মালিকীস্বত্ব কাৰো কাষত নাযায়। বৰঞ্চ ইয়াৰ ৱাকফ কৰা সম্পত্তিৰ যি লাভ হব সেই লাভটো যিকসলৰ কাৰণে ৱাকফ কৰা হৈছে তেওঁলোকৰ বাবে খৰচা কৰা হব।
ইছলামৰ ৰজাসকল, ধনী মানুহবোৰ, ধনশালী ব্যক্তিসকল প্ৰাচিন কালৰ পৰা নিজৰ নিজৰ ধন সম্পত্তি সাধাৰণ মানুহৰ বাবে আৰু ইছলামৰ উন্নয়ন আৰু কল্যাণৰ ক্ষেত্ৰত ৱাকফ কৰি আহি আছে, মুছলমান সকলৰ যিমান মছজিদ, মাদ্ৰাছা, অতিথিশালা, মুছাফিৰ খানা ইত্যাদি ৱাকফৰ অধীনত আহে।
ইমাম আবু ইউছুফ আৰু ইমাম মুহাম্মদ হাছানৰ মত
ইমাম আবু ইউছুফ আৰু ইমাম মুহাম্মদ হাছান আল-শ্বাইবানীৰ মতে ইয়াৰ মালিকীস্বত্ব ৱাকিফৰ পৰা আল্লাহ তালাৰ মালিকীস্বত্বত দাখিল হব। গতিকে এই ৱাকফ কৰা সামগ্ৰীত কোনো ধৰণৰ লেন দেন, বেচা কিনা সকলো অবৈধ হৈ পৰিব। কেৱল মাত্ৰ ইয়াৰ প্ৰফিট অথবা লাভটো বেলেগৰ অথবা আল্লাহৰ বান্দাসকলৰ কাৰণে দান প্ৰদান কৰা হব যাতে তেওলোকৰ সহায় হয়।
হাদীছত ৱাকফৰ প্ৰমান।
যেতিয়া ৱাকিফে নিজৰ সম্পত্তিক ৱাকফ কৰিব তাৰ পিছত এই ৱাকফৰ বস্তুবিলাক বেচা কিনা কৰা নাযাব আৰু এইটো উপহাৰ, নজৰানা, পেছকছ ইত্যাদিও কৰা বৈধ নহব। ইয়াৰ প্ৰমান মহান পণ্ডিত আল্লামা বুৰহানুদ্দিন আবুল হাছান আলী আল-ফাৰগেনানীয়ে একেই অধ্যায়ণত বিৱৰণ কৰিছে যে ৰছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে উমাৰ ৰাদিয়াল্লাহু আনহুৰ কাৰণে কৈছে যেতিয়া তেওঁ নিজৰ এখন ভুমি (যিটোক ছামগুন বুলি মাতা হয়) দান কৰিব বিচাৰিছিল, যে হে উমাৰ ইয়াৰ মূলটোৰ চদকা, দান কৰা যিটো বিক্ৰি কৰা নহব, ইয়াৰ কোনেও উত্তৰাধিকাৰী নহব আৰু এইটো উপহাৰ হিচাপে দিয়া নহব।
অস্থাৱৰ সম্পত্তিৰ ৱাকফ।
স্থাৱৰ সম্পত্তিৰ ৱাকফ কৰাটোত সকল ইমামৰ এক মত। কিন্তু অস্থাৱৰ বস্তুৰ ৱাকফ কৰা যাব নে নাযাব তালৈ উলামা সকলৰ মাজত বিতৰ্ক আছে। কিছুমানে কৈছে যে অস্থাৱৰ বস্তুৰ ৱাকফ কৰা জায়েয হব আৰু আন কিছুমানে কলে এয়া বৈধ নহয়। ইমামে আযাম (ইমাম আবু হানিফা)ৰ কাষত অস্থাৱৰ সম্পত্তিৰ ৱাকফ নিৰ্ঘাত বৈধ নহয়। কিন্তু ইমাম আবু ইউছুফ আৰু ইমাম মুহাম্মদ (আলাইহিমুৰ ৰহমাহ) ভিন্ন মতামত ৰাখিছে। ইমাম আবু ইউছুফৰ কাষত যদি কোনোবাই নিজৰ খেতিৰ মাটি ৱাকফ কৰে লগতে খেতি কৰাৰ সামগ্ৰী আৰু সজুলিও ৱাকফ কৰে তেনেহ'লে এয়া বৈধ হয়। কিন্তু যদি অকল সামগ্ৰী আৰু সজুলি ৱাকফ কৰে তেতিয়া এইটো জায়েয নহব।
ইমাম মুহাম্মদ আলাইহিৰ ৰহমা ইমাম আবু ইউছুফৰ মতামত ৰাখিছে লগতে যদি কেৱলমাত্ৰ অস্থাৱৰ সম্পত্তিৰ ৱাকফ কৰা হয় এইটোও তেওঁৰ কাষত জায়েজ হয়। ইমাম মুহাম্মদে ক'লে যে ঘোঁৰা আৰু তৰোৱাল আল্লহ পাকৰ পথত ৱাকফ কৰা সঠিক ও শুদ্ধ। এই ক্ষেত্ৰত তেওঁৰ লগত ইমাম আবু ইউছুফেও এইটো মত ৰাখিছে।
সামৰণি।
অবশেষত এই প্ৰবন্ধটোৰ জৰিয়তে আমি জানিব পৰিলোঁ যে ৱাকফ কৰাটো ইছলাম ধৰ্মৰ এটা ধাৰণা। যিটোৰ জৰিয়তে যিকোনো মুছলিম ব্যক্তিয়ে নিজৰ সম্পত্তি বেলেগৰ সহায় সুবিধাৰ ক্ষেত্ৰত ৱাকফ কৰিব পাৰিব। আৰু এই ৱাকফ কেৱল মাত্ৰ আল্লাহৰ পথত কৰা হয় আৰু ইয়াৰ মালিকীস্বত্ব অকল আল্লাহৰ কাষত যায়। যিটোৰ কাৰণে দাতাই সদায় ইয়াৰ চোৱাব পায়। স্থাৱৰ সম্পত্তিক ৱাকফ কৰাৰ ক্ষেত্ৰত সকল ইমামৰ এক মত। কিন্তু অস্থাৱৰ সম্পত্তিৰ ৱাকফৰ ক্ষেত্ৰত ইমাম সকলে ভিন্ন দৃষ্টিভঙ্গী ৰাখিছে। গতিকে এইটো ইমাম আবু হানিফাৰ কাষত কেৱলমাত্ৰ স্থাৱৰ সম্পত্তিক ৱাকফ প্ৰদান কৰা যাব আৰু অস্থাৱৰ সম্পত্তিৰ ৱাকফ বৈধ নহয়। আৰু ইমাম আবু ইউছুফ আৰু ইমাম মুহাম্মদৰ মতে দুয়ো স্থাৱৰ ও অস্থাৱৰ বস্তুবিলাক ৱাকফ কৰা জায়েজ।
লেখকঃ আশ্ৰাফুল ফাৰুকী, স্নাতকোত্তৰ গৱেষক, সভ্যতা অধ্যয়ন বিভাগ, দাৰুল হুদা ইছলামিক ইউনিভাৰ্ছিটি, কেৰালা।