আল্লাহ তাআলা
১) প্ৰশ্নঃ আমাক কোনে সৃষ্টি কৰিছে?
উত্তৰঃ আমাক আল্লাহ তাআলা সৃষ্টি কৰিছে।
২) প্ৰশ্নঃ ভুমি, আকাশ, সূৰ্য্য আৰু চন্দ্ৰক কোনে সৃষ্টি কৰিছে?
উত্তৰঃ আল্লাহ তাআলা
৩) প্ৰশ্নঃ আমি কাৰ ইবাদত (উপাসনা) কৰোঁ?
উত্তৰঃ আমি মুমিন মুছলমান সকলে আল্লাহ তাআলাৰ ইবাদত কৰোঁ।
৪) প্ৰশ্নঃ সকলোক কোনে দেখে আৰু শুনে?
উত্তৰঃ সকলোক আল্লাহ তাআলায় দেখে আৰু শুনে।
৫)প্ৰশ্নঃ কোনো বস্তু আল্লাহ তাআলাৰ পৰা লুকাই থাকিব পাৰেনে?
উত্তৰঃ নহয়। আল্লাহ পাকৰ পৰা কোনো বস্তুৱেই লুকাই নথাকে।
৬) প্ৰশ্নঃ আল্লাহৰ কোনো শ্বৰীক (অংশীদাৰ) সমকক্ষ আছেনে ?
উত্তৰঃ নাই। আল্লাহৰ কোনো শ্বৰীক (অংশীদাৰ) নাই।
৭) প্ৰশ্নঃ আল্লাহ তাআলা কেতয়াৰ পৰা কেতিয়ালৈ থাকিব ?
উত্তৰঃ আল্লাহ তাআলা সদায় আছে আৰু সদায় থাকিব।
৮) প্ৰশ্নঃ বিশ্বসমূহৰ লোকক কোনে বনাইছে বা সৃষ্টি কৰিছে ?
উত্তৰঃ বিশ্বসমূহৰ লোকক আল্লাহ তাআলাই বনাইছে।
৯) প্ৰশ্নঃ পাহাৰ, পৰ্বত, জীৱ জিন্তু ইত্যাদি কোনে সৃষ্টি কৰিছে ?
উত্তৰঃ এয়া সকলোবোৰ আল্লাহ তাআলাই সৃষ্টি কৰিছে।
১০) প্ৰশ্নঃ সকলৰ প্ৰতিপালক কোন ?
উত্তৰঃ সকলৰ প্ৰতিপালক আল্লাহ তাআলা।
১১) প্ৰশ্নঃ আল্লাহৰ কোনো পিতা, মা, পুত্ৰ বা স্ত্ৰী আছেনে ?
উত্তৰঃ আল্লাহৰ কোনো পিতা, মা, পুত্ৰ বা স্ত্ৰী নাই৷
১২) প্ৰশ্নঃ আল্লাহ পাকক কোনে সৃষ্টি কৰিছে ?
উত্তৰঃ আল্লাহ পাকক কোনেও সৃষ্টি কৰা নাই। বৰঞ্চ আল্লাহ তাআলাই সকলোবোৰক সৃ্ষ্টি কৰিছে।
১৩) প্ৰশ্নঃ আমালোকৰ ৰব্ব কোন ?
উত্তৰঃ আমালোকৰ ৰব্ব হৈছে- আল্লাহ তাআলা।
১৪) প্ৰশ্নঃ আৰবী ভাষাৰ ৰব্ব শব্দৰ অৰ্থ কি ?
উত্তৰঃ আৰবী ভাষাত ৰব্ব শব্দৰ অৰ্থ হ'ল পালনকৰ্ত্তা বা প্ৰতিপালক।
১৫) প্ৰশ্নঃ সকল জীৱিতক জীৱিকা ৰুজি-ৰোজাগাৰ কোনে দিয়ে ?
উত্তৰঃ সকলক জীৱিকা বা ৰুজি-ৰোজগাৰ আল্লাহ তাআলাই দিয়ে।
১৬) প্ৰশ্নঃ আল্লাহৰ উৰ্দ্ধত বা আল্লাহৰ সম্য ও সমতুল্য কোনোবাই আছেনে ?
উত্তৰঃ আল্লাহৰ উৰ্দ্ধত বা আল্লাহৰ সম্য আন একো নাই৷
১৭) প্ৰশ্নঃ একমাত্ৰ আল্লাহেই কাৰোবাৰ উপকাৰ বা ক্ষতি কৰিব পাৰে, এই ক্ষমতা আন কাৰোবাৰ আছেনে ?
উত্তৰঃ নাই। একমাত্ৰ আল্লাহেই কাৰোবাৰ উপকাৰ বা ক্ষতি কৰিব পাৰে, এই ক্ষমতা আন কাৰো নাই।
১৮) প্ৰশ্নঃ আল্লাহৰ উপাসনা বা ইবাদত কৰিবলৈ কাৰোবাৰ মধ্যৱৰ্তী লাগেনে ?
উত্তৰঃ আমি কাৰোবাৰ মধ্যৱৰ্তী অবিহনে আল্লাহৰ ইবাদত কৰিব পাৰোঁ। আল্লাহৰ ইবাদত কৰিবলৈ কোনোবাৰ বা কোনোবস্তুৰ মধ্যৱৰ্তী নালাগে।
১৯) প্ৰশ্নঃ আমি কেনেকৈ আমাৰ প্ৰভু মহান কৰুণাময় আল্লাহ পাকক চিনি পাব পাৰি ?
উত্তৰঃ আল্লাহ্ৰ সৃষ্টিসমূহ দেখি আৰু চাই আমি তাক চিনি পাব পাৰো।
২০) প্ৰশ্নঃ আল্লাহ তাআলাৰ বাবে কোনোবাৰ উপাসনা বা ইবাদতৰ প্ৰয়োজন আছেনে
উত্তৰঃ আল্লাহ পাকৰ বাবে কোনোবাৰ উপাসনা বা ইবাদতৰ প্ৰয়োজন নাই।
২১) প্ৰশ্নঃ আল্লাহ তাআলাই সকল সৃষ্টিক কি নিৰ্দেশ দিছে ?
উত্তৰঃ আল্লাহ তাআলাই কৈছেঃ- একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই।
২২) প্ৰশ্নঃ আল্লাহ তাআলায় মানৱ জাতিক কিয় সৃষ্টি কৰিছে ?
উত্তৰঃ আল্লাহ তাআলাৰ ইবাদত আৰু বন্দেগী কৰিবলৈ মানুহক সৃষ্টি কৰিছে।
২৩) প্ৰশ্নঃ আল্লাহৰ ওচৰত আটাইতৈ ডাঙৰ পাপটো কি ?
উত্তৰঃ আটাইতকৈ ডাঙৰ পাপ আল্লাহৰ ওচৰত হ'ল শ্বিৰ্ক কৰা অৰ্থাৎ তাৰ লগত আন কোনোবাক অংশীদাৰ বনোৱা।
২৪) প্ৰশ্নঃ আল্লাহক টোপনি ধৰেনে ?
উত্তৰঃ আল্লাহক টোপনি আৰু কলাঘূমটি একোৱে নধৰে।
২৫) প্ৰশ্নঃ আল্লাহৰ বাহিৰে আন কোনোবাই চিৰজীৱি চিৰবিৰাজমান শাশ্বত সত্তা আছেনে ?
উত্তৰঃ একমাত্ৰ আল্লাহ পাকেই হ'ল চিৰজীৱি চিৰবিৰাজমান শাশ্বত সত্তা তাৰ বাহিৰে আন কোনোবাই এনেকুৱা নহয়।
২৬) প্ৰশ্নঃ আল্লাহ পাকৰ নাম (আছমাউল হুছনা) কিমানটা ?
উত্তৰঃ আল্লাহ পাকৰ নাম (আছমাইল হুছনা) হৈছে ৯৯টা।
২৭) প্ৰশ্নঃ তাওহীদ মানে কি ?
উত্তৰঃ আল্লাহৰ বাবে একত্ববাদ প্রতিষ্ঠা কৰা বা আল্লাহ পাক এক এই ধাৰণাটোক তাওহীদ বুলি কোৱা হয়।
২৮) প্ৰশ্নঃ আল্লাহৰ বাহিৰে আন কোনোবাই উপাসনাৰ যোগ্য হয়নে ?
উত্তৰঃ আল্লাহৰ বাহিৰে আন কোনোবাই উপাসনাৰ যোগ্য নহয়। একমাত্ৰ আল্লাহ তাআলাই হ'ল ইবাদত আৰু উপাসনাৰ হকদাৰ (যোগ্য)।
২৯) প্ৰশ্নঃ ইবাদতৰ অর্থ কি ?
উত্তৰঃ ইবাদত সাধাৰণতে আল্লাহৰ আজ্ঞা পালনক কোৱা হয় যেনে আল্লাহৰ বাবে নামাজ পালন, ৰোযা ৰখা ইত্যাদি বা ইছলামৰ আনুষ্ঠানিক বাধ্যবাধকতা পালন কৰা।
ইয়াত ইবাদতৰ আন কিছুমান সংজ্ঞা দিয়া হ'লঃ
১- আল্লাহৰ ভালপোৱা আৰু সন্তুষ্টৰ বাবে যি আপাত আৰু গোপন কথা বা কৰ্ম কৰা হয় তাকেই ইবাদত বুলি কোৱা হয়।
২- ইবাদাত এটা আৰবী শব্দ। ইয়াৰ অৰ্থ হৈছে আজ্ঞাবহতা, গোলামী , দাসত্ব, বন্দেগি ইত্যাদি।
৩- শ্বৰী’আতত ইবাদতৰ অৰ্থ হৈছে আল্লাহৰ সন্মূখত নম্ৰতা, বশৱৰ্তীতা আৰু আজ্ঞাকাৰীতা দেখুৱা।
৪- ইবাদত বুলিলে ধৰ্মীয় আৰু পাৰ্থিৱ উভয় কাৰ্য্যৰ দ্বাৰা আল্লাহৰ উপাসনা আৰু আজ্ঞা পালনক বুজোৱা হয়।
৫- ইবাদত হৈছে আল্লাহে ভালপোৱা আৰু সন্তুষ্ট হোৱা সকলো কথা আৰু কৰ্মৰ বাবে এটা ব্যাপক নাম।
৬- ইবাদাত হৈছে আল্লাহৰ আজ্ঞা পালন কৰা আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বাৰা যি আদেশ দিছে তাক অৱলম্বন কৰা।
৩০) প্ৰশ্নঃ আল্লাহ ক’ত আছে ?
উত্তৰঃ সৰ্বশক্তিমান আল্লাহৰ বাবে স্থান নির্দিষ্ট কৰাটো কুফৰি বা অবিশ্বাসী, কাৰণ তেওঁ স্থানৰ পৰা মুক্ত। ‘আল্লাহ ওপৰত আৰু আমি তলত’ কোৱাটো অবিশ্বাসৰ বক্তব্য। গতিকে আল্লাহ তাআলা আছে কিন্তু ক’ত আছে সেইটোৰ বিষয়ে আমাৰ বিশ্বাস থাকিব লাগিব যে আল্লাহ তাআলা কোনো স্থানত নাই কিয়নো স্বয়ং আল্লাহ তাআলাই স্থান আৰু ঠাই বনাইছে। আৰু যি বস্তু তেওঁ বনাইছে সেই ঠাইত থকাটো তাৰ বাবে লোকচান বা ক্ষতিৰ বিষয় আৰু আল্লাহ তাআলা এইবোৰৰ পৰা পাক।
৩১) প্ৰশ্নঃ সকল আমল (দ্বীনি কৰ্ম) কৰাৰ আগত আল্লাহ তাআলাই তাৰ বান্দাসকলৰ ওপৰত কোন বিষয়টো ফৰয বা বাধ্যতামূলক কৰিছে ?
উত্তৰঃ সকল আমল (দ্বীনি কৰ্ম) কৰাৰ আগত আল্লাহ তাআলাই তাৰ বান্দাসকলৰ ওপৰত আল্লাহৰ প্ৰতি ঈমান আনা ফৰয কৰিছে কিয়নো ঈমান এৰি কোনো কৰ্ম গ্ৰহণযোগ্য নহয়।
৩২) প্ৰশ্নঃ আল্লাহৰ ওচৰত গ্ৰহণযোগ্য দ্বীন (ধৰ্ম) কোনটো ?
উত্তৰঃ আল্লাহ্ৰ ওচৰত একমাত্র গ্রহণযোগ্য দ্বীন (ধৰ্ম) হৈছে ইছলাম।
৩৩) প্ৰশ্নঃ কলিমাএ ত্বয়্য়িবা কি ?
উত্তৰঃ কলিমা তায়্য়িবা হৈছে- لا إله إلا الله محمد رسول الله (লা ইলাহা ইল্লা আল্লাহু মুহাম্মাদুৰ ৰাছূলুল্লাহ)।
৩৪) প্ৰশ্নঃ ওপৰত দিয়া কলিমায় তায়্যিবাৰ অৰ্থ কি ?
উত্তৰঃ কলিমাটোৰ অৰ্থ হ'ল আল্লাহ ব্যতীত কোনো উপাসিত (মাবূদ) নাই। মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ বাৰ্তাবাহক (ৰাছূল)।
৩৫) প্ৰশ্নঃ আল্লাহ তাআলাৰ ওপৰত ঈমান লৈ আহা জনক কি বুলি মাতা হয় ?
উত্তৰঃ আল্লাহৰ ওপৰত ঈমান লৈ আহা জনক মুমিন বুলি মাতা হয়।