হজৰত মুহাম্মদ ﷺ ৰ জীৱনশৈলী: আধুনিক মানুহৰ বাবে নৈতিক দিশ
ভূমিকা:
বিশ্বমানৱতাৰ দীঘলীয়া ইতিহাসত হজৰত মুহাম্মদ ﷺ এজন অতুলনীয় ব্যক্তিত্ব, যাৰ নাম মানৱ সভ্যতাৰ আকাশত সৰ্বাধিক উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি আছে। তেওঁৰ আগমনৰ পূৰ্বে আৰব উপদ্বীপ এক গভীৰ সামাজিক, নৈতিক আৰু আধ্যাত্মিক অন্ধকাৰত আৱদ্ধ আছিল। সমাজত দাসপ্ৰথা দৃঢ়ভাৱে প্ৰতিষ্ঠিত আছিল; মহিলাসকলক অপমান আৰু লঞ্চিত বঞ্চিত কৰা হৈছিল; দৰিদ্ৰ আৰু দুৰ্বল বৰ্গৰ লোকসকলক শোষণ কৰা হৈছিল; আৰু সামান্য কাৰণৰ বাবে অনন্ত যুদ্ধ সংঘটিত হৈছিল। নৈতিকতা, মানৱতা আৰু ন্যায়ৰ প্ৰতি সমাজৰ দৃষ্টিভংগী প্ৰায় অস্তিত্বহীন আছিল। কিন্তু সেই অন্ধকাৰময় যুগৰ মাজতেই জন্মগ্ৰহণ কৰিলে এজন ব্যক্তি, যিয়ে নিজৰ আচৰণ, জীৱনশৈলী আৰু নৈতিক দিশ-নিৰ্দেশৰ জৰিয়তে কেৱল আৰব সমাজক নহয়, সমগ্ৰ বিশ্বমানৱজাতিক এটা নতুন দিশ আৰু নতুন আলোকিত যুগৰ ফালে লৈ গৈছিল।
আজিৰ উন্নত যুগত, যদিও মানুহে প্ৰযুক্তিগত উন্নতি আৰু বৈজ্ঞানিক প্ৰগতিৰ শিখৰত উপনীত হ’ল, তথাপিও নৈতিকতা আৰু মানৱতাৰ ক্ষেত্ৰত এক চৰম সংকটৰ সন্মুখীন হৈ আছে। দুর্নীতি, অসত্য, হিংসা, বৈষম্য, পৰিবেশ ধ্বংস, পৰিয়ালৰ ভাঙন, নৈতিক অৱক্ষয় এইবোৰ মানৱ সমাজক ধ্বংসৰ দিশে ঠেলি নিয়া এক প্ৰতিকূল শক্তি হিচাপে পৰিগণিত হৈছে। এনে জটিল পৰিস্থিতিত হজৰত মুহাম্মদ ﷺ ৰ জীৱনশৈলী আৰু তেওঁৰ শিক্ষাই মানুহৰ বাবে চিৰস্থায়ী নৈতিক দিশ প্ৰদান কৰে।
নবী ﷺ নিজৰ উদ্দেশ্যক স্পষ্টভাৱে ঘোষণা কৰি তেওঁ কৈছিল
: «إِنَّمَا بُعِثْتُ لِأُتَمِّمَ صَالِحَ الأَخْلاَقِ» (الموطأ للإمام مالك)
অৰ্থাৎ “নিশ্চয়েই মোক প্ৰেৰণ কৰা হৈছে উত্তম আখলাক (নৈতিকতা) পূৰ্ণাঙ্গ কৰিবলৈ।”
এই হাদীছৰ মাজতেই স্পষ্ট যে তেওঁৰ দাওৱাত আৰু উদ্দেশ্যৰ মূল কেন্দ্ৰবিন্দু আছিল নৈতিকতা আৰু উত্তম আখলাক। তেওঁ কেৱল ধৰ্মীয় অনুষ্ঠান বা আধ্যাত্মিক সাধনা শিকোৱাই নাছিল; তেওঁৰ মূল লক্ষ্য আছিল মানৱজাতিক এক উত্তম নৈতিক জীৱনৰ দিশে লৈ যোৱা, য’ত মানুহে নিজৰ ভিতৰৰ মূল্যবোধ উন্নত কৰি সমাজত ন্যায়, ভ্ৰাতৃত্ব আৰু শান্তি প্ৰতিষ্ঠা কৰিব পাৰে।
সেয়েহে হজৰত মুহাম্মদ ﷺ ৰ জীৱনশৈলীক আধুনিক মানুহৰ বাবে এক আলোকিত পথনকশা হিচাপে ধৰা যায়। আধুনিক বিজ্ঞান আৰু সভ্যতাৰ সকলো চমকদাৰী উন্নতিৰ সত্ত্বেও মানুহে যি আধ্যাত্মিকতা, নৈতিকতা আৰু মানৱিক মূল্যবোধৰ অভাৱ অনুভৱ কৰিছে, তাৰ পূৰ্ণ সমাধানৰ দিশ তেওঁ দেখুৱাইছে।
আল্লাহ্ পাক কুৰআনত তেওঁক লৈ ঘোষণা কৰিছে
وَمَا أَرْسَلْنَاكَ إِلَّا رَحْمَةً لِّلْعَالَمِينَ ﴾ (سورة الأنبياء: 107)﴿
অৰ্থাৎ: “আমি তোমাক (হে মুহাম্মাদ ﷺ) কেৱল সকলো সৃষ্টিৰ বাবে দয়া হিচাপে পঠিয়াইছোঁ।”
এই আয়তে স্পষ্টভাৱে দেখুৱাইছে যে নবী ﷺ কেৱল এজন সমাজৰ, এজন দেশৰ বা নিৰ্দিষ্ট সময়ৰ দিশদৰ্শক নহয়। তেওঁৰ শিক্ষা সকলো সময়, সকলো সমাজ আৰু সকলো মানুহৰ বাবে চিৰস্থায়ী। সেয়েহে তেওঁৰ জীৱনশৈলী আধুনিক যুগতো মানুহৰ বাবে এক অনন্ত আলোক হিচাপে উদ্ভাসিত হৈ আছে।
নবী ﷺৰ আচৰণ আৰু নৈতিক দিশ: আধুনিক দৃষ্টিকোণ
হজৰত মুহাম্মদ ﷺ মানৱজাতিৰ বাবে এক পূৰ্ণাঙ্গ নৈতিক দিশ নিৰ্দেশক। তেওঁৰ আগমনৰ সময়ৰ আৰবীয় সমাজত নৈতিক অবক্ষয়, সামাজিক বৈষম্য আৰু আধ্যাত্মিক অন্ধকাৰ বিচৰিত হৈ আছিল। এনে সময়ত তেওঁ সততা, দয়া, ন্যায় আৰু সমতাক মানুহৰ জীৱনৰ কেন্দ্ৰত স্থাপন কৰিলে। শৈশৱৰ পৰাই তেওঁ আল-আমীন (বিশ্বাসযোগ্য) নামেৰে খ্যাত হৈছিল, যিয়ে সমাজৰ মাজত তেওঁৰ নৈতিকতাক প্ৰতিফলিত কৰিছিল।
ছহীহ বুখাৰী আৰু মুছলিমত বৰ্ণিত আছে «آيَةُ الْمُنَافِقِ ثَلاَثٌ: إِذَا حَدَّثَ كَذَبَ، وَإِذَا وَعَدَ أَخْلَفَ، وَإِذَا اؤْتُمِنَ خَانَ» অৰ্থাৎ “মুনাফিকৰ তিনিটা চিহ্ন আছে,কথা পাতিলে মিছা কয়, প্রতিশ্ৰুতি দিলে ভঙ্গ কৰে আৰু আমানত দিলে খিয়ানত কৰে।” এই শিক্ষা সততা আৰু বিশ্বস্ততাৰ প্ৰতি তেওঁৰ গুৰুত্বৰ দিশটো স্পষ্ট কৰে। লগতে তেওঁ দয়া আৰু সহানুভূতিকো মূল মানৱীয় গুণ ৰূপে প্ৰতিষ্ঠা কৰিছিল। তিৰমিজী হাদীছত আহে «الرَّاحِمُونَ يَرْحَمُهُمُ الرَّحْمَنُ» অৰ্থাৎ “যিসকলে দয়া কৰে, ৰহমান আল্লাহে তেওঁলোকক দয়া কৰে।”
তেওঁৰ জীৱনৰ সকলো দিশতে এক সুষমা দেখা যায়। পৰিচ্ছন্নতা আৰু শৃঙ্খলা তেওঁৰ ব্যক্তিত্বৰ অবিচ্ছেদ্য অংশ আছিল। ছহীহ মুছলিমত আছে «الطُّهُورُ شَطْرُ الْإِيمَانِ» অৰ্থাৎ “পৰিচ্ছন্নতা ঈমানৰ অর্ধাংশ।” এই শিক্ষা কেৱল ধৰ্মীয় আচাৰ-পদ্ধতিত সীমাবদ্ধ নহয়, জনস্বাস্থ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো এক চিৰন্তন দিশ। পাৰিবাৰিক জীৱনতো তেওঁ এক আদৰ্শ স্থাপন কৰিছিল। ছহীহ তিৰমিজীত আছে যে «خَيْرُكُمْ خَيْرُكُمْ لِأَهْلِهِ» অৰ্থাৎ “তোমালোকৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সি, যি নিজৰ পৰিয়ালৰ বাবে সৰ্বশ্ৰেষ্ঠ।” এই দিশত তেওঁৰ আচৰণে মহিলাৰ মর্যাদা, সন্তানৰ প্ৰতি মায়া আৰু পাৰিবাৰিক সম্প্রীতিক এক নতুন মানদণ্ড দিলে। লগতে তেওঁ জ্ঞান অনুসন্ধানক প্ৰতিজন মুছলিমৰ ওপৰত বাধ্যতামূলক কৰিলে—«طَلَبُ الْعِلْمِ فَرِيضَةٌ عَلَى كُلِّ مُسْلِمٍ» (ইবন মাজাহ)। সেয়েহে তেওঁৰ জীৱনশৈলী এটা সুষম, সৰ্বজনীন আৰু মানবিক নৈতিক ব্যৱস্থাৰ প্ৰতিনিধি।
আজিৰ যুগত, য’ত বিশ্ব দ্ৰুতগতিৰ প্ৰযুক্তি-উন্নতিত আগুৱাই গৈছে কিন্তু নৈতিক ভাৱে অনিশ্চয়তাত ভুগি আছে, হজৰত মুহাম্মদ ﷺ ৰ শিক্ষাসমূহ অতি প্ৰাসঙ্গিক। ৰাজনীতি আৰু বাণিজ্যৰ ক্ষেত্ৰত সততা সংকটত পৰিছে, সামাজিক পৰিসৰত হিংসা আৰু বৈষম্য বৃদ্ধি পাইছে, পৰিৱেশৰ ধ্বংস অপ্রতিহত হৈছে, আৰু শিক্ষা প্ৰণালী মাত্ৰ বস্তুবাদী দিশলৈ সীমাবদ্ধ হৈ পৰিছে। এই পৰিস্থিতিত নবীৰ শিক্ষা এক সমাধানৰ দিশ প্ৰদান কৰে। তেওঁ সমাজত ন্যায় প্রতিষ্ঠাৰ ওপৰত গুৰুত্ব দি কৈছিলে «لَوْ أَنَّ فَاطِمَةَ بِنْتَ مُحَمَّدٍ سَرَقَتْ لَقَطَعْتُ يَدَهَا» (বুখাৰী, মুছলিম), অৰ্থাৎ “যদি মোৰ কন্যা ফাতিমাই চুৰি কৰে, মই তাৰ হাত কাটি দিম।” ইয়াৰ দ্বাৰা তেওঁ বৈষম্যহীন ন্যায়ৰ ধাৰণাক শক্তিশালী কৰিলে। লগতে, মুছনাদ আহমদত উদ্ধৃত তেওঁৰ শিক্ষা « لا فضلَ لِعربِيٍّ على عجَمِيٍّ ولا لِعجَمِيٍّ على عربيٍّ ولا لأحمرَ على أسْودَ ولا لأسودَ على أحمرَ إلَّا بالتَّقوَى » অৰ্থাৎ “আৰবৰ ওপৰত অ-আৰবৰ, ৰঙাৰ ওপৰত ক’লাৰ কোনো সৰ্বাধিকাৰ নাই, কেৱল তাকৱাই একমাত্র মানদণ্ড।” এই শিক্ষা আধুনিক বিশ্বৰ জাতি, ধৰ্ম আৰু বৰ্ণভিত্তিক বিভাজনৰ সমাধান প্ৰদান কৰে। সেয়েহে হজৰত মুহাম্মদ ﷺ ৰ জীৱনশৈলী আধুনিক মানুহৰ বাবে নৈতিক পথদৰ্শন হিচাপে চিৰপ্ৰসঙ্গিক আৰু অপৰিহাৰ্য।
“হজৰত মুহাম্মদ ﷺ কেৱল সপ্তম শতিকাৰ আৰব সমাজৰ বাবে নৈতিক পথপ্ৰদৰ্শক নহয়, বৰং সমগ্ৰ মানবজাতিৰ বাবে এক চিৰন্তন আদৰ্শ। এনে পৰিপ্ৰেক্ষিতত প্ৰশ্নটো হৈছে এই শিক্ষাসমূহ আধুনিক সমাজত কিদৰে ৰূপায়িত হৈছে আৰু কাহানিও বা সফলতা লাভ কৰিছে?”
কিছুমান আধুনিক ইছলামিক ৰাষ্ট্ৰই নবীৰ নৈতিক আদৰ্শক ৰাজনৈতিক আৰু আইনী স্তৰত ৰূপায়িত কৰাৰ চেষ্টা কৰিছে। পাকিস্তানত জাকাত আৰু উশৰৰ আইনী সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, যাৰ দ্বাৰা সমাজৰ দৰিদ্ৰশ্ৰেণীলৈ সঞ্চিত সম্পদ বণ্টন কৰা হয়। ইৰাণ আৰু ছৌদি আৰবৰ দৰে দেশসমূহে ন্যায়পালিকা আৰু ৰাজনৈতিক ব্যৱস্থাত শাৰীয়তক মূল নীতি হিচাপে গ্ৰহণ কৰিছে, যাৰ কেন্দ্ৰত আছে ন্যায়, নৈতিকতা আৰু সামাজিক সুবিচাৰ। যদিও প্ৰয়োগৰ ক্ষেত্ৰত কেতিয়াবা সমালোচনা উঠে, তথাপিও এই প্ৰচেষ্টা নবীৰ দিশ-নিৰ্দেশক নীতি আধুনিক ৰাজনীতিৰ ভিতৰত সংহত কৰাৰ প্ৰচেষ্টাৰ প্ৰতিফলন। দ্বিতীয়তে নবীৰ সততা আৰু ন্যায়ৰ ওপৰত ভিত্তি কৰা অৰ্থনৈতিক শিক্ষাই আধুনিক ইছলামিক বেংকিং আৰু টাকাফল (ইছলামিক বীমা)ৰ ৰূপত বিশ্বজুৰি বিস্তাৰ পাইছে। মালয়েছিয়া, ইন্দোনেচিয়া, সংযুক্ত আৰব আমিৰাত আদি দেশসমূহত ইছলামিক বেংকিং এক পৰিপক্ব প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠিছে, য’ত সুদৰ নিষেধ, আশংকাৰ অংশীদাৰীতা আৰু সম্পদৰ ন্যায়সঙ্গত বণ্টনক প্ৰাধান্য দিয়া হয়। ইয়াৰ দ্বাৰা বিশ্ব অৰ্থনীতিত এক বিকল্প নৈতিক মডেল প্ৰতিষ্ঠা হ’ল, যি মাত্ৰ অৰ্থনৈতিক লাভত সীমাবদ্ধ নহয়, বৰং সমাজকল্যাণৰ প্ৰতি দায়িত্বশীল।তৃতীয়তে শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰতো নবীৰ আদৰ্শ আধুনিক সমাজত প্ৰভাৱ বিস্তাৰ কৰিছে। আল-আজহাৰ বিশ্ববিদ্যালয়ৰ দৰে ঐতিহাসিক শিক্ষাকেন্দ্ৰই আজিও নৈতিক শিক্ষা আৰু ধৰ্মীয় জ্ঞান একেলগে প্ৰদান কৰি আহিছে। লগতে বিশ্বজুৰি বহুসংখ্যক চেৰিটি আৰু স্বেচ্ছাসেৱক সংগঠন যেনে Islamic Relief বা জাতীয় জাকাত বোর্ডসমূহ দৰিদ্ৰ, অনাথ, শৰণাৰ্থী আৰু বিপৰ্যস্ত মানুহৰ সহায়ত সক্ৰিয়। এই প্ৰয়াসবোৰে নবীৰ জাকাত-ভিত্তিক সামাজিক ন্যায়ৰ নীতি আধুনিক সমাজত বাস্তৱ ৰূপে প্ৰতিফলিত কৰিছে।
সামৰণিঃ
হজৰত মুহাম্মাদ ﷺ ৰ জীৱনশৈলী কেৱল খ্ৰীষ্টীয় ষষ্ঠ আৰু সপ্তম শতিকাৰ আৰব সমাজৰ বাবে সীমাবদ্ধ নহয়; ই সমগ্ৰ বিশ্বমানৱতাৰ বাবে এক চিৰন্তন দিশ আৰু নৈতিক আদৰ্শৰ উৎস। তেওঁৰ দিশ আৰু নৈতিক মূল্যবোধ আজিৰ দিনতো সমান প্ৰাসঙ্গিক, বিশেষকৈ যেতিয়া মানুহ বিজ্ঞান আৰু প্ৰযুক্তিৰ শিখৰত উৰুৱা মহাশূন্যৰ সন্ধান কৰিছে, কিন্তু সমাজত নৈতিক সংকট, যুদ্ধ, বৈষম্য, পৰিবেশ ধ্বংস, দুৰ্বলক দমন, মহিলাৰ ওপৰত হিংসা আৰু শোষণ বৃদ্ধি পাইছে। ঠিক সেই সময়তে, নবীৰ জীৱনশৈলী এক নিৰ্ভুল আৰু প্ৰাসঙ্গিক পথপ্ৰদৰ্শক হিচাপে স্থিত। নবীৰ জীৱন, তেওঁৰ ছুন্নাহ আৰু নৈতিক শিক্ষাই আধুনিক সমাজৰ সমস্যাবোৰৰ সমাধানৰ বাবে অমূল্য দিশ প্ৰদান কৰে। নবীয়ে ﷺ কৈছিলে
تَرَكْتُ فِيكُمْ أَمْرَيْنِ لَنْ تَضِلُّوا مَا تَمَسَّكْتُمْ بِهِمَا: كِتَابَ اللَّهِ وَسُنَّةَ نَبِيِّهِ
(মুআত্তা মালিক)
অৰ্থাৎ: “মই তোমালোকৰ মাজত দুটা বস্তু ৰাখি গৈছোঁ; যেতিয়ালৈকে তোমালোকে সেইবোৰক আঁকোৱালি ধৰিবা, তেতিয়ালৈকে তোমালোকে পথভ্ৰষ্ট নহ’বা, আল্লাহৰ কিতাপ আৰু তেওঁৰ নবীৰ ছুন্নাহ।” এই হাদীছে স্পষ্টকৈ দেখুৱাইছে যে, সমগ্ৰ মানৱজাতিৰ বাবে নৈতিক, সামাজিক, আৰু আধ্যাত্মিক সমস্যাৰ সমাধান আল-কুৰআন আৰু নবীৰ ﷺ ছুন্নাহৰ মাজতে বিদ্যমান।
হজৰত মুহাম্মাদ ﷺ ৰ জীৱনশৈলী আমাক শিকাই সত্যবাদিতা, ন্যায়, দয়া, ভ্ৰাতৃত্ব, পাৰিবাৰিক সম্প্রীতি, দুৰ্বলৰ অধিকাৰ ৰক্ষা, আৰু আল্লাহভীতি সকলো সময়তে মূল দিশ। এই নৈতিক মূল্যবোধসমূহ আধুনিক সমাজক ধ্বংসৰ পথৰ পৰা ৰক্ষা কৰিব পাৰে, সমাজৰ ভিতৰত সমতা আৰু শান্তি প্ৰতিষ্ঠা কৰিব পাৰে, আৰু প্ৰতিজন মানুহক ব্যক্তিগত আৰু সামাজিক জীৱনত উত্তম আচৰণৰ বাবে অনুপ্ৰাণিত কৰে। তেওঁ কেৱল ব্যক্তিগত জীৱনৰ আদৰ্শ নহয়, সমগ্ৰ সমাজৰ বাবে এক চিৰস্থায়ী নৈতিক মানদণ্ড প্ৰতিষ্ঠা কৰিছে।
তথ্যসূত্ৰ (References)
Aḥmad ibn Ḥanbal. (n.d.). Musnad Aḥmad (Ḥadīth no. 8939).
Al-Bukhārī, Muḥammad ibn Ismāʿīl. (n.d.). Al-Adab al-Mufrad (Ḥadīth no. 273).
Al-Bazzār. (n.d.). Musnad al-Bazzār (Ḥadīth no. 8949).
Al-Bukhārī, Muḥammad ibn Ismāʿīl. (n.d.). Ṣaḥīḥ al-Bukhārī (Ḥadīth no. 33).
Muslim ibn al-Ḥajjāj. (n.d.). Ṣaḥīḥ Muslim (Ḥadīth no. 59).
Abū Dāwūd, Sulaymān ibn al-Ashʿath. (n.d.). Sunan Abī Dāwūd (Ḥadīth no. 4941).
Al-Tirmidhī, Muḥammad ibn ʿĪsā. (n.d.). Jāmiʿ al-Tirmidhī (Ḥadīth no. 1924, 3895, 1430).
Al-Dārimī. (n.d.). Sunan al-Dārimī (Ḥadīth no. 2260).
Ibn Abī al-Dunyā. (n.d.). Madārāt al-Nās (Ḥadīth no. 154).
Al-Ṭabarānī, Sulaymān ibn Aḥmad. (n.d.). Al-Muʿjam al-Awsaṭ (Ḥadīth no. 8567).
Tamām al-Rāzī. (n.d.). Al-Fawāʾid (Ḥadīth no. 52).
Al-Bayhaqī, Aḥmad ibn Ḥusayn. (n.d.). Shuʿab al-Īmān (Ḥadīth no. 1667, 5137).
Abū Nuʿaym al-Iṣfahānī. (n.d.). Ḥilyat al-Awliyāʾ (Vol. 3, p. 100).
Al-Nasāʾī, Aḥmad ibn Shuʿayb. (n.d.). Sunan al-Nasāʾī (Ḥadīth no. 4901).
Bank Negara Malaysia. (n.d.). Islamic banking & Takaful overview. Bank Negara Malaysia. https://www.bnm.gov.my
Encyclopedia Britannica. (n.d.). Al-Azhar University. In Britannica. https://www.britannica.com/topic/al-Azhar-University
Encyclopedia Britannica. (n.d.). Jamaʿat-i Islami. In Britannica. https://www.britannica.com/topic/Jamaat-i-Islami
Encyclopedia Britannica. (n.d.). Muslim Brotherhood. In Britannica. https://www.britannica.com/topic/Muslim-Brotherhood
Islamic Financial Services Board (IFSB). (2023). Islamic financial services industry stability report 2023. Islamic Financial Services Board. https://www.ifsb.org
Islamic Relief Worldwide. (n.d.). About us. Islamic Relief Worldwide. https://www.islamic-relief.org
Project on Middle East Political Science. (n.d.). Post-Islamism debates: Asef Bayat and Olivier Roy. POMEPS. https://pomeps.org
World Bank. (n.d.). Islamic finance and development. World Bank. https://www.worldbank.org
Zakat and Ushr Ordinance. (n.d.). Government of Pakistan. Zakat & Ushr Department, Punjab. https://zakat.punjab.gov.pk
লেখক: জাহিদুল হাছান গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন স্নাতক শিক্ষার্থী, যাৰ গভীৰ আগ্ৰহ সমাজৰ প্ৰান্তিক আৰু উপেক্ষিত অংশসমূহৰ অভিজ্ঞতা অন্বেষণত। বৰ্তমান তেওঁ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰান্তিক কণ্ঠসকলৰ পৰিচয়, কাহিনী আৰু নীৰৱ ইতিহাসৰ ওপৰত গৱেষণা কৰি আছে। তেওঁৰ আগৰ গৱেষণা মূলত আইন আৰু আইনশাস্ত্ৰক কেন্দ্ৰ কৰি হৈছিল।