শ্বামলীৰ ধনী যুৱক আয়ুষ মালিকৰ ইছলাম গ্ৰহণ।
ভাৰতৰ উত্তৰ প্ৰদেশৰ শামলী জিলাৰ এজন ধনী যুৱক আয়ুষ মালিকে আন্তৰিক অধ্যয়ন, গভীৰ চিন্তা-চৰ্চা আৰু আত্মঅনুসন্ধানৰ পিছত ইছলাম গ্ৰহণ কৰি নিজৰ নাম মুহাম্মদ আলী ৰাখে। তেওঁৰ এই সিদ্ধান্তই সমাজৰ তীব্ৰ সমালোচনা, পৰিয়ালৰ প্ৰত্যাখ্যান আৰু আইনী জটিলতাৰ সৃষ্টি কৰে। কিন্তু সকলো বাধা-বিপত্তিৰ মাজতো তেওঁ নিজৰ ঈমানৰ ওপৰত অটল হৈ থাকে।
যেতিয়া তেওঁক সোধা হৈছিল যে তেওঁক বলপূৰ্বক ইছলাম গ্ৰহণ কৰোৱা হৈছিল নেকি, তেতিয়া তেওঁ স্পষ্টভাৱে কয় - "এই অভিযোগসমূহ সম্পূৰ্ণ ভিত্তিহীন। কোনো মানুহক জোৰ কৰি বিশ্বাস কৰাব নোৱাৰি। মই নিজৰ ইচ্ছা আৰু সিদ্ধান্তমতেই ইছলাম গ্ৰহণ কৰিছোঁ। আলহামদুলিল্লাহ, মই এজন মুছলিম।"
আন এটা বক্তব্যত তেওঁ দৃঢ়তাৰে কয়— "মোৰ সকলো ধন-সম্পত্তি কেঢ়ি ল'ব পাৰে, তাত মোৰ কোনো আক্ষেপ নাই। আনকি যদি মোৰ এখন হাতত সূৰ্য আৰু আনখন হাতত চন্দ্ৰ ৰাখি দিয়া হয়, তথাপিও মই মোৰ ঈমান কেতিয়াও ত্যাগ নকৰিম।"
কেনেকৈ বিষয়টো পোহৰলৈ আহিল?
এই বিষয়টো প্ৰথমবাৰৰ বাবে পোহৰলৈ আহে ৪ জুন তাৰিখে, যেতিয়া মুজাফ্ফৰনগৰৰ যোগ সাধনা আশ্ৰমৰ মহন্ত স্বামী যশবীৰে এটা ভিডিঅ' প্ৰকাশ কৰে। তেওঁ অভিযোগ কৰে যে চান্দনী কুৰেশী নামৰ এগৰাকী মহিলাই ভাৰত মেডিকেল ষ্ট'ৰৰ গৰাকী পৰিয়ালৰ একমাত্ৰ পুত্ৰ আয়ুষ মালিকক প্ৰেমৰ জালত আৱদ্ধ কৰি নিজৰ ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে আৰু পৰিয়ালটোৰ ওপৰতো চাপ সৃষ্টি কৰিছে।
ইয়াৰ পিছত ৬ জুনত আয়ুষৰ পিতৃ দেৱৰাজ মালিক, যিজন শামলীৰ এজন সুপৰিচিত ঔষধ ব্যৱসায়ী, তেওঁ শামলীৰ চিটি কোতৱালী আৰক্ষী থানাত অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগ আছিল যে চান্দনী কুৰেশী আৰু তেওঁৰ পিতৃ ইছলাম কুৰেশীয়ে তেওঁৰ পুত্ৰক পৰিয়ালৰ সম্পত্তি লাভৰ উদ্দেশ্যে ফান্দত পেলাইছে। অভিযোগ অনুসৰি, জিম প্ৰশিক্ষক হিচাপে কৰ্মৰত চান্দনীৰ সৈতে আয়ুষৰ সম্পৰ্ক গঢ়ি উঠে আৰু পিছত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে চান্দনী আৰু তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
শামলীৰ আৰক্ষী অধীক্ষক এন. পি. সিঙে জনোৱা মতে, দেৱৰাজ মালিক এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। তেওঁৰ তিনিগৰাকী বিবাহিত কন্যা আৰু এজন পুত্ৰ আছে। পৰিয়ালৰ দাবী অনুসৰি, আয়ুষে এতিয়া দীঘল দাড়ি ৰাখিছে, ইছলামিক টুপি আৰু কুৰ্তা-পায়জামা পৰিধান কৰে আৰু পৰিয়ালৰ সৈতে অতি সীমিত যোগাযোগ ৰাখিছে।
আৰক্ষীয়েও উল্লেখ কৰে যে আয়ুষ পাকিস্তানৰ প্ৰয়াত ইছলামি চিন্তাবিদ ড° ইছৰাৰ আহমদৰ কোৰআন তাফছীৰৰ বক্তৃতাসমূহ শুনিবলৈ আগ্ৰহী আছিল। দক্ষিণ এছিয়াৰ বহু লোকৰ দৰে তেওঁৰ ওপৰতো এই বক্তৃতাসমূহৰ প্ৰভাৱ পৰিছিল।
আয়ুষৰ বক্তব্য
আয়ুষ মালিকে জনায় যে তেওঁ ২০০৮ চনৰ পৰাই ইছলামৰ বিষয়ে অধ্যয়ন আৰম্ভ কৰিছিল। ২০১৯ চনত এটা থেৰাপি চেণ্টাৰত তেওঁৰ চান্দনী কুৰেশীৰ সৈতে পৰিচয় হয়। প্ৰায় চাৰি বছৰৰ আগতে তেওঁলোকৰ বিবাহ সম্পন্ন হয়। কিন্তু তেওঁ স্পষ্টভাৱে কয় যে এই বিবাহ তেওঁৰ ইছলাম গ্ৰহণৰ কাৰণ নাছিল।
তেওঁৰ ভাষ্য অনুসৰি, তেওঁ বহু আগতেই প্ৰায় ২০১৩ চনৰ সময়ছোৱাত গোপনে ইছলাম গ্ৰহণ কৰিছিল আৰু শৈশৱৰ পৰাই মূৰ্তিপূজাৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাছিল।
সংবাদ মাধ্যমৰ আগত তেওঁ পুনৰ স্পষ্ট কৰি কয়- "মোক কোনো ধৰণে জোৰ কৰা হোৱা নাই বা প্ৰতাৰণা কৰা হোৱা নাই। সৰুৰে পৰাই মই ইছলামৰ বিষয়ে জানিছিলোঁ। ইছলামৰ শিক্ষা মোৰ ভাল লাগিছিল, সেইবাবেই মই নিজৰ ইচ্ছাৰে ইছলাম গ্ৰহণ কৰিছোঁ। এতিয়া মই এজন মুছলিম। আলহামদুলিল্লাহ।"
তেওঁ আকৌ কয় যে তেওঁৰ ইছলামৰ পথচলা হঠাতে আৰম্ভ হোৱা নাছিল; ই বহু বছৰৰ অধ্যয়ন, চিন্তা আৰু আত্মবিশ্লেষণৰ ফল।
তেওঁৰ ভাষাত- "এয়া এনেকুৱা নহয় যে এদিন হঠাতে মোৰ মন সলনি হৈ গ'ল। কোনোবাই মোক ড° ইছৰাৰ আহমদৰ বক্তৃতা শুনিবলৈ বাধ্য কৰা নাছিল। তেওঁৰ বক্তৃতা মোৰ ভাল লাগে, সেইবাবেই মই সেইবোৰ অনুসৰণ কৰোঁ।"
আয়ুষে জনায় যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহতেই তেওঁ নিজৰ ইছলাম গ্ৰহণ আৰু নিকাহৰ বিষয়ে পৰিয়ালক অৱগত কৰিছিল। তেওঁ এই কথাও স্পষ্টভাৱে ঘোষণা কৰে যে পিতৃৰ সম্পত্তিৰ ওপৰত তেওঁৰ কোনো দাবী নাই। তেওঁ পৰামৰ্শ দিয়ে যে সেই সম্পত্তি তেওঁৰ মাতৃ আৰু ভগ্নীসকলৰ মাজত বিতৰণ কৰা হওক।
ইতিহাসৰ এক স্মৃতি
আয়ুষ মালিকৰ এই কাহিনীয়ে নবী মুহাম্মদ ﷺ-ৰ যুগৰ আন এজন ধনী যুৱকৰ কথা মনত পেলাই দিয়ে। তেওঁ মক্কাৰ অন্যতম ধনী পৰিয়ালৰ সন্তান আছিল। সুদৰ্শন, সৌখিন আৰু বিলাসী জীৱন তেওঁৰ চাৰিওফালে আছিল। তেওঁ আটাইতকৈ উৎকৃষ্ট পোছাক পৰিধান কৰিছিল আৰু আটাইতকৈ দামী সুগন্ধি ব্যৱহাৰ কৰিছিল। কিন্তু এই সকলো আৰাম-আয়েশৰ মাজতো তেওঁৰ অন্তৰ শান্ত নাছিল।
যেতিয়া তেওঁ ইছলামৰ সত্যতা উপলব্ধি কৰিলে, তেতিয়া তেওঁ নিজৰ ধন-সম্পত্তি, সামাজিক মৰ্যাদা, পৰিয়াল আৰু সকলো সুখ-সুবিধা আল্লাহৰ সন্তুষ্টিৰ বাবে ত্যাগ কৰিলে। সেই মহান যুৱকজন আছিল হজৰত মুছআব ইবনে উমাইৰ (ৰাঃ)—ইছলামৰ প্ৰথম দূত (Ambassador)।
আয়ুষ মালিকৰ ঘটনাই আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃত ঈমান পৃথিৱীৰ সকলো ধন-সম্পত্তি, আৰাম-আয়েশ আৰু সামাজিক মৰ্যাদাতকৈ বহুগুণে মূল্যৱান। ইতিহাসে সাক্ষ্য দিয়ে যে যুগে যুগে এনেকুৱা মানুহ আহিছে, যিসকলে সত্যৰ বাবে ধন-সম্পত্তি, আৰাম আৰু পাৰ্থিৱ লাভ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।
আল্লাহ তাআলাই আমাক সকলো সময়তে ইছলামৰ ওপৰত অটল আৰু দৃঢ়চিত্তে প্ৰতিষ্ঠিত ৰাখক। আমাৰ অন্তৰসমূহক ঈমানৰ নূৰেৰে আলোকিত কৰক, সত্যৰ পথত অবিচল থকাৰ তাওফীক দান কৰক আৰু দুনিয়াৰ কোনো লোভ, ভয়, পৰীক্ষা বা বিপদে যাতে আমাক ইছলামৰ পৰা বিচ্যুত কৰিব নোৱাৰে, তাৰ তাওফীক প্ৰদান কৰক। আমাৰ মাজত এনে অসংখ্য ঈমানদাৰ বান্দাৰ সৃষ্টি কৰক, যিসকলে আল্লাহৰ সন্তুষ্টি আৰু দীনৰ কল্যাণৰ বাবে নিজৰ ধন-সম্পদ, মৰ্যাদা, আৰাম-আয়েশ, আনকি প্ৰয়োজন হ'লে নিজৰ জীৱনো কুৰবান কৰিবলৈ সদায় প্ৰস্তুত থাকে। আল্লাহে আমাক নবী কৰীম ﷺ, ছাহাবায়ে কিৰাম (ৰাঃ) আৰু ছালিহ বান্দাসকলৰ পথ অনুসৰণ কৰাৰ তাওফীক দান কৰক আৰু ঈমানৰ সৈতে জীৱন অতিবাহিত কৰি ঈমানৰ ওপৰতে মৃত্যুবৰণ কৰাৰ সৌভাগ্য দান কৰক। আমীন, য়া ৰাব্বাল আলামীন।
উৎসসমূহঃ
দি ৱাইৰ
মুছলিম মিৰৰ
ভাস্কৰ ইংৰাজী
আৰু ভাইৰেল ভিডিঅ’