কৰিমগঞ্জৰ নাম পৰিবৰ্তন উচিত নে?
অসম চৰকাৰৰ কেবিনেট বৈঠকৰ এক সিদ্বান্ত অনুসৰি হঠাতেই কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তন হৈ শ্ৰীভূমি হৈ পৰিল । ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰবিন্দ্ৰনাথৰ প্ৰসংগ টানি আনি কৈছে যে "শ্ৰীভূমি" নামটো হেনো ৰবিন্দ্ৰনাথ ঠাকুৰে দিয়া। কবিগুৰুৰ প্ৰতি সন্মান জনাবলৈকে হেনো এই পদক্ষেপ।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কৰিমগঞ্জ সৰ্বপ্ৰথম ১৭৭৮ চনত ৪০ খন পৰগনাক লৈ অবিভক্ত চিলেট জিলাৰ এটা মহকুমা হিচাপে প্ৰতিষ্ঠিত হৈছিল। এই অঞ্চলৰ নাম কৰিমুদ্দিন চৌধুৰী নামৰ এজন স্থানীয় জমিদাৰৰ পৰা আহিছে। যি এই অঞ্চলত নিজৰ ভূমিৰ ওপৰত এখন বজাৰ স্থাপন কৰি দিছিল। ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত চিলেটক লৈ গণভোটৰ আয়োজন কৰা হৈছিল। উক্ত বৰ্ষৰ ৬ আৰু ৭ জুলাই তাৰিখে অনুষ্টিত হোৱা এক বিতৰ্কিত গণভোটৰ জৰিয়তে চিলেট জিলাৰ পাঁচটা মহকুমাৰ ভিতৰত চিলেট,মৌলবীবজাৰ, সুনামগঞ্জ আৰু হাবিগঞ্জ মহকুমা পূব পাকিস্থানৰ লগত চামিল কৰা হৈছিল। ইয়াৰে অৱশিষ্ট মুছলমান অধ্যুষিত কৰিমগঞ্জ মহকুমাৰ কৰিমগঞ্জ থানাৰ একাংশৰ লগতে পাথাৰকান্দী, বদৰপুৰ আৰু ৰাতাবাৰী থানাক লৈ গঠিত ৭০৯ বৰ্গ কিলোমিটাৰ এলেকা অসমৰ কাছাৰ জিলাৰ এটা মহকুমা হিচাপে ভাৰতৰ লগত অন্তৰ্ভূক্ত হয়। পৰবৰ্তী সময়ত ১৯৮৩ চনৰ ১ জুলাই তাৰিখৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক এখন পূৰ্ণাংগ জিলাৰ মৰ্যাদা প্ৰদান কৰে। ইয়াৰ চাৰিদশক পিছত হঠাতেই ৰাইজৰ কোনো মতামত গ্ৰহণ নকৰাকৈয়ে ৰবিন্দ্ৰনাথ ঠাকুৰৰ সন্মানাৰ্থে কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তন কৰি শ্ৰীভূমি কৰি দিয়া হ'ল। এতিয়া কথা হ'ল ৰবিন্দ্ৰনাথ ঠাকুৰে সঁচাই কৰিমগঞ্জক শ্ৰীভূমি বুলি উল্লেখ কৰিছিল নেকি?
উল্লেখযোগ্য যে ৰবিন্দ্ৰনাথ ঠাকুৰে ১৯১৯ চনৰ নবেম্বৰ মাহত শ্বিংঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটীৰ পৰা ৰে'লযোগে চিলেট চহৰ পৰিভ্ৰমণ কৰিছিল। চিলেট ভ্ৰমণ সম্পৰ্কে ভ্ৰমণ কাহিনী লিখিবলৈ গৈ তেওঁ এটা সৰু কবিতা লিখিছিল। কবিতাৰ প্ৰথম চাৰিটা পংক্তি আছিল—
মমতা বিহীন কালস্ৰোতে
বাংলাৰ ৰাষ্ট্ৰসীমা হতে
নিৰ্বাচিতা তুমি
সুন্দৰী শ্ৰীভূমি ।
এই ভ্ৰমণ কাহিনী প্ৰকাশ পায় ১৯৪১ চনত। ১৮৭৪ চনত ব্ৰিটিছ চৰকাৰে বাংলা প্ৰভিন্সৰ পৰা চিলেট আৰু গোৱালপাৰা জিলাক কৰ্তন কৰি অসমৰ সৈতে সংলগ্ন কৰি দিয়ে। ইয়াৰ অন্তৰ্নিহিত কাৰণ আছিল বংগত ব্ৰিটিছৰ বিৰুদ্ধে ক্ৰমে গা কৰি উঠা শক্তিশালী বাঙালী জাতীয়তাবাদী শক্তিক দুৰ্বল কৰি দিয়া। ইয়াৰ ফলত চিলেট আৰু গোৱালপাৰাৰ বাঙালী সমাজ প্ৰশাসনিকভাৱে বংগৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। গবেষক সকলৰ ধাৰণা যে এই বিচ্ছিন্নতাৰ বিৰুদ্ধে ক্ষোভ আৰু দুখ প্ৰকাশ কৰিয়েই ৰবিন্দ্ৰনাথ ঠাকুৰে বাংলাৰ ৰাষ্ট্ৰসীমা হতে/ "নিৰ্বাচিতা তুমি" বুলি বৃহত্তৰ চিলেট বা শ্ৰীহট্ট জিলাক সুন্দৰী শ্ৰীভূমি বুলি উল্লেখ কৰিছিল। কবিগুৰুৱে কেতিয়াও কৰিমগঞ্জ মহকুমাক শ্ৰীভূমি বুলি উল্লেখ কৰা নাছিল। এয়া আছিল বৃহত্তৰ আৰু ঐক্যবদ্ধ বংগৰ প্ৰতি কবিৰ আকূতি। ইতিহাসৰ পৰা জনা যায় যে ৰবিন্দ্ৰনাথ ঠাকুৰৰ কৰিমগঞ্জ ভ্ৰমণৰ ১৪১ বছৰ পূৰ্বৰে পৰাই জমিদাৰ কৰিমুদ্দিন চৌধুৰীৰ নামত কৰিমগঞ্জ মহকুমাৰ নামাকৰণ হৈ আহিছে।
কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তনৰ বাবে সাধাৰণ ৰাইজে কোনো দিনেই দাবী উত্থাপন কৰা নাই। হিন্দু-মুছলমান নিৰ্বিশেষে কৰিমগঞ্জৰ ভূমিপুত্ৰ লোকসকলে প্ৰায় তিনিশ বছৰীয়া ঐতিহ্য সমৃদ্ধ নিজৰ জিলাখনৰ নামটোক লৈ গৌৰৱবোধ কৰি আহিছে। কিন্তু যিহেতু এই জিলাখনৰ নামৰ সৈতে ইছলামিক শব্দ 'কৰিম' জড়িত হৈ আছে (কৰিম শব্দৰ অৰ্থ হ'ল গৌৰৱময় বা উদাৰ), সেয়ে একাংশ সাম্প্ৰদায়িক শক্তিৰ বাবে অপচন্দ এই নাম। বিশেষকৈ সংঘৰ বিভিন্ন স্থানীয় শাখা সংগঠনে তেওঁলোকৰ সাংগঠনিক কাম-কাজত পূৰ্বৰে পৰাই কৰিমগঞ্জ জিলাক শ্ৰীভূমি জিলা হিচাপে চিহ্নিত কৰি অহা দেখা যায়। ৰবিন্দ্ৰনাথ প্ৰীতিৰ বাবে যিসকলে কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তন কৰিব বিচাৰে তেওঁলোকে ৰবিন্দ্ৰনাথ ঠাকুৰে ৰাষ্ট্ৰীয় সংগীতত উল্লেখ কৰাৰ দৰে উৰিষ্যাক "উৎকল" আৰু দক্ষিণৰ ৰাজ্য সমূহৰ নাম পৰিবৰ্তন কৰি "দ্ৰাবিড়" কৰিবলৈও দাবী উথাপন কৰিব নেকি? এটা কথা ঠিক যে সংখ্যালঘুৰ ঐতিহ্য আৰু গৌৰৱময় স্মৃতিক মচি পেলোৱাৰ প্ৰয়াস কৰা সকল কেতিয়াও প্ৰকৃততে ৰবিন্দ্ৰনাথৰ অনুগামী হ'ব নোৱাৰে।
ভাৰতৰ লগতে বাংলাদেশৰো ৰাষ্ট্ৰীয় সংগীতৰ ৰচক ৰবিন্দ্ৰনাথ ঠাকুৰে আজীৱন তেখেতৰ গীত-মাত, কবিতা আৰু অন্যান্য সাহিত্যৰ মাজেৰে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু মানবীয় প্ৰমূল্যবোধৰ আধাৰত এখন সমাজ গঠনৰ পোষকতা কৰি আহিছিল। হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি গঢ়ি তোলাৰ উদ্দেশ্যেৰে ৰবিন্দ্ৰনাথে নিজে ৰাখী হাতত লৈ কলকাতাৰ নাখোড়া মছজিদৰ চৌহদত সোমাই গৈছিল। তেওঁ মছজিদৰ ইমামক ৰাখী পিন্ধোৱাৰ উপৰিও ইমামক লগত লৈ ৰাখীবন্ধনৰ শুভাযাত্ৰা উলিয়াইছিল। ব্ৰিটিছে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বংগ ভংগ কৰাৰ প্ৰতিবাদস্বৰূপে ৰবিন্দ্ৰনাথ ঠাকুৰে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ প্ৰতীকস্বৰূপে হাতত তুলি লৈছিল ৰাখী। নিজৰ সাম্প্ৰদায়িক এজেণ্ডা ৰূপায়নৰ বাবে ৰবিন্দ্ৰনাথক ব্যৱহাৰ কৰিব বিচৰা সকলে তেওঁৰ এই কবিতা কেইফাকি মনত ৰখা উচিত—
"ধৰ্মৰ বেশে মোহ যাৰে এসে ধৰে
অন্ধ সে জন মাৰে আৰ শুধু মৰে
ধৰ্মকাৰাৰ প্ৰাচীৰে বজ্ৰ হানো
এ অভাগা দেশে জ্ঞানেৰ আলোক আনো।"
গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে কৰিমগঞ্জৰ নাম পৰিবৰ্তন এই অঞ্চলৰ চহকী আৰু বৈচিত্ৰময় ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি উপহাসেই নহয়, কৰিমগঞ্জ নামটোৰ সৈতে আবেগিকভাৱে জড়িত প্ৰতিজন লোককো এই সিদ্ধান্তই দুখ দিছে। সমষ্টি পুনৰ গঠনৰ জৰিয়তে বৰাকত ভূমিপুত্ৰ কাছাৰী-চিলেটি-মইমাল সকলৰ ৰাজনৈতিক অধিকাৰ আধালৈ হ্ৰাস কৰাৰ পিছত এতিয়া "কৰিমগঞ্জ"ৰ নাম পৰিবৰ্তন । ইমানৰ পিছতো বৰাকৰ খিলঞ্জীয়া মুছলমান সকলৰ বৌদ্ধিক আৰু ৰাজনৈতিক নেতৃবিন্দৰ কোনো গণতান্ত্ৰিক আৰু ঐক্যবদ্ধ পদক্ষেপ চকুত পৰা নাই। এই মুহুৰ্তত বৰাকৰ খিলঞ্জীয়া মুছলমান সকলে নিজৰ ঐতিহ্য-সংস্কৃতি সুৰক্ষাৰ বাবে চিন্তা কৰাৰ সময় সমাগত।