বংবন্ধুৰ ধৰ্মনিৰপেক্ষ বাংলাদেশ ধ্বংসৰ পথত নেকি ?
বিগত জুলাই মাহত বাংলাদেশত আৰম্ভ হৈছিল কোটা বিৰোধী ছাত্ৰ আন্দোলন। সেই আন্দোলনটো ক্ৰমান্বয়ে বৈষম্য বিৰোধী আন্দোলনলত পৰিণত হয়। এয়াই নহয়, বাংলাদেশৰ ৰাজপথত হেজাৰ হেজাৰ মানুহ আহত হয় জাৰ মাজত বহুত লোকে নিহত হয়। জলি থাকে ৰাস্তা ঘাট, বিয়পি থাকে হত্যাৰ ধুমুহা। বিভিন্ন অঞ্চলত আৰক্ষীৰ সৈতে শিক্ষাৰ্থী সংঘৰ্ষ হৈ থাকে। অবশেষত এই দৃশ্যটোৱে ৰণক্ষেত্ৰৰ আকাৰ লৈয়েই এৰে। সমগ্ৰ দেশতে পথ আৰু ৰে'ল যোগাযোগ বন্ধ কৰি দিয়া হয়। গতিকে, এই পৰিস্থিতিৰ বাবে দায়ী কোন ? ইয়াৰ আঁৰত কাৰ হাথ ? কোনে কৰি আছে এই ষড়যন্ত্ৰ? যদি এইটো এটা ষড়যন্ত্ৰ ? তেন্তে এই ষড়যন্ত্ৰৰ উদ্দেশ্য কি ?
এই আন্দোলনৰ আঁৰত কি কেৱল ছাত্ৰ-ছাত্ৰীৰ হাথ হয়নে? নে ইয়াৰ আঁৰত কিছু লুকাই থকা শক্তিও আছে? সঁচাকৈয়ে কি ইয়াৰ আঁৰত আছে সেইসকল পাকিস্তান সমৰ্থিত ৰাজাকাৰসকল যিয়ে আজিও বাংলাদেশত চৰ ৰূপত নিজৰ নিজৰ কাম-কাজ অব্যাহত ৰাখে। বাংলাদেশৰ হেফাজত জামাত ও বাংলাদেশ ন্যাশনালিস্ট পার্টি(বিএনপি)ৰ নিচিনা ধর্মনিৰপেক্ষ বিপক্ষীপন্থীবোৰৰ হাত নাই নেকি? এই আন্দলোনত দেখা পোৱা যায় বঙ্গবন্ধু শেখ মজিবুৰ ৰহমানৰ বিশাল এক মূর্তিকে চূর্ণবিচূর্ণ কৰা হৈছে। ধ্বংশ কৰা হৈছে বঙ্গবন্ধু মিউজিয়াম, গণভবনক লুটপাত কৰা হয়। ভাঙি পেলোৱা হয় আওায়ামী পার্টিৰ কাৰ্যালয়বোৰ । আক্রমণ কৰা হয় অনেক আওয়ামী লীগেৰ নেতাকর্মীবোৰক।
এই সকল দৃশ্য দেখি কী মনে হয়? সত্যিই কী এই আন্দোলনৰ নিশ্চিত অভিমুখ অছিল কোটা প্রত্যাহাৰ? নহয়! এইটো আছিল এটা উপলক্ষ্যমাত্র, একটা মুখোশ। যি পৰৱৰ্তী আন্দোলনত সেই মুখোশখন খুলি যায়। এই আন্দোলনৰ উদ্দেশ্য একেবাৰেই বৈষম্যৰ ও স্বজনপোষন বন্ধৰ নাছিল। বৰঞ্চ পৰ্দাৰ আঁৰত আছিল ধর্মনিৰপেক্ষতাৰ বিনাশ। তেওঁলোক বাংলাদেশৰ সেই ধর্মনিৰপেক্ষ মতাদর্শক ভাঙিবলৈ বিচাৰিছে যাৰ প্রতিষ্ঠাতা ছিলেন বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমান, যিজনে আছিল এজন গান্ধীজীৰ ন্যায় ধর্মনিৰপেক্ষ মনোভাৱ পন্থী মহান ব্যক্তিত্ব। তাৰ কৃতীত্বৰ ফলে, স্বাধীন বাংলাদেশেৰ সংবিধানে গণতন্ত্র, সমাজতন্ত্রৰ পাশাপাশি স্তম্ভস্বৰূপ হৈ উঠিছিল ধর্মনিৰপেক্ষতা। বঙ্গবন্ধু আগতে কৈছিল, স্বাধীন বাংলাদেশ হ`ল হিন্দু মুছলিম, বাঙালি-অবাঙালি সকলৰ বাবে সমান, ই ৰক্ষা কৰাই প্রত্যেকৰ ধর্ম হব। তেওঁৰ এটা সপোন আছিলবাংলা ভাষা আৰু সংস্কৃতি ৰক্ষাৰ আন্দোলন জাতিৰ মূল কৰ্তব্য। তেওঁৰ স্বাধীন সত্তা পৰম্পৰাত শিপাই থাকিব ধর্মীয় পৰিচয়ৰ ওপৰত সাংস্কৃতিক ঐতিহ্যে। সমাজত সকল ধর্ম-সম্প্রদায়ৰ অভ্যাস ও আচৰণ থাকিব, কিন্তু সাম্প্রদায়িকতা নাথাকিব। দেশক একসূত্রত বান্ধিব বাংলা ভাষা ও সংস্কৃতি-আশ্রয়ী উদাৰ বাঙালিত্ব।
নিশ্চিতভাৱে সেই স্বপ্ন ধ্বংস হৈ গৈছিল বিএনপি-জামাতৰ কালত। যদিও বঙাবন্ধুৰ দেখোৱা পথক পুনৰ অনুসৰণ কৰে তেওঁৰ কন্যা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সেই মতাদর্শকৰ ঘূৰাই আনিবলৈ অশেষ চেষ্ট কৰে, যিটো ধর্মক বাদ দি নহয়, লগত লৈ চলা, অৱশ্যে মূৰত লৈ নহয়। কিন্তু বড়ো দুঃখেৰ বিষয় যে, সেই মতাদর্শও আজি অন্তর্ধান হ'বলৈ গৈ আছে।
কিমান আশ্চর্যনক ব্যাপাৰ যে, আজিৰ প্রজন্ম সেই দেশ পিতাৰ মূর্তি ভাঙিছে। যিজন ব্যক্তিটোৱে সাধাৰণ মানুহৰ হৃদয়ৰ গভীৰতাত অৰু মনৰ অন্তৰত স্বাধীনতা অর্জনেৰ যি আকাংক্ষা তাৰ এটা বীজ ৰোপণ কৰে। এটা জাতিক জগাই তুলি মুক্তি যুদ্ধৰ পথাৰত নমাই দিবলৈ সক্ষম হৈছিল। যি সোণৰ বাংলাৰ স্বাধীনতাৰ বাবে আহ্বান দিবলৈ গৈ কৈছিল, ‘ঘৰে ঘৰে দুৰ্গ নিৰ্মাণ কৰক। আপোনাৰ হাতত যি আছে, সেইটো দি শত্ৰুৰ লগত মোকাবিলা কৰিব লাগিব। ৰক্ত যেতিয়া দিছোঁ, তেতিয়া আমি আৰু দিম। এই দেশৰ জনসাধাৰণক মই মুকলি কৰিয়েই এৰিম। সেই মহান বীৰপুৰষক কেইবছৰমানৰ ভিতৰতে তেওঁক গুলী কৰি হত্যা কৰা হৈছিল ১৭৭৫ চনৰ ১৫ আগষ্টত।
আমালোকৰ দেশতো তেনেকুৱা ঘটিছিল ১৯৪৮ চনত। স্বাধীনতাৰ তিতা গোন্ধ এতিয়াও দেশৰ পৰা অতৰি যোৱা নাছিল তাৰ মাজতেই গুলি কৰি হত্যা কৰা হ'ল গান্ধীজিক। আচলতে এইটোৱেই হয়তো ইতিহাসৰ অন্ধ বিচাৰ। বিপৰীত শক্তিৰ বৌদ্ধিক দুৰ্নীতিৰ মানসিকতাই এইদৰে হয়তো দেশক অন্ধকাৰৰ দিশে ঠেলি দিবলৈ বিচাৰে। গান্ধীজি আছিল এজন ধর্মনিৰপেক্ষ মনোভাৱাপন্ন মানুহ। মুজিবুৰ ৰহমানেও তেনেকুৱা আছিল। মৌলবাদী সাম্প্রদায়িক সংগঠনবোৰক তেওঁ সাংবিধানিকভাৱে নিষিদ্ধ কৰিছিল। কিন্তু জিয়াউৰ ৰহমানৰ সোপন আছিল আকৌ বাংলাদেশক পাকিস্তান বনোৱা। সেই অশুভ সপোন তেওঁ বহু বাংলাদেশীৰ মনত গাথিঁ ৰাখিছিল।
জিয়াউৰ ৰহমানৰ কৌশল আকৌ বাংলাদেশত ঘুৰাই আনিছিল জামাতিদলবোৰ। ১৯৮৮ চনত ইছলামক বাংলাদেশৰ জাতীয় ধর্ম বুলি ঘোষণা কৰা হৈছিল। যুগ্ম, ২০০১ চনত মৌলবাদীসকল ওছামা বিন লাদেনৰ ছবিলৈ মিছিল কৰিছিল। তাত শ্লোগান আছিল, ‘আমি হব তালিবান, বাংলা হব আফগান, আজি সত্যিই আমি দেখিলোঁ ‘সোণৰ বংঙ্গক এদল ধৰ্মান্ধ আফগানিস্তান আৰু পাকিস্তান বনোৱা হৈছে। আজি তেওঁলোক ছাত্র আন্দোলনৰ মাস্ক পিন্ধি সুৰ তুলি শ্লোগান দিয়ে- "ভাৰত যাৰ মামাবাড়ি বাংলা এৰক তাৎক্ষণিকভাৱে।" ইয়াতেই শেষ নহয় আনকি জামাতিদলবোৰৰ পণ্ডিতসকলে ধৰ্মনিৰপেক্ষতা বিলুপ্ত কৰা আৰু মাজাৰ, মন্দিৰ আদি ধৰ্মীয় স্থান ভাঙি পেলোৱাৰ বিষয়ে মুকলিকৈ কয়।
গত মার্চ মাহত বিএনপিই এই ‘ইন্ডিয়া আউট’ শ্লোগানটো তুলিছিল। অতএব, আৱামী ৰাজৰ পতন আৰু জামাত- বিএনপিৰ গোপন পাকিস্তানৰ এই জোঁটৰ উত্থানৰ অৰ্থ আছিল চৰম ভাৰত বিৰোধিতাৰ সূত্রপাত। অবশেষত প্ৰশ্ন উঠে যে গণতন্ত্ৰ, মানৱ অধিকাৰ আৰু সংবিধানক সন্মান জনাব নোৱাৰে যিজনে তেওঁ কি এদিন নিজৰ জুইত ছাই হৈ নাথাকিব নেকি? তেতিয়া হ’লে কি বঙ্গবন্ধুৰ ধর্মনিৰপেক্ষ বাংলাদেশ বিনাশৰ পথত?
বাংলাদেশৰ বৰ্তমানৰ এই পৰিস্থিতি য'ত আমি দেশিবলৈ পাওঁ সাম্প্ৰদায়িকতা আৰু দেশত মাজে মাজে সাম্প্ৰদায়িক ঘটনা, সামাজিক সম্প্ৰীতিৰ প্ৰতি ভবৰণি। ধৰ্মীয় উগ্ৰপন্থীৰ সমাজত বিভাজন সৃষ্টিৰ চেষ্টা চলোৱা। ৰাজনীতিৰ বাবে ধৰ্মীয় বিষয়ক কেন্দ্ৰ কৰি সংঘাত বাঢ়োৱা, দেশ পিতাৰ মূর্তি ভাঙি পেলোৱা, নিশ্চিতভাৱে দেশৰ বাবে ভবিষ্যবাণী কৰে যে আগন্তক যদি ইয়াৰ বাবে সঠিক সংকল্প লোৱা নহয় তেনেহ'লে এই সোণাৰ বাংলা বিনাশৰ পৰা দূৰত নাই।
বাংলাদেশৰ আগন্তক বিনাশৰ পৰা আঁতৰি আনিবলৈ দেশবাসীসকল দায়িত্ৱ হ'ল ধৰ্মনিৰপেক্ষতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা, শিক্ষা ব্যৱস্থাত ধৰ্মনিৰপেক্ষতা শিকোৱা, সামাজিক সম্প্ৰীতি বজাই ৰাখিবলৈ কাম কৰা, সামাজিক সম্প্ৰীতি বজাই ৰাখিবলৈ কাম কৰা, আইনৰ শাসন আৰু সংবিধান পুনঃ প্ৰতিষ্ঠা কৰা। এতিয়া প্ৰতিবাদ শেষ হোৱাৰ পিছত বাংলাদেশৰ ধৰ্মনিৰপেক্ষতা ধ্বংসৰ উপক্ৰম হৈছে নে নাই সেয়া নিৰ্ভৰ কৰিব এই বিষয়ত চৰকাৰ, দেশবাসীসকল আৰু তথাকথিত জামাতি দলবোৰ কেনেদৰে কাম কৰে তাৰ ওপৰত। ধৰ্মনিৰপেক্ষতাক ৰক্ষা কৰিবলৈ সকলোৱে মিলি কাম কৰিছে নে নাই? আৰু জামাতি দলবোৰ সিহঁতৰ কৰ্মৰ পৰা আঁতৰি আহিছে নে নাই?
শেষত মই পাঠকাৰীসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনী বাংলাদেশৰ ধৰ্মনিৰপেক্ষতা বিপন্ন বুলি ভাবিছেনে? মুজিবুৰ ৰহমানৰ ধৰ্মনিৰপেক্ষ বাংলাদেশ সত্যকৈ ধ্বংসৰ পথত নেকি ? যদি হয় তেতিয়া হলে আপুনি এই সমস্যা সমাধানৰ বাবে কি পৰামৰ্শ দিয়ে?
লেখকৰ চমু পৰিচয়ঃ আশ্ৰাফুল ফাৰুকী (বৰপেটা, অসম) কেৰালাৰ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ গৱেষক পণ্ডিত, য’ত তেওঁ ইছলামিক সভ্যতা অধ্যয়ন বিভাগত গৱেষণা কৰি আছে।