সমতা আৰু সংহতিৰ দূত কাজী নজৰুল ইছলাম
সাম্প্ৰতিক সময়ত আটাইতকৈ বেছি অভাৱ হোৱা বিষয়টোৱেই হ'ল মানবীয় চেতনা। জাতি-গোষ্ঠী ধৰ্মৰ নামত এনে সংকীৰ্ণতা এতিয়া দেশে-দেশে বিৰাজমান। কিন্তু বিভেদ, বৈষম্য আৰু অ-সমতাৰে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰাটো কেতিয়াও সম্ভৱ নহয়। বাংলা সাহিত্যত সমতা আৰু সংহতিৰে এখন সুন্দৰ সমাজ গঠনৰ প্ৰৱক্তা আছিল কাজী নজৰুল ইছলাম। হিন্দু-মুছলমান ঐক্যৰ অগ্ৰদূত নজৰুল ইছলামে বাংলা সাহিত্যত যি সাম্যবাদ আৰু অসাম্প্ৰদায়িক ধাৰাৰ সৃষ্টি কৰিছিল সেয়া অবিস্মৰণীয়। তেওঁৰ তীব্ৰ সাম্যবাদী চেতনাই ব্ৰিটিছ শাসিত পৰাধীন ভাৰতবৰ্ষত ধৰ্ম, বৰ্ণ, জাতি নিৰ্বিশেষে সকলোৰে মাজত ঔপনিবেশিক বিৰোধী চেতনাত সংহতি আৰু ঐক্যৰ সঞ্চাৰ কৰিছিল।
কাজী নজৰুল ইছলামৰ শৈশৱ-কৈশোৰৰ সময়ছোৱা দেশ-বিদেশৰ বহু ৰাজনৈতিক ঘটনাৰ উথান-পতনৰ সাক্ষী হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলন, ছোভিয়েট ইউনিয়নৰ সমাজতাত্ত্বিক বিপ্লৱ আদি বিভিন্ন পৰিঘটনাই কবিক কেতিয়াবা কৰি তুলিছিল বিদ্ৰোহী, কেতিয়াবা সংগীতপ্ৰেমী, কেতিয়াবা আকৌ মানৱ প্ৰেমিক। সেই সময়তে তেওঁ প্ৰতক্ষ্য কৰিছিল সাম্প্ৰদায়িকতাৰ বিষবাষ্পই কিদৰে ভয়াবহ সংঘাতৰ ৰূপ ধাৰণ কৰিব পাৰে। সেইবাবেই কাজী নজৰুল ইছলামৰ সাম্যবাদৰ কেন্দ্ৰবিন্দু আছিল মানুহ। মানুহৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ বাবেই তেওঁ হৈ উঠিছিল মানৱতাবাদী। তেওঁ সকলো ধৰ্মৰ সংকীৰ্ণতাৰ উৰ্ধত উঠি মানৱ ধৰ্মক উচ্চ আসনত বহুৱাইছিল। মানুহক স্থান দিছিল তেওঁ সকলোৰে উৰ্ধত। মানুহৰ মাজত জাতি-গোষ্ঠী আদিৰ কোনো ভেদা-ভেদ তেওঁ বিচাৰি পোৱা নাছিল। পৃথিৱীৰ সকলো দেশৰ , সকলো বৰ্ণৰ মানুহক তেওঁ দেখিছিল কেৱল মানুহৰ পৰিচয়েৰে। সেয়ে সকলো মানুহৰ সমান অধিকাৰৰ বিষয়টো প্ৰাকৃতিক আইন হিচাপেই তেওঁ গণ্য কৰিছিল । কাজী নজৰুল ইছলামৰ অসাম্প্ৰদায়িক চেতনাৰ মূল বাণীয়েই আছিল-" সকলোৰে ওপৰত মানুহেই সত্য, ইয়াৰ উপৰত একো নাই।" তেওঁ বিশ্বাস কৰিছিল হিন্দু-মুছলমান-বৌদ্ধ-খ্ৰীষ্টান যিয়েই নহওঁক, নিপীড়িত মানুহৰ এটাই পৰিচয় ,তেওঁলোক শোষিত-বঞ্চিত মানুহ। আৰু তেওঁৰ কলম সকলো সময়তেই শোষিত-লাঞ্ছিত -নিপীড়িত মানুহৰ পক্ষেই সোচ্ছাৰ আছিল। তেওঁ ধৰ্ম ব্যৱসায়ী সকলৰ বিৰুদ্ধেও বিদ্ৰোহ ঘোষণা কৰিছিল। তেওঁ বাৰে-বাৰে জোৰ দিছিল মানৱ ধৰ্মৰ ওপৰত । সেইবাবেই "হিন্দু-মুছলমান " কবিতাত তেওঁ উল্লেখ কৰিছে-
"মোৰা একই বৃন্তে দুটি কুহুম- হিন্দু-মুছলমান।
মুছলিম তাৰ নয়নমণি, হিন্দু তাহাৰ প্ৰাণ।"
কাজী নজৰুল ইছলামে যে কেৱল সাম্যৰ বাণীয়েই প্ৰচাৰ কৰিছিল তেনে নহয়, তেওঁ সকলো ধৰণৰ বিভেদ আৰু বৈষম্যৰ তীব্ৰ বিৰোধী আছিল। বিভেদ আৰু বৈষম্যৰ ভয়াবহতা উপলব্ধি কৰিব পাৰিছিল তেওঁ। সেইবাবেই সমগ্ৰ জীৱন জুৰি নজৰুল ইছলামে তেওঁৰ সমস্ত ৰচনা, সকলো কৰ্ম আৰু সাধনাৰ মাজেৰে সকলো ধৰণৰ বিভেদ আৰু বৈষম্য দূৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। কাজী নজৰুল ইছলামে বিশ্বাস কৰিছিল "সাম্য" সত্য। আৰু বৈষম্য হ'ল দৈত্যৰূপী অসত্য। দৈত্যৰ হাতৰ পৰা সত্যক মুক্ত কৰি এখন সুন্দৰ পৃথিৱী প্ৰতিষ্ঠাৰ সংগ্ৰামত তেওঁৰ ভূমিকা আছিল এজন আপোচবিহীন নিৰন্তৰ সাধক হিচাপে। তেওঁ মানুহক দেখিছিল সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন হিচাপে। প্ৰতিজন মানুহৰ মাজতেই তেওঁ বিচাৰি পাইছিল আত্মাৰ সম্পৰ্ক। কাজী নজৰুল ইছলামে কৈছিল-ধৰ্ম কেৱল এটা বিশ্বাস। ব্যক্তিৰ মন গহণত জন্মা বিশ্বাসে প্ৰকাশ্যে কোনো বিৰোধ বা দ্বন্ধৰ সৃষ্টি কৰাটো অনুচিত। তেওঁৰ মতে এজন মানৱ সন্তানৰ প্ৰথম পৰিচয় হ'ল- তেওঁ মানুহ। ভাৰতীয় উপমহাদেশৰ ৰাজনীতিৰ ক্ষেত্ৰখনত যেতিয়া ধৰ্মীয় পৰিচিতিটোৱেই প্ৰধান হৈ পৰিছিল, তেতিয়াই তেওঁ ইয়াৰ তীব্ৰ বিৰোধীতা কৰি সাম্যৰ গীত গাইছিল। আজীৱন এখন ভেদা-ভেদ হীন সমাজৰ প্ৰত্যাশা কৰা নজৰুল ইছলামে যেতিয়াই চকুৰ আগত কোনো অন্যায় দেখিছিল, লগে-লগেই তাৰ বিৰোধীতা কৰিছিল। সেইবাবেই তেওঁৰ কলম আজীৱন বিদ্ৰোহী আছিল।
নজৰুল ইছলাম আছিল মানৱ মুক্তিৰ সাৰথি। শোষণ আৰু ধৰ্মান্ধতাৰ বিৰোধী । তেওঁৰ কবিতা আৰু গীত সমূহে যুগে-যুগে মানুহক শোষণ আৰু বঞ্চনাৰ পৰা মুক্তিৰ পথ দেখুৱাই আহিছে। তেওঁ শোষিত, বঞ্চিত,সংগ্ৰামী মানুহৰ কন্ঠস্বৰ। আধুনিক বিশ্বৰ প্ৰগতিশীল, গণতান্ত্ৰকামী সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক-অৰ্থনৈতিক আন্দোলনৰ সফলতাত নজৰুলৰ আদৰ্শৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। বৰ্তমান মানুহৰ মাজত বৈষম্য বৃদ্ধিৰ এই প্ৰৱণতাৰ পৰা মুক্তি পোৱাৰ বাবে কাজী নজৰুল ইছলামৰ কবিতা-গীত আৰু বাণী সমূহৰ জৰিয়তে উদ্ধুদ্ধ হ'ব পাৰিলে নিশ্চিতভাবেই আমাৰ সমাজ খন সুন্দৰ হৈ পৰিব। সমতা আৰু সমন্নয়ৰ অগ্ৰদূতজনৰ আদৰ্শ সাম্প্ৰতিক পৰিস্থিতিত অতি প্ৰাসংগিক হৈ পৰিছে।
লেখক - বাহাৰুল হক
নামৰূপ।
জিলা-ডিব্ৰুগড়।
ফোন-৭০০২৯-১৬৫৪৫