ইজৰাইলী আক্ৰমণত আনাছ আল-শৰীফ সহ আল-জাজীৰাৰ পাঁচ সাংবাদিক নিহত।

১০ আগষ্ট, ২০২৫ ত আল-জাজিৰাৰ সাংবাদিক আনাছ আল-শৰীফ গাজা চহৰত সাংবাদিকসকলৰ বাবে স্থাপিত এটা তম্বুত ইজৰায়েলৰ নিচানা ধৰা আক্রমণত চাৰিজন সহকৰ্মীৰ সৈতে নিহত হৈছে।

ৰবিবাৰে নিশা দেৰিত গাজা চহৰৰ আল-শিফা চিকিৎসালয়ৰ প্ৰধান ফটকৰ বাহিৰে থকা তম্বুতটোক লক্ষ্য কৰি কৰা আক্ৰমণত আল-জাজিৰাৰ সংবাদদাতা মুহাম্মদ কুৰেইকেহ, কেমেৰামেন ইব্ৰাহীম জাহেৰ আৰু মুহাম্মদ নৌফল, আৰু প্ৰডাকশন সহায়ক মোৱামেন আলিৱা নিহত হয়। ফ্ৰিলেন্স সাংবাদিক মুহাম্মদ আল-খালদিও নিহত হোৱাৰ খবৰ আহিছে।

নিহত হোৱাৰ পূৰ্বে ২৮ বছৰীয়া আল-শৰিফ, যি গাজাৰ উত্তৰ অংশৰ পৰা বিস্তৃতভাৱে প্ৰতিবেদন দিছিল, X-ত লিখিছিল যে ইজৰাইল গাজা চহৰৰ পূব আৰু দক্ষিণ অংশত “ফায়াৰ বেল্ট” বুলি জনাজাত তীব্ৰ আৰু কেন্দ্ৰিত বোমাবর্ষণ আৰম্ভ কৰিছে।

শেষ বাৰ্তা

মৃত্যুৰ ক্ষেত্ৰত প্ৰকাশ কৰিবলৈ ৬ এপ্ৰিলত লিখা এটা শেষ বাৰ্তাত আনাছ আল-শৰীফে লিখিছিল — “মই বেদনা সম্পূৰ্ণ ৰূপে অনুভৱ কৰিছোঁ। শোক আৰু ক্ষতিৰ স্বাদ বহু বাৰ পাইছোঁ। তথাপিও মই কেতিয়াও সত্যক বিকৃতি নকৰাকৈ প্ৰতিবেদন দিবলৈ কুণ্ঠাবোধ কৰা নাই, আৰু আশা কৰিছোঁ যে ঈশ্বৰে সেইসকলক সাক্ষী ৰাখিব, যিসকল নীৰৱ থাকিল, যিসকল আমাৰ হত্যা গ্ৰহণ কৰিলে, আৰু যিসকল আমাৰ নিশ্বাস খচিলে।”

তেওঁ লগতে লিখিছিল — “আমাৰ শিশু আৰু মহিলাৰ বিকৃত মৃতদেহো সিহঁতৰ হৃদয় নৰম কৰিবলৈ বা দেড় বছৰৰ অধিককাল ধৰি চলি থকা গণহত্যা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।”

সংবাদদাতাগৰাকীয়ে দুখ প্ৰকাশ কৰিছে যে, তেওঁৰ পত্নী বায়ানক এৰি যাব লগা হৈছে আৰু এই কথা তেওঁ গভীৰ দুখেৰে অনুভৱ কৰিছে। তেওঁ আৰু কৈছে যে, তেওঁ নিজৰ পুত্র ছালাহ আৰু কন্যা শামক ডাঙৰ হৈ উঠিবলৈ দেখা নোপোৱাৰ বাবে অত্যন্ত দুখিত।

গাজাৰ পৰা সংবাদ প্ৰেৰণ কৰি থকা অৱস্থাত আনাছ আল-শৰীফ

কণ্ঠক নিস্তব্ধ কৰাৰ হতাশজনক প্ৰচেষ্টা

আল-জাজিৰা মিডিয়া নেটৱৰ্কে এক বিবৃতিত এই হত্যাকাণ্ডক “সংবাদ স্বাধীনতাৰ ওপৰত আন এক স্পষ্ট আৰু পূৰ্বপৰিকল্পিত আক্রমণ” বুলি আখ্যা দিয়ে।

“এই আক্রমণ গাজাত চলি থকা ইজৰায়েলৰ আগ্ৰাসনৰ ভয়ংকৰ পৰিণামৰ মাজত আহিছে — য’ত নিৰবিচ্ছিন্নভাবে নাগৰিক হত্যা, খাদ্যৰ অভাৱ সৃষ্টি, আৰু সম্পূৰ্ণ সমাজ ধ্বংস কৰা হৈছে।”

গাজাৰ সাহসী সাংবাদিকৰ অন্যতম আনাছ আল-শৰীফ আৰু তেওঁৰ সহকৰ্মীসকলক হত্যা কৰাৰ আদেশ হৈছে গাজা অধিকাৰ কৰাৰ আগত সত্য প্ৰকাশ কৰা কণ্ঠবোৰ বন্ধ কৰিবলৈ কৰা এটা নীৰাশ প্রচেষ্টা।

আল-জাজিৰাই আন্তঃৰাষ্ট্ৰীয় সমাজ আৰু সকলো সম্পৰ্কীয় সংস্থাক এই চলি থকা গণহত্যা বন্ধ কৰিবলৈ আৰু সাংবাদিকসকলক নিচানা কৰা বন্ধ কৰিবলৈ সিদ্ধান্তমূলক পদক্ষেপ ল’বলৈ আহ্বান জনায়।

“অপৰাধীক অক্ষুণ্ণ ৰখা আৰু জবাবদিহিতাৰ অভাৱ ইজ্ৰায়েলৰ কাৰ্যকলাপক সাহসী কৰি তোলে আৰু সত্যৰ সাক্ষীসকলৰ ওপৰত অধিক দমন-পীড়নক উৎসাহিত কৰে,” নেটৱৰ্কটোৱে কয়।

আল-জাজীৰাই গভীৰ দু:খ আৰু উদ্বেগৰ সৈতে জাননী দিয়ে যে গাজাৰ অন্যতম সাহসী সাংবাদিক আনাছ আল শাৰিফ আৰু তেওঁৰ সহকৰ্মীসকলৰ ওপৰত কৰা আক্ৰমণ এক উদ্দেশ্যমূলক হত্যাকাণ্ড। আল-জজিৰাৰ মতে, এই হত্যাকাণ্ড গাজাৰ জোৰপূৰ্বক অধিকৰণ আৰু দখলৰ বিৱৰণ দিয়া সত্যৰ সাক্ষীসকলৰ মাত বন্ধ কৰাৰ নিঃশেষ চেষ্টা।

সংস্থাটোৱে স্পষ্টকৈ উল্লেখ কৰিছে: “অপৰাধীৰ বাবে দণ্ডমুক্তি আৰু জবাবদিহিতাৰ অভাৱই ইজ্ৰাইলক অধিক আগ্ৰাসী হোৱাৰ সাহস যোগায় আৰু সত্য উদঙাব পৰা সাংবাদিকসকলৰ ওপৰত দমন-পীড়নৰ পথ মুকলি কৰে।”

আল-জজিৰাই আন্তঃৰাষ্ট্ৰীয় সমাজ আৰু সকলো সম্পৰ্কীয় সংস্থাসকলক আহ্বান জনাইছে যাতে: গাজাত চলি থকা গণহত্যা ৰখাবলৈ তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰা হয়, আৰু সাংবাদিকসকলৰ ওপৰত কৰা উদ্দেশ্যমূলক আক্ৰমণ বন্ধ কৰিবলৈ দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা হয়।

ঘটনাটোৰ সময়ত কেৱল এটা ব্লক দূৰত থকা আল জজিৰাৰ সংবাদদাতা হানি মাহমুদয়ে কয়: “আনাছ আল শাৰিফৰ হত্যাকাণ্ডৰ ওপৰত প্ৰতিবেদন দিয়া হৈছে, বিগত ২২ মাহ ধৰি চলি থকা যুদ্ধৰ সময়ছোৱাৰ ভিতৰত মই কৰা আটাইতকৈ কঠিন কাম।”

আল জজিৰা তীব্ৰভাৱে এই হত্যাকাণ্ডৰ নিন্দা জনায় আৰু সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গ্ল’বেল নেতৃত্ব আৰু সংগঠনসমূহক সক্ৰিয় ভূমিকা ল’বলৈ আহ্বান জনায়।

হামাছ সম্পৰ্কীয় অভিযোগৰ কোনো প্ৰমাণ নাই

আনাছ আল শাৰিফৰ মৃত্যুক ইজৰায়েলৰ সেনাই নিশ্চিত কৰিছে। তেওঁলোকৰ ভাষ্য অনুসৰি, আনাছ হামাছৰ এখন কোষৰ নেতা আছিল আৰু ইজৰায়েলৰ নাগৰিক আৰু সেনাবাহিনীৰ ওপৰত ৰকেট আক্ৰমণৰ পৰিকল্পনা কৰি আছিল। ইজৰায়েলৰ দাবী — তেওঁলোকৰ হাতত আনাছৰ হামাছৰ সৈতে সম্পৰ্ক থকা “সম্পূৰ্ণ প্ৰমাণ” আছে।

কিন্তু এই দাবীৰ প্ৰেক্ষাপটত বহু গভীৰ সন্দেহ উত্থাপন হৈছে। ইউৰো-মেড হিউমেন ৰাইটছ মনিটৰ (Euro-Mediterranean Human Rights Monitor)ৰ বিশ্লেষক মুহাম্মদ শেহাদায়ে স্পষ্টকৈ কয়: “এই দাবীৰ কোনো প্ৰমাণ নাই অৰ্থাৎ ইয়াৰ শূন্য প্ৰমাণ আছে।” তেওঁ লগতে কয়: “আনাছৰ দৈনন্দিন কাম আছিল, পুৱাৰ পৰা সন্ধালৈ ক্যামেৰাৰ সন্মুখত থিয় হৈ সংবাদ প্ৰেৰণ কৰা।”

যুদ্ধ আৰম্ভ হোৱাৰ আগতে, ইজৰায়েলৰ সেনা মুখপাত্ৰ আভিছাই আদ্ৰাঈয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত আনাছক (Hamas) হামাছৰ সামৰিক শাখাৰ সদস্য হিচাপে চিহ্নিত কৰা হৈছিল। এই সন্দৰ্ভত, সংযুক্ত ৰাষ্ট্ৰৰ সংবাদ স্বাধীনতা বিষয়ক বিশেষ ৰিপৰ্টাৰ আইৰিন খানয়ে গভীৰ চিন্তা প্ৰকাশ কৰিছে।

তেওঁ কয়: “ইজৰায়েলৰ সেনাৰ পুনঃপুন হুমকি আৰু অভিযোগৰ বাবে মই গভীৰভাবে চিন্তিত।”

তেওঁ আৰু কয়: “আনাছৰ জীৱনৰ সুৰক্ষাৰ আশংকা যথেষ্ট যুক্তিসংগত আছিল, কাৰণ বৰ্তমান অধিক প্ৰমাণ আহি আছে যে গাজাৰ সাংবাদিকসকলক হামাছৰ সদস্য বুলি – কোনো বৈধ প্ৰমাণ নাথাকিও – নিচানা কৰি হত্যা কৰা হৈছে।”

এই সম্প্ৰসাৰিত উদ্বেগৰ মাজত, বহু মানবাধিকাৰ সংগঠন, সংবাদ সংস্থা, আৰু ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে যে সাংবাদিকসকলৰ ওপৰত হোৱা এই ধৰণৰ হামলা সংবাদ স্বাধীনতাৰ ওপৰত এক বৃহৎ আঘাত, আৰু যুদ্ধত তৃতীয় পক্ষৰ প্ৰকৃত চৰিত্ৰ উদঙাইৰ পৰা স্বতন্ত্ৰ কণ্ঠসকলক চিৰদিনৰ বাবে চুপ কৰোৱাৰ এক কৌশল।

ইজৰায়েলৰঅপপ্ৰচাৰ অভিযান

গাজাত চলি থকা যুদ্ধৰ মাজত সাংবাদিকসকলৰ ওপৰত ইজৰায়েলৰ একেপৰীয়া আক্রমণ আৰু উদ্দেশ্যমূলক অপপ্ৰচাৰক লৈ তীব্ৰ প্ৰতিবাদ উঠিছে। আল-জজিৰা সংবাদ চেনেলটোৱে ইজৰায়েল চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে, তেওঁলোকে গাজাত সংবাদ দিয়া পেলেষ্টাইন সাংবাদিকসকলক হামাছৰ সৈতে সংযোগ থকা বুলি মিছা প্ৰমাণ তৈয়াৰ কৰি, এক “অপপ্ৰচাৰ অভিযান” চলাইছে।

এই ঘটনাৰ পটভূমিতেই নিহত হৈছে আনাছ আল শাৰিফ, যাক ইজৰায়েলে হামাছৰ এখন কোষৰ নেতা বুলি অভিহিত কৰিছে। যদিও তেওঁলোক দাবী কৰে যে তেওঁলোকৰ হাতত প্ৰমাণ আছে, বহু মানৱ অধিকাৰ সংগঠন আৰু বিশ্লেষকে এই দাবীক “প্ৰমাণবিহীন” বুলি অভিহিত কৰিছে।

বিশ্বজুৰি সংবাদিকসকলৰ সুৰক্ষাৰ বাবে কাম কৰা কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্টছ (CPJ)-এ এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় — “ইজৰায়েলৰ সেনাৰ অপপ্ৰচাৰ অভিযানৰ বাবে আমি আনাছ আল শাৰিফৰ জীৱনৰ সুৰক্ষাৰ বিষয়ে গভীৰভাৱে চিন্তিত আছিলোঁ।”

পেলেষ্টাইনৰ সাংবাদিকসকলৰ ওপৰত ধাৰাবাহিক অভিযোগ

২০২৩ চনৰ অক্টোবৰ মাহত গাজাৰ ওপৰত ইজৰায়েলৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই, ইজৰায়েলৰ সেনাই নিয়মিতভাৱে পেলেষ্টাইনৰ সাংবাদিকসকলক হামাছৰ সদস্য বুলি অভিযুক্ত কৰি আহিছে।

বহু মানৱ অধিকাৰ সংগঠনৰ মতে, এইধৰণৰ অভিযোগ ইজৰায়েলৰ দমন-পীড়নমূলক কাৰ্যকলাপ উদঙাই দিয়া সাংবাদিকসকলক চুপ কৰোৱাৰ এখন কৌশলী ষড়যন্ত্ৰ।

এই যুদ্ধৰ সূচনাৰ পৰাই, ইজৰায়েলৰ সেনাই কৰা বোমাবর্ষণত এতিয়ালৈকে ২০০তকৈও অধিক সাংবাদিক আৰু সংবাদ কৰ্মী নিহত হৈছে। এই নিহতসকলৰ ভিতৰত বহুজন আল-জজিৰাৰ সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য আছে।

সংক্ষেপে, সাংবাদিকতা আৰু সংবাদ স্বাধীনতা য’ত সমগ্ৰ সমাজৰ সত্য জানিবৰ অধিকাৰৰ আধাৰ, সেই ক্ষেত্ৰখনতেই ইজৰায়েলৰ চলি থকা এই অপপ্ৰচাৰ অভিযান আৰু হত্যাকাণ্ডে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

 

 

সুত্ৰআল- জাজীৰা আৰু ইছলামনৱেব ইংৰাজী

Related Posts

Leave A Comment

Voting Poll

Get Newsletter