ভাৰত বনাম ইণ্ডিয়া

দেশে স্বাধীনতা লাভ কৰাৰ ইতিমধ্যে ছয়সত্তৰ বছৰ অতিক্ৰম কৰিলে। স্বাধীনতা লাভৰ পাছতেই দেশখনৰ নামক লৈ সংবিধান সভাত চাৰিদিন ধৰি বিতৰ্ক চলিছিল। কিন্তু অৱশেষত ১৯৪৯ চনৰ ১৮ চেপ্তেম্বৰ তাৰিখে সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ দেশখনৰ নাম হ'ব- ইণ্ডিয়া অৰ্থাৎ ভাৰত, ৰাজ্যসমূহৰ এক সংঘ। ইয়াৰ পিছত আৰু দেশৰ নামক লৈ দেশবাসীৰ কোনো সমস্যা হোৱা নাছিল। দেশবাসীয়ে জানি আহিছিল-ইণ্ডিয়াই ভাৰতবৰ্ষ। প্ৰয়োজন বা নিজস্ব অভিৰুচি অনুসৰি দেশৰ নাগৰিকে ইণ্ডিয়া, ভাৰত, ভাৰতবৰ্ষ বা হিন্দুস্থান ইয়াৰ যিকোনো নামেই ব্যৱহাৰ কৰিছিল।

 

ভাৰতীয় সংবিধানৰ প্ৰথম অৰ্থাৎ ১(ক) ধাৰাত ইণ্ডিয়া আৰু ভাৰতৰ মাজত কোনো ব্যৱধান নাথাকিলেও এতিয়া বুজাব বিচৰা হৈছে যে- ইণ্ডিয়া নহয়, ভাৰতহে প্ৰকৃত দেশ। জি-২০ সন্মিলনৰ নৈশভোজৰ আমন্ত্ৰণ পত্ৰত "প্ৰেসিডেন্ট অফ্‌ ইণ্ডিয়াৰ" ঠাইত ইংৰাজীত লিখা হৈছে "প্ৰেছিডেন্ট অফ্‌ ভাৰত"। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আসনৰ সন্মোখৰ ফলকত প্ৰথমবাৰৰ বাবে ইংৰাজীত লিখা হৈছে- প্ৰাইম মিনিষ্টাৰ অফ্‌ ভাৰত। ইয়াৰ উদ্দেশ্য এয়াই যে আমন্ত্ৰিত ৰাষ্ট্ৰপ্ৰধান সকলৰ আগত ইণ্ডিয়াক আঁতৰাই ভাৰতক তুলি ধৰা। প্ৰশ্ন হয়, ভাৰত আৰু ইণ্ডিয়াৰ সহাৱস্থানৰ পৰা হঠাৎ ইণ্ডিয়াক আঁতৰাই পেলোৱাৰ প্ৰয়োজন আহিল কৰ পৰা? জল্পনাৰ সৃষ্টি হৈছে যে অচিৰেই ভাৰতৰ পৰা "ইণ্ডিয়া"ৰ নাম মচি পেলোৱা হ'ব।

 

ভাৰতবৰ্ষ নামৰ যি ভূ-খণ্ড,সেই অঞ্চলক প্ৰাচীন কালৰ পৰাই বিভিন্ন নামেৰে চিহ্নীত কৰি অহা হৈছে। এইবোৰ হৈছে-জম্বুদ্বীপ, ভাৰতখণ্ড, হিমবৰ্ষ, অজনাভবৰ্ষ, আৰ্যাবৰ্ত, হিন্দ, হিন্দুস্থান, ইণ্ডিয়া ইত্যাদি। সম্ৰাট অশোকৰ শিলালিপিত জম্বুদ্বীপৰ অস্তিত্ব পোৱা যায়। আকৌ বিঞ্চুপুৰাণত ভাৰতৰ সীমা সম্পৰ্কে কোৱা হৈছে যে- সমুদ্ৰৰ উত্তৰ আৰু হিমালয় পৰ্বতৰ দক্ষিণে অৱস্থিত অঞ্চলৰ নাম হৈছে ভাৰত। য'ত ভৰতৰ সন্ততি সকলে বসবাস কৰে। ভাষাবিদ অজিত ওয়াডনেৰ্কৰ মতে- হিন্দ, হিন্দুস্তান বা ইণ্ডিয়া , এই নামবোৰৰ সৈতে সিন্ধু নদীৰ যোগসূত্ৰ আছে। কেৱল সিন্ধু এখন নদীয়েই নহয়। ইয়াৰ অৰ্থ যিদৰে নদ বা নদী, তেনেদৰে আন এটা অৰ্থ হ'ল সাগৰ। সেইফালৰ পৰা বিচাৰ কৰিলে দেখা যায় যে, দেশৰ উত্তৰ-পশ্চিম অংশটোক কোনো এক সময়ত সপ্তসিন্ধু বা পাঞ্জাৱ বুলি কোৱা হৈছিল। এই অঞ্চলটো অতি উৰ্বৰ আছিল আৰু এই অঞ্চলৰ মাজেৰে প্ৰৱাহিত হোৱা সাতখন বা পাঁচখন নদীয়েই আছিল সেই অঞ্চলৰ পৰিচয়।কিছুমান ইতিহাসবিদৰ মতে , ভাৰত নামটো ৰজা ভৰতৰ পৰা আহিছে। মহাভাৰতৰ সেই কাহিনী পৰ্যবেক্ষণ কৰিলে দেখা যায় যে- শকুন্তলা বা দুষ্মন্তৰ পুত্ৰ ৰজা ভৰতক এই ভূ-খণ্ড অৰ্পন কৰা হৈছিল বাবেই এই ভূ-খণ্ডৰ নাম ভাৰতবৰ্ষ হয়গৈ। কিন্তু এই "ভৰত"ক লৈ অনেক বিতৰ্কও আছে। কাৰণ ইতিহাসৰ পাতত "ভৰত" নামৰ একাধিক চৰিত্ৰ পোৱা যায়। ইয়াৰে এজন আছিল ৰামচন্দ্ৰৰ ভাতৃ। আনহাতে মগধৰ ৰজা ইন্দ্ৰদ্যুস্নৰ ৰাজসভাতো এজন " ভৰত" ঋষি থকাৰ কথা জনা যায়। পদ্মপূৰাণ আৰু মৎস পূৰাণতো ভৰতৰ কথা উল্লেখ আছে। আনহাতে আকৌ জৈন ধৰ্মৰ বিশ্বাস অনুসৰি প্ৰথম তীৰ্থঙ্কৰ ভগবান ঋষভদেৱৰ জ্যেষ্ঠপুত্ৰৰ সহযোগী "ভৰত"ৰ প্ৰসংকো অস্মীকাৰ কৰিব নোৱাৰি। গতিকে এইখিনিতে স্বাভাৱিকতেই প্ৰশ্ন হয় কোন ভৰতৰ নাম অনুসৰি এই ভূ-খণ্ডৰ নাম ভাৰত হ'ল? নে "ভৰত" প্ৰকৃততে এক জনসমষ্টি?

 

অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক মনিয়ৰ উইলিয়াসৰ মতে- বেদৰ ভৰত বা ভৰথ শব্দটোৰ অৰ্থ হ'ল-অগ্নি, লোকপাল বা বিশ্বৰক্ষক। অৰ্থাৎ ৰজা। তেওঁৰ মতে-বৈদিক যুগৰ এক প্ৰসিদ্ধ জনগোষ্ঠী ভৰতৰ উল্লেখ অনেক প্ৰাচীন পুথি সমূহত পোৱা যায়। এই গোষ্ঠী সৰস্বতী নদীতট, ঘেটি বৰ্তমানৰ ঘগ্গৰ অঞ্চলত বাস কৰিছিল। তেওঁলোকৰ নামানুসৰিয়েই এই ভূ-খণ্ডৰ নাম হয়-ভাৰতবৰ্ষ। অৱশ্যে শকুন্তলা আৰু দুষ্মন্তৰ পুত্ৰ ভৰতৰ নামৰ পৰাই ভাৰত নামৰ উৎপত্তি হোৱা বুলি থকা ধাৰণাটো সৰ্বাধিক প্ৰচলিত আৰু জনপ্ৰিয়।

 

বৰ্তমান সময়ত দেশৰ নামৰ পৰা ইণ্ডিয়া শব্দটো প্ৰত্যাহাৰ কৰাৰ বিষয়ে আলোচনা আৰম্ভ হৈছে। কোৱা হৈছে যে ইণ্ডিয়াৰ লগত বৃটিছ ঔপনিবেশিক ভাৱনা জড়িত হৈ আছে। সেই বাবেই এই নাম সলনিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিছে, প্ৰধানকৈ শাসক পক্ষৰ একাংশই। কিন্তু প্ৰকৃত সত্যটো হৈছে এয়াই যে- দেশৰ বিৰোধী ৰাজনৈনিক দলসমূহ একত্ৰিত হৈ সেই সন্মিলিত মঞ্চৰ নাম দিলে- ইণ্ডিয়া। সেই নামৰ অভিধাক লৈ আৰু ক্ষমতা হেৰুৱাৰ ভয়ত প্ৰধানমন্ত্ৰীৰ পৰা শাসক দলৰ নেতা-পালিনেতা সকল ইমানেই বিচলিত হৈ পৰিছে যে, দেশৰ নামৰ পৰা ইণ্ডিয়াক বিতাড়ন কৰি দিবলৈ তৎপৰ হৈ উঠিছে।

 

প্ৰকৃততে বৃটিছ সকলে আমাৰ দেশখনৰ নাম ইণ্ডিয়া ৰখাৰ কথাটো এটা অসত্য ধাৰণা। ইণ্ডিয়া শব্দৰ লগত বৃটিছ সকলৰ কোনো সম্পৰ্ক নাই। সম্পৰ্ক আছে গ্ৰীক সকলৰ আৰু সেয়া খ্ৰিষ্টপূৰ্ব পঞ্চম শতকৰ পৰাই।ইণ্ডিয়া শব্দটো পশ্চিমীয়া শব্দও নহয়। ই ভাৰতীয় শব্দ "সিন্ধু"ৰেই এটা পৰিবৰ্তিত ৰূপ। ইণ্ডিয়া শব্দটো মূলত গ্ৰীক শব্দ "ইণ্ডিকা"ৰ পৰা উৎপত্তি হৈছে। ইণ্ডিকা শব্দটো আকৌ সংস্কৃত শব্দ "সিন্ধু" ৰ পৰা উৎপত্তি হৈছে। এটা সময়ত ইণ্ডাছ অৱবাহিকাত বসবাস কৰাৰ বাবে প্ৰাচীন কালত গ্ৰীকবাসী সকলে ভাৰতীয় উপমহাদেশৰ লোকসকলক ইন্দোই বুলি মাতিছিল। এই গ্ৰীক শব্দৰ পৰাই লাহে-লাহে লেটিন আৰু পাৰ্চি ভাষাৰ মাধ্যমেৰে ইণ্ডিয়া নামৰ প্ৰচলন হয়। মেগাস্থিনিচে তেওঁৰ ইণ্ডিকা গ্ৰন্থত ব্যৱহাৰ কৰা ইণ্ডিয়া শব্দটো পোনপটীয়াকৈ লেটিন আৰু আওপকীয়াকৈ ভাৰতীয়। হিন্দু, হিন্দ, ইণ্ডোছ আৰু ইণ্ডিয়া -এই আটাইবোৰ শব্দৰ গুৰিতে আছে ভাৰতীয় শব্দ সিন্ধু। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে গ্ৰীক সকলেহে প্ৰথমে ইণ্ডিয়া নাম ব্যৱহাৰ কৰিছিল। বৃটিছ সকল ভাৰতলৈ আহিছিল ১৮৫৭ চনত। বৃটিছ সকলে ইষ্ট ইণ্ডিয়া কোম্পেনীৰ জৰিয়তে পিছলৈ ভাৰত শাসনহে কৰিছিল। তাৰ পাছৰে পৰাই ইণ্ডিয়া নামটোৱে ব্যাপক প্ৰচাৰহে লাভ কৰিছিল। অৰ্থাৎ গ্ৰীকসকলে দিয়া এই নামে বৃটিছ শাসনকালত ব্যাপক প্ৰচাৰহে লাভ কৰিছিল। গতিকে ইণ্ডিয়া নামটো আমাৰ ইতিহাসৰেই এটা অংশ।

 

আজি পাঠ্যক্ৰম পৰিবৰ্তন কৰা হৈছে। একো-একোখন চহৰৰ নামো পৰিবৰ্তন কৰি দিয়া হৈছে। তেনেদৰেই সমগ্ৰ দেশখনৰ নাম পৰিবৰ্তন কৰিবলৈ গৈ দেশৰ পাঁচ হাজাৰ বছৰীয়া ইতিহাসক জানো মচি পেলোৱাটো উচিত হ'ব? নে শাসক দলৰ কেৱল এটাই সমস্যা- বিৰোধী জোঁট ইণ্ডিয়াৰ নামাকৰণক লৈ ? যি বৃটিছ সকলে দুশ বছৰ ধৰি আমাৰ দেশখন শাসন কৰিছিল, তেওঁলোকেই ইণ্ডিয়া নাম পৰিবৰ্তন হ'লৈ আটাইতকৈ বেছি সুখী হ'ব। কাৰণ ইয়াৰ দ্বাৰা মচি পেলোৱা হ"ব ইষ্ট ইণ্ডিয়া কোম্পেনী তথা ইংৰাজৰ অত্যচাৰ আৰু শোষণৰ কথা।

 

যি পাকিস্তানক লৈ আমাৰ ইমান অশান্তি , সেই পাকিস্তানৰ জনক মহম্মদ আলি জিন্নাৰ কিন্তু "ইণ্ডিয়া" নামক লৈ আছিল প্ৰৱল আপত্তি। এই তথ্য পোৱা যায় ঐতিহাসিক জন কে'ৰৰ গ্ৰন্থ India A History ৰ পৃষ্ঠা নং ৫৭ ত। জিন্নাই বৰং আমাৰ দেশখনৰ নাম ভাৰত বা হিন্দুস্থান হোৱাটোৱেই বিচাৰিছিল। দেশখনৰ নাম ইণ্ডিয়া থাকি যোৱাত ভাৰতে স্বাধীনতাৰ পিছত ৰাষ্ট্ৰসংঘৰ সদস্যপদ বিচাৰি আবেদন জনাবলগীয়া হোৱা নাছিল। কিন্তু পাকিস্তানে আবেদন কৰিব লগীয়া হৈছিল আৰু প্ৰতিৱেশী দেশ আফগানিস্তানে তাৰ বিৰোধীতা কৰিছিল। ইণ্ডিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাতা দেশবোৰৰ অন্যতম। ১৯৪৫ চনৰ অক্টোবৰ মাহতে ইণ্ডিয়া ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হৈছিল। আজি অকস্মাতে একাংশ লোকে ইণ্ডিয়াক আতঁৰাই কেৱল ভাৰতপ্ৰেমী হৈ উঠাটো সন্দেহজনক। আমি ক'ব পাৰো যে ,যিসকলৰ অন্তৰত মণিপুৰৰ প্ৰতি কণমানো মমত্ব নাই, ভাৰতৰ সংখ্যালঘু, দলিত, আদিবাসী, জনজাতি সকলৰ প্ৰতি ভাতৃত্ববোধ নাই তেওঁলোক কেতিয়াওঁ ভাৰতপ্ৰেমী হ'বই নোৱাৰে। এক দেশ, এক সংস্কৃতিৰ বিপৰীতে বৈচিত্ৰৰ মাজত ঐক্য বিচাৰি পোৱা জনহে প্ৰকৃত ভাৰতীয়। ইণ্ডিয়া নামটো মচি পেলাব বিচৰা সকলে নাজানে যে- ভাৰত শব্দটো যদি ভাৰতীয় হয়, সিন্ধু শব্দজাত ইণ্ডিয়া শব্দটোও তেন্তে ভাৰতীয়। প্ৰভেদ মাত্ৰ এয়ে যে-ইণ্ডিয়া শব্দটোৰ শৰীৰত আছে এক বিচিত্ৰ অতীত, বহু ৰূপান্তৰ আৰু বহু পথ পৰিক্ৰমণৰ অভিজ্ঞতা। কিন্তু ভাৰত শব্দটোৰ শৰীৰত সেই তুলনাত একোৱেই নাই। ভাৰত এটি অপৰিবৰ্তিত শব্দ। তথাপি ই আমাৰ এটি অত্যন্ত প্ৰিয় শব্দ।

 

 

লেখকৰ চমু পৰিচয়ঃ বাহাৰুল হক। ডিব্ৰুগড় জিলাৰ নামৰূপত বসবাস কৰা এজন লেখক। অসমৰ বহুল প্ৰচলিত দৈনিক কাকত " আমাৰ অসম ", "দৈনিক জনমভূমি" "নিয়মীয়া বাৰ্তা" , ""প্ৰান্তৰ" আদিৰ লগতে বিভিন্ন আলোচনীতো তেখেতৰ বহুতো চিন্তাশীল নিবন্ধ প্ৰকাশিত হৈছে। তেখেতে ২০২২ বৰ্ষৰ অসম সাহিত্য সভাৰ "বিষ্ণুৰাভা বঁটা" বিজয়ী হয়। লেখক বাহাৰুল হকৰ প্ৰথমখন অনুবাদমূলক গ্ৰন্থ হ'ল- "অসমত নাগৰিকত্ব হৰণৰ দহনলিপি"।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter