ইছলামঃ পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম

বিশ্বৰ বহুতো বিশ্বস্ত গৱেষণা কেন্দ্ৰ আৰু প্ৰতিষ্ঠানে নিশ্চিত কৰিছে যে ২১ শতিকাত ইছলাম হৈছে আটাইতকৈ দ্ৰুত বিকাশ হোৱা ধৰ্ম। পিউ ৰিছাৰ্চ ছেন্টাৰ (Pew Research Center) এ কৰা এখন প্ৰতিবেদনত দেখুওৱা হৈছে যে ২০১০ৰ পৰা ২০২০ চনৰ ভিতৰত কেৱল ১০ বছৰতেই ইছলামী জনসংখ্যা ৩৪.৭ নিযুত (৩৪৭ মিলিয়ন)ৰে বৃদ্ধি পাইছে। ১৯৮ টা দেশ আৰু ৰাজ্যৰ তথ্যৰ ওপৰত আধাৰিত এই প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে ইছলামী জনসংখ্যাৰ বিকাশৰ পিছত থকা মূল কাৰণ হৈছে জনসংখ্যাগত গতিশীলতা—বিশেষকৈ, উচ্চ উৎপাদনশীলতা (high fertility rate) আৰু যৌৱনময় জনগণ।

গবেষণাসমূহৰ ফলাফলবোৰে বিশ্বৰ ধৰ্মীয় সংমিশ্ৰণৰ পৰিৱৰ্তনক লৈ গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ায়, য'ত ইছলামী জনসংখ্যাৰ অৱিৰত বৃদ্ধি, খ্ৰীষ্টান ধৰ্মৰ অনুপাতৰ হ্ৰাস, আৰু পশ্চিমী সমাজত ধৰ্মবিহীন লোকৰ সংখ্যাৰ বাঢ়নি দৃষ্টিগোচৰ হৈছে। ২০১০ ৰ পৰা ২০২০ চনৰ ভিতৰত, বিশ্ব ইছলামী জনসংখ্যা প্ৰায় ৩৪৭ মিলিয়নৰে বৃদ্ধি পায়, যিটো প্ৰায় ২ বিলিয়নত উপনীত হয়। ইছলামী লোকসংখ্যাৰ এই বৃদ্ধিয়ে ইছলামে বিশ্বৰ জনসংখ্যাৰ অনুপাত ২৩.৯% ৰ পৰা ২৫.৬% লৈ বৃদ্ধি কৰিলে, যাৰ ফলত ইছলাম হৈছে এই দশকৰ আটাইতকৈ বেছি গতিৰে বৃদ্ধি হোৱা মুখ্য ধৰ্ম। পি আৰ চি (পিউ ৰিচাৰ্চ সেন্টাৰ)ৰ প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে, “এই বৃদ্ধিটো ধৰ্মান্তৰৰ নহয়, বৰঞ্চ কম বয়সী জনসংখ্যা আৰু উচ্চ জন্মহাৰৰ বাবে ঘটিছে।”

তুলনামূলকভাৱে, খ্ৰীষ্টান ধৰ্মীয় লোকসংখ্যা ১২২ নিযুতৰ বৃদ্ধি পায় যদিও, তেওঁলোকৰ অনুপাত ৩০.৬% ৰ পৰা হ্ৰাস পাই ২৮.৮% হৈ পৰে। বৃদ্ধিৰ হাৰ লেহেমীয়া হোৱা আৰু ইউৰোপ, উত্তৰ আমেৰিকাত খ্ৰীষ্টান ধৰ্ম এৰি দিয়া লোকৰ বাবে।

ধৰ্ম বিহীন লোক (যেনে: নাস্তিক, অজ্ঞেয়বাদী, বা অধৰ্মীয় বুলি চিনাক্ত কৰা লোক) ২৭০ মিলিয়ন বৃদ্ধি পাইছে যাৰ ফলত ২০২০ চনত তেওঁলোকৰ বিশ্বজনসংখ্যাৰ অংশ হৈছে ২৪.২%।

পিউ সেন্টাৰৰ গৱেষণাৰ আটাইতকৈ চমকপ্ৰদ দিশ হ'ল ধৰ্মান্তৰ অৰ্থাৎ, ১৫ ৰ পৰা ৫৪ বছৰ বয়সৰ ভিতৰত লোকৰ নিজৰ ধৰ্ম সলনি কৰা।

  • এই ক্ষেত্ৰত, ধৰ্মবিহীন লোকসকলই আটাইতকৈ বেছি (+১৬.৭ প্ৰতিজন ১০০ প্ৰাপ্তবয়স্কৰ ভিতৰত) লাভ কৰিছে।
  • খ্ৰীষ্টানসকলে –১১.৬ ৰ ক্ষতি ভুগিছে, যি সকলো ধৰ্মীয় গোটৰ মাজত আটাইতকৈ বেছি ক্ষতি।
  • বৌদ্ধসকলে এই ক্ষেত্ৰত নেট লছ দেখিছে ৯.৮ (প্ৰতি ১০০ জনত) ।
  • ইতিমধ্যে ইয়াৰ বিপৰীতে ইছলাম আৰু হিন্দু ধৰ্মত প্ৰায় কোনো উল্লেখযোগ্য পৰিবৰ্তন দেখা পোৱা নাযায় (no net change), অৰ্থাৎ এই ধৰ্মদ্বয়ৰ বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে প্ৰাকৃতিক বৃদ্ধি, ধৰ্মান্তৰ নহয়।

 

গতিকে, ইছলামৰ এই বিস্তাৰৰ প্ৰধান কাৰণ হ'ল বিশ্বজুৰি ইছলাম ধৰ্মালম্বীৰ অধিক জন্মহাৰ। ১৯৯০ চনত ইছলাম লোকসংখ্যা আছিল ১.১ মিলিয়ন, আৰু ২০১০ চনত এই সংখ্যা বৃদ্ধি হৈ ১.৬ মিলিয়নত উপনীত হয়।

কাৰ্নেগী এনডাউমেণ্ট ফৰ ইন্টাৰন্যাচনাল পীচ (Carnegie Endowment for International Peace)ৰ গৱেষণা অনুসৰি, ২০০৭ চনৰ তথ্যত উল্লেখ কৰা হৈছে যে ইছলামে ১.৮৪% সৈতে জন্ম হাৰৰ কাৰণে আটাইতকৈ দ্ৰুত বৃদ্ধি হোৱা ধৰ্ম।

বিবিচি (BBC) অনুসৰি, ২০০৯ চনৰ এটা আমেৰিকাৰ ব্যাপক গৱেষণাত দেখুৱো হৈছে যে বিশ্বৰ প্ৰায় ২৩% জনসংখ্যা হৈছে ইছলামী জনসংখ্যা আৰু তেওঁলোকৰ ৬০% এচিয়াত বাস কৰি আছে।

একেই গৱেষণা অনুসৰি, বিশ্বব্যাপীকৈ, মুছলিমসকলৰ জন্মৰ হাৰ আটাইতকৈ বেছি, প্ৰতিজন মহিলাৰ গড়ে ৩.১ গৰাকী সন্তান। আৰু সকল প্ৰধান অঞ্চলত, য’ত উল্লেখযোগ্য সংখ্যক মুছলিম জনসংখ্যা আছে, তাত মুছলিমসকলৰ জন্মৰ হাৰ অ-মুছলিমসকলৰ জনন হাৰৰ পৰা বেছি।

উল্লেখযোগ্য যে, ১৯৯০ ৰ পৰা ২০১০ চনৰ ভিতৰত, ইছলামী জনসংখ্যাৰ বাৰ্ষিক হাৰ ২.২% লৈকে বৃদ্ধি পাইছে। ২০৩০ চনত ৭.৯ বিলিয়ন মুছলিম মানুহৰ সৈতে ইছলামে বিশ্ব জনসংখ্যাৰ প্ৰায় ২৬.৪% গঠন কৰিব বুলি আগজাননী কৰা হৈছে। ২০১৯ চনৰ এখন পিউ চেন্টাৰৰ গৱেষণা অনুসৰি, বিশ্বজুৰি ইছলাম ধৰ্মীয়সকলৰ জন্মহাৰ খ্ৰীষ্টানসকলৰ তুলনাত বেছি বুলি দাবি কৰা হৈছে যাৰ কাৰণ হ'ল ইছলামী মহিলাৰ কম শিক্ষাগত অৰ্হতা, আৰু অধিক শিক্ষাগত যোগ্যতাৰ ফলত কম জন্ম হাৰ দেখা গৈছে।

আনহাতে, পিউ ফৰাম (Pew Forum) ২০১০ চনত সন্ধান কৰিছে যে-  “মুছলমানৰ ধৰ্মান্তৰৰ তথ্য যথেষ্ট বহু কম আৰু সাধাৰণতে, ইছলামত ধৰ্মান্তৰৰ বাবে কোনো ক্ষতি দেখা পোৱা যোৱা নাই। এৱাও কোৱা হয় যে ইছলাম গ্ৰহণ কৰা লোকৰ শতাংশ আৰু ইছলাম এৰি যোৱাৰ শতাংশ একেবাৰেই সমান। গতিকে যিমান লোক ইছলামলৈ আহে, তাৰ প্ৰায় সমান সংখ্যক লোক ইছলাম এৰি যায়।” সেয়েহে, Pew-এ ইছলামী জনসংখ্যাৰ পূৰ্বানুমানত ধৰ্মান্তৰক এটা মুখ্য কাৰক হিচাপে ধৰা নাই।

আনহাতে, পিউ ফৰাম (Pew Forum) ২০১০ চনত সন্ধান কৰিছে যে-  “মুছলমানৰ ধৰ্মান্তৰৰ তথ্য যথেষ্ট বহু কম আৰু সাধাৰণতে, ইছলামত ধৰ্মান্তৰৰ বাবে কোনো ক্ষতি দেখা পোৱা যোৱা নাই। এৱাও কোৱা হয় যে ইছলাম গ্ৰহণ কৰা লোকৰ শতাংশ আৰু ইছলাম এৰি যোৱাৰ শতাংশ একেবাৰেই সমান। গতিকে যিমান লোক ইছলামলৈ আহে, তাৰ প্ৰায় সমান সংখ্যক লোক ইছলাম এৰি যায়।” সেয়েহে, Pew-এ ইছলামী জনসংখ্যাৰ পূৰ্বানুমানত ধৰ্মান্তৰক এটা মুখ্য কাৰক হিচাপে ধৰা নাই।

এছিয়া, মিডল ইষ্ট আৰু ইউৰোপত উচ্চ মুছলিম জন্মহাৰৰ ফলত ২০১০ ৰ পৰা ২০২০ কালছোৱাৰ ভিতৰত ইছলাম ধৰ্মৰ ১.৭০ শতাংশ হাৰত বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে। তথ্য অনুসাৰে, ১৯৯০ ৰ পৰা ২০১০ পৰ্যন্ত ইছলাম ধৰ্মৰ বৃদ্ধি হাৰ কিছু পৰিমাণে কমি পৰিছিল, যাৰ মূল কাৰণ আছিল মুছলিমসকলৰ জন্মহাৰত হোৱা হ্ৰাস। এই সময়ত বহুতো মুছলিম সংখ্যাগৰিষ্ঠ দেশত জনপ্ৰজনন হাৰ তলত নামিছে বুলি দেখা গৈছিল। তথাপিও, বিশ্বৰ প্ৰধান ধৰ্মীয় গোটসমূহৰ ভিতৰত মুছলিমসকলৰ জন্মহাৰ এতিয়াও আটাইতকৈ বেছি। 

 

কাৰ্নেগী এণ্ডাউমেণ্ট ফৰ ইণ্টাৰনেচনেল পীচ (Carnegie Endowment for International Peace) আৰু ৱৰ্ল্ড খ্ৰিষ্টিয়ান ডেটাবেছ World Christian Database (২০০৭) অনুসৰিও, ইছলাম হ'ল বিশ্বৰ আটাইতকৈ দ্ৰুত বিকাশ হোৱা ধৰ্ম।

Pew Research Center ৰ ২০১৭ চনৰ এখন গৱেষণাত উল্লেখ কৰা হৈছে যে ২০১০-২০১৫ চনৰ ভিতৰত প্ৰায় ২১.৩ মিলিয়ন শিশুক ইছলাম ধৰ্মীয় মাতৃয়ে জন্ম দিয়ে আৰু প্ৰায় ৬.১ মিলিয়ন ইছলাম ধৰ্মীয় লোকৰ মৃত্যু হয়, অৰ্থাৎ এই সময়ছোৱাৰ ভিতৰত প্ৰাকৃতিক বৃদ্ধিৰ ফলত ইছলামী জনসংখ্যা ১৫.২ মিলিয়ন বৃদ্ধি পায়। লগতে ধৰ্মান্তৰৰ মাধ্যমে ৪.২ লাখ নেট লাভ হয়। একেদৰে, Pew ৰ মতে, ২০২০ চনত ইছলাম ধৰ্মীয় লোকৰ ভিতৰত ১৫ বছৰ বয়সৰ তলত থকা শিশুৰ অনুপাত আছিল ৩৩%—বিশ্বৰ আটাইতকৈ বেছি। এই উচ্চ শিশু অনুপাতৰ কাৰণ হ’ল ইছলামী লোকসকলৰ ৪০% ৰো অধিক লোক সাব-ছাহাৰান আফ্ৰিকা আৰু মধ্যপ্ৰাচ্য-উত্তৰ আফ্ৰিকা অঞ্চলত বসবাস কৰে—এই অঞ্চলবোৰৰ জনসংখ্যা তুলনামূলকভাৱে যৌৱনময়।

গতিকে এই ধাৰাসমূহে এটা গুৰুত্বপূৰ্ণ বৈশ্বিক ৰূপৰেখা দেখুৱায় যে অধিকাংশ ধৰ্মৰ বিকাশৰ মূল ইঞ্জিন হ'ল জন্মহাৰ, ধৰ্মান্তৰ নহয়। খ্ৰীষ্টান ধৰ্মৰ পৰা লোক যি হাৰত আঁতৰি আহিছে, বিশেষকৈ পশ্চিমত, সেইটো বিশ্বৰ ধৰ্মীয় গঠনক দ্ৰুত গতিত পৰিবৰ্তন কৰি ৰাখিছে।

দহকৰ অন্তত, খ্ৰীষ্টান ধৰ্ম ২৮.৮% লোকসংখ্যাৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হিচাপে অৱস্থিত।  আৰু ইছলাম ধৰ্ম ২৫.৬% লোকসংখ্যাৰ সৈতে হৈছে দ্বিতীয় স্থানত। সেয়েহে বিভিন্ন পৰিসংখ্যায় দেখুৱাইছে যে যদি এনেকৈ ইছলামৰ বৃদ্ধি অব্যাহত থাকে, তেন্তে ২১ শতিকাৰ শেষৰ ফালে ইছলামে খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰিব পাৰে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter