উজবেকিস্তানত ইছলামিক সভ্যতাৰ আন্তৰ্জাতিক মহাসন্মিলন
তাশ্বকেন্তঃ উজবেকিস্তানে তাছখণ্ডত "ইছলামিক সভ্যতা: শান্তি, সহনশীলতা আৰু আলোকপ্ৰাপ্তিৰ পথ" শীৰ্ষক প্ৰথমখন আন্তৰ্জাতিক মহাসন্মিলনৰ আয়োজন কৰিছে। ইয়াত মন্ত্ৰী, ধৰ্মীয় আৰু আন্তৰ্জাতিক সংগঠনৰ প্ৰধান আৰু ৪০টা দেশৰ ৩০০ জনতকৈও অধিক বক্তা একত্ৰিত হৈছে। ২০২৬ চনৰ ৭ জুলাইত আৰম্ভ হোৱা এই মহাসন্মিলন ইছেস্কো (ICESCO)-এ উজবেকিস্তানৰ ইছলামিক সভ্যতা কেন্দ্ৰৰ সহযোগত, ৰাষ্ট্ৰপতি শাভকাত মিৰজিয়োয়েভৰ পৃষ্ঠপোষকতাত আয়োজন কৰিছে।
মহাসন্মিলনৰ উদ্দেশ্য আৰু কাৰ্যসূচী
"ইছলামিক সভ্যতা: শান্তি, সহনশীলতা আৰু আলোকপ্ৰাপ্তিৰ পথ" এই বিষয়বস্তুৰে অনুষ্ঠিত মহাসন্মিলনৰ লক্ষ্য হ'ল বিজ্ঞান, সংস্কৃতি, নৈতিকতা আৰু মানৱ সভ্যতালৈ মুছলিম বিশ্বই আগবঢ়োৱা চিৰস্থায়ী অৱদান উজ্জ্বল কৰি তোলা আৰু সংলাপ, পাণ্ডিত্য আৰু আন্তৰ্জাতিক সহযোগিতাক উৎসাহিত কৰা।
কাৰ্যসূচীত আছে চাৰিটা আন্তৰ্জাতিক সন্মিলন, দহটা সাধাৰণ অধিবেশন, পোন্ধৰটা পূৰ্ণাংগ বৈঠক আৰু ছটা বিশেষজ্ঞ আলোচনাচক্ৰ। ইয়াৰ বিষয়বস্তুৰ ভিতৰত আছে ইছলামিক ইতিহাস, হাদীছ অধ্যয়ন, কালাম (ধৰ্মতত্ত্ব), পাণ্ডুলিপি ঐতিহ্য, প্ৰত্নতত্ত্ব, সংগ্ৰহালয়বিজ্ঞান, সাংস্কৃতিক সংৰক্ষণ, ডিজিটেলাইজেশ্যন আৰু শিক্ষা সংস্কাৰ।
মহাসন্মিলন ৭ জুলাইৰ পৰা ১১ জুলাই পৰ্যন্ত তাছখণ্ড, সমৰখণ্ড আৰু টাৰমেজত চলিব। ইয়াত ইছলামিক সভ্যতা আৰু ইমাম আল-বুখাৰী, ইমাম আল-মাতুৰিদী আৰু ইমাম আল-তিৰমিজীৰ পাণ্ডিত্যপূৰ্ণ উত্তৰাধিকাৰক কেন্দ্ৰ কৰি কেইবাটাও আন্তৰ্জাতিক সন্মিলন অন্তৰ্ভুক্ত। মুখ্য অনুষ্ঠানসমূহৰ ভিতৰত আছে:
"ইমাম বুখাৰীৰ আল-জামি' আল-মুছনাদ আল-ছহীহ: এটা জাতিৰ গ্ৰন্থ"
"ইমাম মাতুৰিদীৰ উত্তৰাধিকাৰ: মধ্যপন্থা, সহনশীলতা আৰু আলোকপ্ৰাপ্তিৰ ভিত্তি"
"তিৰমিজী হাদীছ ধাৰা: পণ্ডিতসকলৰ ঐতিহ্য আৰু সমসাময়িক গৱেষণা"
তিনিজন মহান ইমাম
ইমাম আল-বুখাৰী (৮১০–৮৭০ খ্ৰীষ্টাব্দ): ছহীহ বুখাৰীৰ সংকলক। কুৰআনৰ পিছতে ইয়াক নবীৰ হাদীছৰ আটাইতকৈ প্ৰামাণিক সংকলন বুলি গণ্য কৰা হয়।
ইমাম আল-তিৰমিজী (৮২৪–৮৯২ খ্ৰীষ্টাব্দ): প্ৰখ্যাত হাদীছবিদ আৰু জামি' আত-তিৰমিজীৰ ৰচয়িতা।
ইমাম আবু মানছুৰ আল-মাতুৰিদী (মৃত্যু ৯৪৪ খ্ৰীষ্টাব্দ): ছুন্নী ইছলামৰ অন্যতম প্ৰধান ধৰ্মতত্ত্ববিদ আৰু মাতুৰিদী ধৰ্মতাত্ত্বিক ধাৰাৰ প্ৰতিষ্ঠাপক।
ছামাৰখন্ধত বুখাৰী সন্মিলন
"ইমাম বুখাৰীৰ আল-জামি' আল-মুছনাদ আল-ছহীহ: এটা জাতিৰ গ্ৰন্থ" শীৰ্ষক আন্তৰ্জাতিক একাডেমিক সন্মিলন সমৰখণ্ডত অনুষ্ঠিত হৈছে। ইমাম বুখাৰী আন্তৰ্জাতিক বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ অংশীদাৰিত্বত আয়োজিত এই সন্মিলনত হাদীছ পাণ্ডিত্যত ইমাম বুখাৰীৰ এই অমূল্য গ্ৰন্থৰ স্থায়ী প্ৰভাৱ আৰু সমসাময়িক মুছলিম বিশ্বত ইয়াৰ প্ৰাসংগিকতা আলোচনা কৰা হৈছে।
নেতৃত্বৰ বাৰ্তা
উদ্বোধনী ভাষণত ৰাষ্ট্ৰপতি মিৰজিয়োয়েভে ক'লে যে ইছলামিক ঐতিহ্য পুনৰুজ্জীৱিত কৰা, সংৰক্ষণ কৰা, অধ্যয়ন কৰা আৰু ব্যাপকভাৱে প্ৰচাৰ কৰা উজবেকিস্তানৰ প্ৰধান ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অন্যতম। তেওঁৰ হৈ ভাষণটো পাঠ কৰে ৰাষ্ট্ৰপতিৰ উপদেষ্টা খায়ৰিদ্দিন সুলতানোভে।
ইছেস্কোৰ মহানিৰ্দেশক ড° ছালিম এম. আলমালিকেও ইছলামিক আৰু মানৱ সভ্যতা গঢ়াত উজবেকিস্তানৰ ঐতিহাসিক ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ ইমাম বুখাৰী, ইমাম তিৰমিজী, ইমাম মাতুৰিদী, আল-বিৰুনী, আল-খাৱাৰিজমী আৰু ইবনে ছীনাৰ দৰে পণ্ডিতৰ অৱদান সোঁৱৰাই দিয়ে।
ইছলামিক সভ্যতা কেন্দ্ৰৰ ক্ৰমবৰ্ধমান ভূমিকা
এই মহাসন্মিলনে তাছখণ্ডৰ ইছলামিক সভ্যতা কেন্দ্ৰ এক প্ৰধান সাংস্কৃতিক আৰু জ্ঞান-প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠা ভূমিকাকো আলোকপাত কৰিছে। ড° আলমালিকে কেন্দ্ৰটোৰ কামৰ প্ৰশংসা কৰি কয় যে ইয়াৰ ভিতৰত ইছেস্কো কেলিগ্ৰাফী আৰু পাণ্ডুলিপি কেন্দ্ৰ স্থাপন হ'লে ইছলামিক ঐতিহ্য সংৰক্ষণ, পাণ্ডুলিপি অধ্যয়নৰ প্ৰসাৰ আৰু মুছলিম পণ্ডিতসকলৰ সভ্যতাগত অৱদান বৃহত্তৰ দৰ্শকৰ আগত তুলি ধৰাৰ প্ৰচেষ্টা শক্তিশালী হ'ব।
উদ্বোধনৰ আগতে অনুষ্ঠিত সাংবাদিক সন্মিলনত ইছেস্কোৰ মহানিৰ্দেশক ছালিম এম. আলমালিকে এই উদ্যোগক উজবেকিস্তানৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতিফলন বুলি বৰ্ণনা কৰি কয়, দেশখন বিজ্ঞান আৰু জ্ঞানলৈ ইছলামিক সভ্যতা আৰু ইয়াৰ বিশিষ্ট পণ্ডিতসকলৰ অৱদান তুলি ধৰা "এক বৈশ্বিক আলোকস্তম্ভ"।
ঐতিহ্য পুনৰুদ্ধাৰৰ দীৰ্ঘমেয়াদী প্ৰচেষ্টা
এই মহাসন্মিলনে উজবেকিস্তানৰ সমৃদ্ধ ইছলামিক বুদ্ধিবৃত্তিক ঐতিহ্য পুনৰুজ্জীৱিত কৰাৰ দীৰ্ঘমেয়াদী প্ৰচেষ্টাকো উজ্জ্বল কৰি তুলিছে। ঐতিহাসিক স্মাৰকসমূহৰ পুনৰুদ্ধাৰ, দুৰ্লভ পাণ্ডুলিপিৰ সংৰক্ষণ আৰু ডিজিটেলাইজেশ্যন, আৰু ইছলামিক সভ্যতা কেন্দ্ৰ, ইমাম বুখাৰী আন্তৰ্জাতিক বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ, ইমাম মাতুৰিদী আন্তৰ্জাতিক বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ আৰু ইমাম তিৰমিজী আন্তৰ্জাতিক বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ দৰে বিশেষায়িত গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে এই প্ৰচেষ্টা চলি আছে।
---
---
সূত্ৰ-ইছলামনৱেব ইংৰাজী।