ইমাম আহমদ ৰাযা খানৰ নৱ-জাগৰক আৰু সংস্কাৰমূলক অৱদান

ইমাম আহমাদ ৰাযা খান কাদ্বিৰী ফাজিলে ব্রেলভী (عليه الرحمة والرضوان)ৰ পবিত্র ব্যক্তিত্ব আজিৰ পৃথিৱীত নতুনকৈ কোনো পৰিচয়ৰ প্রয়োজন নাই। নিঃসন্দেহে, তেখেত চতুর্দশ শতাব্দী হিজৰিৰ এজন অপ্ৰতিদ্বন্দ্বী ব্যক্তিত্ব আনকি জ্ঞান আৰু বিদ্যাৰ প্রতিমূর্তি। তেখেত ইছলাম ধৰ্মৰ পতন অৰু বিচ্ছেদৰ সময়ত প্রায় সমস্ত বিজ্ঞান ও কলাৰ ওপৰত ভিত্তি কৰি এ হেজাৰতকৈ অধিক হিদায়ত আৰু নিৰ্দেশনা প্রদানৰ জৰিয়তত আৰু কলমৰ মাধ্যমত বাতিল শক্তিৰ বিৰুদ্ধে সংগ্রাম কৰিছিল। তেখেতৰ পুনর্জাগৰণ আৰু সংস্কাৰমূলক কাৰ্য্যৰ মূল লক্ষ্য আৰু আদর্শ আছিল "ওয়াহদাতুল ওজুদ" (ঐক্যবাদী মহত্ত্ব)ৰ মহিমা আৰু "নামূছে ৰিছালত"(নবীজি ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মর্যাদা ৰক্ষা)।

তেওঁ নিঃসন্দেহে এজন বিশিষ্ট আলিম, প্রাজ্ঞ হাকিম, প্রতিভাবান ফকীহ, চিন্তাশীল দার্শনিক, উচ্চমানৰ অনুবাদক, হাদীছৰ ব্যাখ্যাকাৰী, মহান মুহাদ্দিছ, বাগ্মী বক্তা, সাহিত্যত বিশেষজ্ঞ, আৰু উজ্জ্বল বিবেকৰ অধিকাৰী বক্তা আছিল। এই উচ্চতৰ গুণৰ ওপৰত তেওঁ  আৰু এক মহান পদত অধিষ্ঠিত আছিল, আৰু সেয়া হ’ল সত্যিকাৰৰ প্রেমিক -ই-ৰছুল হোৱা। আল্লাহ্‌ তাআলা তেওঁক সৃষ্টিকর্তাৰ অসীম দান আনকি ৰছুলৰ প্রতি গভীৰ প্রেমত ইমানেই পৰিপূর্ণ কৰি তুলিছিল যে তেওঁৰ প্রতিটো শিৰাবোৰত প্রেমৰ সুগন্ধি মিহলি হৈ আছিল। ৰছুলৰ  প্রেমত অসহন  নাতৰ প্রতিটো কবিতাত প্রেম আৰু ভালপোৱাৰ ঝঙ্কাৰ স্পষ্টতা হৈ উঠে। তেওঁ তাৰ সময়ত ধর্মীয় জ্ঞানৰ প্রচাৰৰ লগতে মুছলমানসকলৰ ভিতৰত বিদ্যমান কুসংস্কাৰ আৰু ভ্ৰান্তিৰ তীব্র বিৰোধিতা কৰিছিল আৰু তেওঁলোকক সেইবোৰৰ পৰা দূৰত থকাৰ নির্দেশ দিছিল।

আজিৰ পশ্চিমা সভ্যতা ও সংস্কৃতিৰ বাহ্যিক জিলিকি থকা প্রদর্শনৰ প্রবাহত মুছলিম নাৰীসকল ভাঁহি আছে। প্ৰকাশ্যভাবে বেপর্দা আৰু নির্লজ্জভাৱে ৰাস্তাত ঘুৰি থকা,  নামহৰমৰ লগত মিহলি থকা, অমুছলিম পুৰুষবিলাকৰ সমুখত সম্পৰ্কীয়ৰ নিচিনা অহা-যোৱা আৰু কাম কৰা- এই সকলোবোৰ নতুনত্ব (বিদআত), যাৰ তেওঁ কাঢ়া বিৰোধিতা কৰিছিল ইমাম আহমাদ ৰেযা খান কাদ্ৱিৰী। তেওঁ নাৰীসকলে ঘৰৰ পৰা ওলাই অহাৰ ওপৰত এখন বিশেষ ৰিছালা (বাৰ্তা) লিখিছিল। মৃত ব্যক্তিৰ ঘৰত পুৰুষ-মহিলাই একেলগে খোৱা-বোৱা আৰু মৃতকৰ পৰিয়ালক বোজা দিয়াৰ অযৌক্তিকতাৰ বিষয়ে ফতোৱা জাৰি কৰে আৰু "জলীউ চ্চাউত লিনাহ্য়ী আদ-দায়াত আমামে মাউত" (মৃত্যুৰ সন্মুখত নিমন্ত্রণ নিষেধ কৰিবলৈ স্পষ্ট কণ্ঠ) নামৰ এটা ৰিছালা অৰ্থাৎ পত্ৰ লিখে।  আধুনিক যুগত শিক্ষিত এবং উন্নত বুলি পৰিচিত মুছলমানবোৰৰ ঘৰত জীৱিত জন্তুৰ ছবি আৰু মূৰ্তি স্থাপন কৰাটো প্ৰায় বাধ্যতামূলক হৈ পৰিছে। ইমাম আহমাদ ৰেযা খান কাদ্ৱিৰী ইয়াৰ শ্বৰীয়তৰ হস্তগত আৰু বুজাবুজি লৈ কৈছিল যে, জীৱন্ত প্ৰাণীৰ ছবি হাৰাম অৰ্থাৎ নিষিদ্ধ। সেই অনুসৰি আপুনি ছবিৰ অবৈধতা আৰু ছবিৰ ন্যায্যতা নথকাৰ ওপৰত " আতাউল ক্ৱদীৰ ফি হুক্মি আত-তাছ্ৱীৰ" নামৰ এখন আলোচনী (ৰিছালা) লিখিছিল।

ইমাম আহমদ ৰাযা খানে সমাজৰ শ্ৱৰীয়ত বিৰোধী অভ্যাস আৰু ৰীতি-নীতিৰ ওপৰত গভীৰ সমালোচনা কৰিছে। তেখেতে কয় যে মাজাৰৰ আউলিয়াসকলৰ পৰা বৰকত পোৱাৰ বাবে যোৱাটো জায়েজ বা বৈধ, কিন্তু নাৰীসকল মাজাৰত যোৱাটোৰ বিষয়ে তেখেতে মন্তব্য ৰাখিছে যে, “এটা জিজ্ঞাসা নকৰিব যে মাইকী মানুহৰ মাজাৰত যোৱাটো কেনেকুৱা? তাতকৈ এয়া সোধক যে যেতিয়া তাইলোকে বাসৰ পৰা ওলায় আৰু  যেতিয়ালৈকে ঘূৰি নাহে তাৰ ওপৰত ফেৰেস্তাসকলে কিমান অভিশাপৰ বৰষুণ দিয়ে।” ফাতিহা, স্বয়ম, চেহলাম, বাৰছী (বার্ষিকী) আদি হ’ল মুছলমানসকলৰ মাজত প্ৰচলিত প্ৰথা। সেয়ে ইমাম আহমদ ৰেজা খান কাদ্ৱিৰীয়ে সেইবোৰক অনুমতিযোগ্য, ন্যায্য আৰু প্ৰশংসনীয় বুলি গণ্য কৰে। লগতে সুবিধা আৰু সহজতাৰ বাবে নির্দিষ্ট দিনৰ অনুমোদন অথবা মঞ্জুৰী দিছে। দিয়েছেন, কিন্তু অপ্ৰয়োজনীয় আনুষ্ঠানিকতা আৰু কিছুমান নির্দিষ্ট বা বিশেষ দিনত অধিক পুৰস্কাৰ (ছোৱাব) পোৱাৰ বিশ্বাসক তেওঁ অবৈধ বুলি অভিহিত কৰে। আৰু "আল-জাউ আল-ফয়হা লিত-তায়িব আত-তৈন ৱাল-ফাতিহা" নামৰ এটা ৰিছালা (প্ৰবন্ধৰ পত্ৰ) লিখিছিল।

ইমাম আহমাদ ৰাযা খান কাদ্ৱিৰীৰ কর্মসূচিৰ ভিতৰত আহলে সুন্নতৰ প্রচাৰৰ বাবে তেওঁৰ প্ৰস্তাৱিত দশ দৃষ্টিকোণ পৰিকল্পনাও অন্তর্ভুক্ত হৈ আছে। তেখেতে কয় " বিশাল ইছলামী বিদ্যালয় (মাদ্ৰাছা) প্রতিষ্ঠা অৰ্থাৎ স্থাপন কৰিব লাগে য'ত নিয়মিত পাঠদান কৰা হয়, যাতে মুছলিম জাতিসকল বেছিকৈ মাদ্ৰাছাৰ ফালে আকৰ্ষিত হয় আৰু তেওঁলোকৰ আক্ৱীদা ৰক্ষা কৰিব পাৰে। কিন্তু আমি যদি বিশ্লষণ কৰোঁ তেন্তে আমি দেখা পাম যে আমাৰ মুছলিম ভাই সকল তেওঁলোকৰ সন্তান ল’ৰা ছোৱালীবোৰক মাদ্ৰাছাকৈ কলেজ আৰু বিশ্ববিদ্যালয়লৈ পঠোৱাটো বেছি পছন্দ কৰে। কিয়নো তেওঁলোকৰ মতে তাতে শিক্ষাৰ লগতে শৃঙ্খলা বজাই ৰখা হয় আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতিও মনোযোগ দিয়া হয়। আমাৰ মাদ্ৰাছাবোৰত ক্ষেত্রত দেখা যায় যে এনেকুৱা ব্যৱস্থা খুবেই কম, য’ত উচ্চমানৰ শিক্ষাৰ লগতে শৃঙ্খলা বজাই ৰখা হয় আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বাবে কোনো ব্যৱস্থা লোৱা হয়। আমি চিন্তা কৰোঁ যে, আমি কি কোনো মহান মাদ্ৰাছা প্রতিষ্ঠা কৰিছোঁ বা প্রতিষ্ঠা কৰাত সহায় কৰিছোঁ? আমি কি আমাৰ মাদ্ৰাছাবোৰৰ বাবে কোনো ধৰণৰ সহায় সহযোগিতা কৰিছোঁ? আমি কি আমাৰ মাদ্ৰাছাবোৰত নিয়মিত শিক্ষাৰ ব্যৱস্থা কৰিছোঁ? আমাৰ মাদ্ৰাছাবোৰৰ শিক্ষা আৰু প্ৰশিক্ষণৰ শৃঙ্খলা কি সঠিক?

অন্যত্র তেখেতে কৈছে যে-"ধর্মীয় পত্রিকা প্রকাশ কৰা উচিত আৰু মাজে মাজে ধর্মীয় সমর্থনত বিভিন্ন প্রবন্ধ গোটেই দেশত, বিনামূল্যে অথবা নামমাত্র মূল্যে, দৈনিক বা অন্ততঃ সাপ্তাহিক ভিত্তিতে পঠিওৱা উচিত। এতিয়া আমি নিজৰ কাছে প্রশ্ন কৰোঁ, আমাৰ ধৰ্মীয় পত্রিকাবোৰ কি প্ৰকাশিত হৈ আছে? আমি কি ধৰ্মীয় প্ৰবন্ধ প্ৰকাশ কৰিবলৈ আৰু সেইবোৰ বিনামূল্যে বা নামমাত্র মূল্যত বিতৰণ কৰিবলৈ কোনো প্রচেষ্টা কৰিছোঁ? আমি কি এনে কাম কৰিব পৰা লোকসকলক উৎসাহিত কৰিছোঁ আৰু তেওঁলোকক আর্থিক সহায়তা প্ৰদান কৰিছোঁ?

তেখেতে মুছলমানসকলৰ ফাতিহা, সুয়েম, চল্লিশা আৰু বার্ষিকীক বৈধ বা জায়েজ বুলি মনে কৰে, কিন্তু ইয়াত অপ্রয়োজনীয় আনুষ্ঠানিকতাবোৰক ভিত্তিহীন বুলি মনে কৰে। নিহত ব্যক্তিৰ আত্মাৰ মাগফিৰাতৰ বাবে ঈছালে ছোৱাব কৰাত দৰিদ্ৰসকলক অগ্ৰাধিকাৰ দিয়ে আৰু ইয়াৰ কঠোৰ বিৰোধিতা কৰে যে সম্প্ৰদায়ৰ ৰাইজক মাতি আনি খুৱাই দিয়াৰ ব্যৱস্থা কৰা হওক। তেখেতে কবৰৰ ওপৰত লোবান (ধূপ), আগৰবাতি ইত্যাদি জ্ৱলোৱাটো  অৰ্থ আৰু ধনৰ অপচয় বুলি মনে কৰে। তেওঁৰ মত হ'ল যে, কবৰৰ ওপৰত ফুল ৰখা আৰু মাগফিৰাতৰ উদ্দেশ্য কৰি দোৱা কৰা বৈধ বা জায়েজ, তবে একাধিক কাপোৰৰ চাদৰ কবৰৰ ওপৰত বিছাই দিয়াটো নিষেধ কৰিছে। আৰু চাদৰৰ পৰিৱৰ্তে মাজাৰৰ মালিকৰ নামত দান কৰা আৰু দৰিদ্ৰ, দুখীয়া অথবা গৰীব সকলক খুৱাই দিয়াটো উত্তম বুলি গণ্য কৰে।

বিয়ে, শ্ৱবে বৰাত আৰু অন্য়ান্য আনন্দৰ মুহূৰ্তবিলাকত ফটকা, বিস্ফোৰক আদি ফুটোৱাৰ প্ৰথা ছলমানসকলৰ মাজতো সাধাৰণ হৈ উঠিছে। কিন্তু ইমাম আহমদ ৰাযা খান কাদ্ৱিৰী ইয়াক সম্পূৰ্ণৰূপত হাৰাম বুলি ঘোষণা কৰিছিল আৰু এনে বিবাহত অংশগ্ৰহণ কৰা নিষেধাজ্ঞা দিছিল য'ত শ্বৰীয়তসীমা অমান্য আৰু অৱহেলা কৰাৰ ভয়-ভীত থাকে। তেখেতে এই ধৰণৰ অনুষ্ঠানত মানুহৰ পথপ্রদর্শনৰ বাবদ  "হাদী উন-নাছ ফি ৰুছূম আল-আৰাছ " নামৰ এখন বিশেষ পুস্তিকা ৰচনা কৰিছিল। ইমাম আহমদ ৰাযা খান কাদ্ৱিৰী প্রতিটো  স্তৰত মুছলিম জনগোষ্ঠিক সম্পূৰ্ণ পথ প্ৰদৰ্শন কৰিছে। তেখেতে উপযুক্তভাৱে পুনর্জাগৰণ আৰু সংস্কাৰৰ অধিকাৰ প্রতিষ্ঠা কৰিছিল। আৰু ভৱিষ্যতে তেওঁৰ অতুলনীয় আৰু অনন্য ৰচনাসমূহে ইছলামী মিল্লাতৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব।

ইমাম আহমাদ ৰাযা খান কাদ্ৱিৰীৰ কর্মসূচিৰ ভিতৰত আহলে সুন্নতৰ প্রচাৰৰ বাবে তেওঁৰ প্ৰস্তাৱিত দশ দৃষ্টিকোণ পৰিকল্পনাও অন্তর্ভুক্ত হৈ আছে। তেখেতে কয় " বিশাল ইছলামী বিদ্যালয় (মাদ্ৰাছা) প্রতিষ্ঠা অৰ্থাৎ স্থাপন কৰিব লাগে য'ত নিয়মিত পাঠদান কৰা হয়, যাতে মুছলিম জাতিসকল বেছিকৈ মাদ্ৰাছাৰ ফালে আকৰ্ষিত হয় আৰু তেওঁলোকৰ আক্ৱীদা ৰক্ষা কৰিব পাৰে। কিন্তু আমি যদি বিশ্লষণ কৰোঁ তেন্তে আমি দেখা পাম যে আমাৰ মুছলিম ভাই সকল তেওঁলোকৰ সন্তান ল’ৰা ছোৱালীবোৰক মাদ্ৰাছাকৈ কলেজ আৰু বিশ্ববিদ্যালয়লৈ পঠোৱাটো বেছি পছন্দ কৰে। কিয়নো তেওঁলোকৰ মতে তাতে শিক্ষাৰ লগতে শৃঙ্খলা বজাই ৰখা হয় আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতিও মনোযোগ দিয়া হয়। আমাৰ মাদ্ৰাছাবোৰত ক্ষেত্রত দেখা যায় যে এনেকুৱা ব্যৱস্থা খুবেই কম, য’ত উচ্চমানৰ শিক্ষাৰ লগতে শৃঙ্খলা বজাই ৰখা হয় আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বাবে কোনো ব্যৱস্থা লোৱা হয়। আমি চিন্তা কৰোঁ যে, আমি কি কোনো মহান মাদ্ৰাছা প্রতিষ্ঠা কৰিছোঁ বা প্রতিষ্ঠা কৰাত সহায় কৰিছোঁ? আমি কি আমাৰ মাদ্ৰাছাবোৰৰ বাবে কোনো ধৰণৰ সহায় সহযোগিতা কৰিছোঁ? আমি কি আমাৰ মাদ্ৰাছাবোৰত নিয়মিত শিক্ষাৰ ব্যৱস্থা কৰিছোঁ? আমাৰ মাদ্ৰাছাবোৰৰ শিক্ষা আৰু প্ৰশিক্ষণৰ শৃঙ্খলা কি সঠিক?

অন্যত্র তেখেতে কৈছে যে-"ধর্মীয় পত্রিকা প্রকাশ কৰা উচিত আৰু মাজে মাজে ধর্মীয় সমর্থনত বিভিন্ন প্রবন্ধ গোটেই দেশত, বিনামূল্যে অথবা নামমাত্র মূল্যে, দৈনিক বা অন্ততঃ সাপ্তাহিক ভিত্তিতে পঠিওৱা উচিত। এতিয়া আমি নিজৰ কাছে প্রশ্ন কৰোঁ, আমাৰ ধৰ্মীয় পত্রিকাবোৰ কি প্ৰকাশিত হৈ আছে? আমি কি ধৰ্মীয় প্ৰবন্ধ প্ৰকাশ কৰিবলৈ আৰু সেইবোৰ বিনামূল্যে বা নামমাত্র মূল্যত বিতৰণ কৰিবলৈ কোনো প্রচেষ্টা কৰিছোঁ? আমি কি এনে কাম কৰিব পৰা লোকসকলক উৎসাহিত কৰিছোঁ আৰু তেওঁলোকক আর্থিক সহায়তা প্ৰদান কৰিছোঁ?

এই সত্য় অস্বীকাৰ কৰা নাযায় যে প্ৰতিটো যুগে ধৰ্মনিৰপেক্ষ শক্তিসমূহ ইছলাম আৰু ইছলামী ব্য়ক্তিত্ৱবোৰৰ দুৰ্নাম কৰাৰ কোনো সুযোগ হেৰুৱা নাই। একেই ঘটনা ঘঠিছিল ইমাম আহমদ ৰেযা খান কাদ্ৱিৰীৰ লগত, কিছুমান লোকে ইচ্ছাকৃতভাৱে বা মূৰ্খামিভাৱে বিদআত আৰু কুসংস্কাৰৰ কিছু বিষয়ক ইমাম আহমদ ৰেযা খান কাদ্ৱিৰীৰ সৈতে জড়িত কৰাৰ কোনো প্ৰচেষ্টা এৰি দিয়া নাই। যদি তেখেতৰ ৰচনাসমূহ অধ্যয়ন কৰা হয় তেন্তে এইটো স্পষ্ট হৈ পৰিব যে তেখেতে কোনো নতুন ধৰ্মীয় সন্থাৰ স্থাপন কৰা নাই বৰঞ্চ  গোটেই জীৱন তেওঁ কোৰআন আৰু চুন্নাহৰ শিক্ষাসমূহ সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল। আজি মাজাৰবোৰত আউলিয়া আৰু ইছলামী সাধুৰ নামত যি কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ উৎসৱ অৰ্থাৎ সমাৱেশবোৰ পালন কৰা হয় সেয়া ইমাম আহমদ ৰেযা খানৰ লগত যুক্ত কৰা হয়। যিটো এটা গুৰুতৰ বিশ্বাসঘাতকতা। ঠিক তেনেদৰে আজিকালি কিছুমান মানুহে ভক্তিৰ বাবে মাজাৰত প্ৰণাম অৰ্থাৎ ছিজদা কৰে, আনহাতে তেওঁলোকে নাজানে যে আমাৰ শ্বৰীয়তত আল্লাহৰ বাহিৰে আন কাৰোবাক ইবাদতৰ ছিজদা (ছিজদা-ই-ইবাদত) কুফুৰী আৰু শ্ৱিৰ্ক এনেদৰে ছিজদা ই তাজিমী (শ্ৰদ্ধাৰ চিজদাহ কৰা) হাৰাম বা নিষিদ্ধ বুলি গোষণা কৰা হৈছে।

এই প্ৰসঙ্গত ইমাম আহমদ ৰাযা খান কাদ্ৱিৰী "আয-যুবদাতুয-যাকিয়্যা লিতাহৰীমি ছুজুদিত তাহিয়্যাহ" নামৰ এটা বিশদ আৰু বিস্তাৰিত পুস্তিকা ৰচনা কৰে, য’ত তেওঁ বহুতো কুৰআনৰ আয়াত, চল্লিশটা পবিত্ৰ হাদীছ আৰু প্ৰায় এশ পঞ্চাশটাতকৈও অধিক ফিক্হী শাস্ত্রীয় (ন্যায়বিজ্ঞান) পাঠ্যৰ দ্বাৰা প্রমাণ কৰে যে ইবাদতৰ উদ্দেশ্যে আল্লাহৰ বাহিৰে আনৰ ওচৰত ছিজদাহ কৰা হ’ল শ্বিৰ্ক আৰু কুফৰ, আৰু এইটো সন্মানৰ উদ্দেশ্যে কৰা হাৰাম। তেখেতে এই ক্ষেত্ৰত এটা হাদীছো উল্লেখ ৰে যে- এবাৰ হজৰত ছালমানুল ফাৰিছী (ৰাদিয়াল্লাহু আনহু)  ৰাছুলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ক ছিজদাহ কৰিবলৈ বিচাৰিছিল, ৰাছুলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)এ ক'লে- আল্লাহৰ বাহিৰে আন কাৰোবাৰ আগত ছিজদাহ কৰাটো কোনো সৃষ্টিৰ বাবে অনুমতিযোগ্য নহয়। (মাদাৰিক আত-তানযিল)

ছিজদা-ই-তাযিমিৰ (সম্মানৰ ছিজদা) বিষয়ে ইমাম আহমদ ৰাযা খান কাদ্ৱিৰী ক'লে- "আল্লাহৰ বাহিৰে আনৰ বাবে ছিজদা-ই-ইবাদাত কৰা শ্বিৰ্ক, কিন্তু ছিজদা-ই-তাজিমী শ্বিৰ্ক নহয়, কিন্তু এইটো হাৰাম আৰু গুনাহে কাবিৰা (মহা পাপ)। ইয়াৰ হাৰাম হোৱাটো একাধিক হাদীছ আৰু ফিকাহী নথি-পত্ৰৰ দলিলত প্ৰমাণিত হৈছে। আমি আমাৰ ফতোৱাত ইয়াৰ হাৰাম হোৱাৰ পক্ষত চল্লিশটা হাদীছ বৰ্ণনা কৰিছোঁ। আৰু ফিকহী পাঠ্যৰ সংখ্যা বৰ্ণনাতীত। ফতোৱা আজিজিয়াত কোৱা হৈছে যে ইয়াৰ হাৰাম হোৱাৰ বিষয়ে উম্মাহৰ ঐক্যমত আছে।" (ফতোৱা ৰাজবিয়াঃ ২২/৫৬৫)

কিছুমান লোকে অজ্ঞতা ও মূর্খতাৰ কাৰণে ডাঙৰ আলিমসকলৰ সন্মূখত মাটিত চুমা খাই; এই বিষয়ে ইমাম আহমদ ৰাযা খান কাদ্ৱিৰীয়ে কৈছে যে- "এই কামটো হাৰাম। সেয়ে এয়া কৰা বক্তি আৰু এইটোত সন্তুষ্ট হোৱা উভয়ে গুনাহগাৰ (পাপী), কিয়নো এই কামটো মূর্তিপূজাৰ নিচিনা।" এতিয়া প্ৰশ্ন হ'ল যে , এই কাজৰ দ্বাৰা কোনোবাই কাফিৰ হৈ যাব নেকি? যদি কোনোবাই এই কামখিনি ইবাদতেৰ উদ্দেশ্যত কৰে তেতিয়া হ’লে নিঃসন্দেহে সেই ব্যক্তি কাফিৰ হৈ যাব। আৰু যদি কেৱল সন্মান প্রদর্শৰ কাৰণে কৰে, এনেতে কাফিৰ নহব, কিন্তু সেয়া সত্ত্বেও গুনাহগাৰ অৰ্থাৎ পাবী হব আৰু এয়া মহাপাপত অন্তৰ্ভুক্ত হব। (ফতোৱা ৰাজবিয়াঃ ২২/৪১২).

বর্তমানযুগত আউলীয়াসকলৰ আৰু ধর্মীয় ব্যক্তিত্বসকলৰ মাজাৰবোৰত দেখা যায় যে, কিছু লোকে ভক্তিৰ উদ্দেশ্যে মাজাৰক চুমা দিয়ে আৰু কিছুমানে অৱহেলাত মাজাৰৰ চাৰিওফালে  প্রদক্ষিণ কৰা ধৰে। তেওঁলোকে অন্ধ ভক্তিৰে সেইসকল কাম কৰে যিবোৰ  শ্বৰিয়তত সম্পূৰ্ণ নিষিদ্ধ। ইমাম আহমদ ৰাযা খান কাদ্ৱিৰীয়ে কৈছে:-"মাজাৰৰ চাৰিওপিনে পাশে চক্ৰগতি কৰা, যদি মাত্ৰ সন্মানেৰ উদ্দেশ্যত হয়, তেন্তে সেইটো কৰা নিষিদ্ধ কিয়নো সন্মানৰ উদ্দেশ্যত পৰিক্ৰমা অকল কাবা ঘৰৰ বাবে বিশেষ। মাজাৰক চুমা দিয়া উচিত নহয়। এই বাবদ উলামাসকলৰ ভিন্নমত আছে আৰু উত্তম হ'ল ইয়া ৰ পৰা বিৰত থকা। কিয়নো এইটোত সন্মাম বেছি ৰক্ষা কৰা হয়।" (ফতোৱা ৰাজবিয়াঃ ৯/৫২৮)। আন এটা ঠাইত তেখেতে কয় যে:-"নিশ্চিতভাৱে, কাবাৰ বাহিৰে অন্য কোনো স্থানৰ প্ৰদক্ষিণ সন্মানৰ বাবে নিষিদ্ধ, আৰু আমাৰ শ্বৰীয়তত আল্লাহৰ বাহিৰে আন কাৰোবাৰ ওচৰত ছিজদা কৰাটো নিষিদ্ধ ও হাৰাম। আৰু কবৰক চুমা দিয়া আলিমসকলৰ মাজত বিতৰ্কিত আছে আৰু  কবরকে চুম্বন করা আলেমদের মধ্যে বিতর্কিত এবং সতৰ্কতাৰে বিৰত থকা উচিত। বিশেষভাৱে, প্রথম শ্রেণীৰ আউলীয়সকলৰ মাজাৰত য'ত আমালোকৰ পণ্ডিত অথবা উলামাসকল স্পষ্ট কৰি দিছে যে, কমপক্ষে চাৰি হাতৰ দূৰত থিয়ো হোৱাটো উচিত; তেতিয়া কেনেকৈ চুমা দিয়াৰ কথা চিন্তা কৰিব পৰা যাব?" (ফতোৱা ৰাজবিয়াঃ ২২/৩৮২)

ইমাম আহমদ ৰেজা খান কাদ্ৱিৰীয়ে ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ৰোজাৰ পৰিপ্ৰেক্ষিত কৈছে যে:- “ৰোউজা-ই-ৰাছুলক প্ৰদক্ষিণ নকৰিব, ছিজদা নকৰিব, বা এনেদৰে নমন নকৰিব যাতে ৰুকুৰ দৰে হৈ পৰে। ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ আজ্ঞা পালনা কৰাটোৱে হ’ল তেখেতৰ প্ৰতি সন্মান কৰা। (ফতোৱা ৰাজবিয়াঃ ১০/৭৬৯)। যেতিয়া ইমাম আহমদ ৰাযা খান কাদ্ৱিৰী কাষত মাজাৰত কাপোৰৰ চাদৰ মেলি দিয়াৰ বিষয়ে  জিজ্ঞাসা কৰা হয়, তেখেতে উত্তৰ দিলে যে-"যদি কাপোৰ উপস্থিত থাকে আৰু এতিয়ালৈকে পুৰণি বা বেয়া হোৱা নাই যে পৰিৱৰ্তন কৰাৰ দৰকাৰ হৈছে, তেনেহ’লে অকাৰ্য্যকৰ চাদৰ মেলি দিয়াটো অসাৰ; বৰঞ্চ যি অর্থ ইয়াত ব্যয় কৰা হয়, সেইটো আল্লাহৰ বনদ্ধুসকলৰ আত্মাৰ ছোৱাবৰ বাবদ  প্ৰয়োজনীয় ব্যক্তিসকলক দিয়া উচিত।" (আহকামে শ্বৰীয়া প্ৰথম খণ্ড, ৭২ পৃষ্ঠা)

 

কিছু মানুহে মাজাৰত যাই বুযুর্গসকলৰ কবৰৰ সন্মূখত নামাজ আদাই কৰা আৰম্ভ কৰে আৰু মনে কৰে যে কবৰৰ সন্মূখত নামাজ পঢ়া অনুমতিযোগ্য আৰু ন্যায্য। তেওঁলোকৰ এই অপকৃষ্ট কামক কিছুমান মানুহে ইমাম আহমদ ৰাযা খান কাদ্ৱিৰীৰ লগত জড়িত কৰি কয় যে ই তেওঁৰ শিক্ষাৰ অংশ আৰু তেওঁৰ লিখনিত ইয়াৰ অনুমতি দিছে। কিন্তু যদি ইমাম আহমদ ৰাযা খান কাদ্ৱিৰীৰ শিক্ষা পুনঃপৰীক্ষা আৰু পর্যালোচনা কৰা হয়, ততিয়া এইটো স্পষ্ট হৈ পৰিব যে, তেওঁৰ ফতোৱা বা মৌখিক বক্তব্যত এই ক্ষেত্ৰত অনুমতিৰ কোনো উল্লেখ নাই। এই নিষেধাজ্ঞা হাদীছৰ দ্বাৰা প্ৰতিষ্ঠিত, য'ত কৈছিল যে- আবু মাৰ্থাদ আল-গানাৱী (ৰাদিয়াল্লাহু আনহু)ৰ পৰা বর্ণিত হৈছে যেঃ- ৰাছুলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) কৈছে- "কবৰৰ ফালে আদাই নকৰিবা, আৰু তাত বহি নাথাকিব।" (মুছলিম আৰু তিৰমিজি শ্ৱৰীফ, ফতোৱা ৰাজবিয়াঃ ২২/৪৫১-৪৫২)

একাংশ লোকে ভক্তি আৰু সন্মান প্রকাশৰ উদ্দেশ্যে কল্পিত মাজাৰ নির্মাণ কৰা আৰম্ভ কৰে আৰু তাতে সন্মান কৰিবলৈ লয়। ইমাম আহমদ ৰাযা খান কাদ্ৱিৰী সিহঁতৰ সময়ত এই ব্যাপাৰে জোৰদাৰ সমালোচনা কৰে। তেখেতে কৈছিল যে- "কাল্পনিক মাজাৰ নির্মাণ কৰা আু তাৰ লগত  আচল মাজাৰৰ নিচিনা আচৰণ কৰা নিষিদ্ধ আৰু বিদআত। যদি কোনো পীৰ তেওঁৰ মুৰিদসকলক কল্পিত মাজাৰ নির্মাণ কৰিবলৈ অনুমতি দিয়ে, তেনেহ’লে সেয়া গ্রহণযোগ্য নহয়।" (ফতোৱা ৰাজবিয়াঃ ৯/৪২৫)

কবৰত মোমবাতি আৰু আগৰবাতি প্রজ্জ্বলন কৰা এটা সাধাৰণ অভ্যাস হৈ গৈছে আৰু অনেক মানুহে এইটোক মৃতসমূহৰ শান্তিৰ বাবে মনত কৰে। ইমাম আহমদ ৰাযা খান কাদ্ৱিৰী কয় যে-কবৰত মোমবাতি জ্বলোৱা এটা বিদআতৰ কাম আৰু সম্পদেৰ অপচয়। আগৰবাতি, লোবান (ধূপ) ইত্যাদি সকলোবোৰ কবৰৰ ওপৰত ৰাখি জ্বলোৱাটো উচিত নহয়। কিয়নো ই সম্পদৰ অপচয়। তেখেতে এটা হাদীছ উল্লেখ কৰে যে, ইবনে আব্বাছ (ৰাদিয়াল্লাহু আনহু) পৰা বৰ্ণিত তেখেত কৈছে যে ৰাছুলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) কবৰ পৰিদর্শন কৰা নাৰীসকলক, কবৰৰ ওপৰত মছজিদ নিৰ্মাণকাৰীসকলক আৰু দীপ বা মোমবাতি স্থাপন কৰা লোক সকলক অভিশপ্ত (লানত) কৰিছিল। এই হাদীছৰ ব্যাখ্যাত তেখেতে ক'লে "এইটো সিহঁতৰ বাবে অভিশাপ যিসকল কোনো কাৰণ বা উপকাৰ সলনি কবৰৰ ওপৰত মোমবাতি (দীপ) জলায় কিন্তু যদি কনোবাই কবৰৰ কাষত দীপ ৰাখি আলো প্ৰদান কৰে বা কুৰআন তিলাৱাত কৰে এনেতে নিষেধ নাই, তবে কবৰৰ পৰা বাতিটো দূৰত ৰখা উচিত। ফতোৱা ৰাজবিয়া- ৯/৪৯১)

বর্তমানকালত কিছুসংখ্যক তিৰোতাসকল অজ্ঞতা আৰু  মূর্খতাৰ কাৰণত পুৰুষ পীৰ আউলীয়াৰ সকলৰ মাজাৰত যোৱা আৰম্ভ কৰিছে। কতিপয় লোকে ইয়াক ইমাম আহমদ ৰেযা খান কাদ্ৱিৰীৰ সৈতে যুক্ত কৰে আৰু কয় যে তেখেতে নাৰীসকলক মাজাৰত যোৱাৰ অনুমতি দিছে। কিন্তু বাস্তৱতা হ'ল যে, যেতিয়া ইমাম আহমদ ৰেযা খান কাদ্ৱিৰীক মহিলাসকলে মাজাৰত যোৱাৰ বিষয়ে প্ৰশ্ন কৰা হ'ল তেতিয়া তেখেতে এইটোক নিষিদ্ধ কৰি কঠোৰ সমালোচনা কৰিছিল। তেখেতে তাৰ মৌখিক বক্তব্যে দিলে যে: "এয়া জিজ্ঞাসা নকৰাটোৱে উচিত যে নাৰীসকলে মাজাৰত যোৱাটো বৈধ বা জায়েজ নে, বৰঞ্চ এইটো সোধা উচিত যে আল্লাহ তাআলা পৰা কিমান অভিশাপ নামি আহে আৰু কিমান যে অৱক্ৰোশ কবৰৰ পৰা নামি আহে। যেতিয়া সি ঘৰৰ পৰা বাহিৰত যায় আৰু অকৰণি আৰম্ভ হয় আৰু যেতিয়ালৈকে বাড়িত উভতি নাহে তেতিয়ালৈকে ফিৰিস্তাসকলে তাৰ ওপৰত অকৰণি নাজিল কৰি থাকে। (গনিয়াতুল মুতামাল্লি  বি-হাওয়ালায়ে মালফূযাতে আলা হযৰত: পৃষ্ঠা ৩১৫)

ইয়াৰ উপৰিও, অন্ধ ভক্তিৰ কাৰণে প্রায়ই বেপর্দা নাৰীবোৰ পীৰ, ফকিৰ বাবা আৰু বুযুর্গসকলৰ কাষত যাই সিহঁতৰ সৰু সৰু সমস্যাবোৰৰ সমাধান খুঁজি থাকে। ইমাম আহমদ ৰেজা খান কাদেৰীয়ে ইয়াক কঠোৰ সমালোচনা কৰিছে। তেওঁ কয় যে কোনো পণ্ডিত আৰু ধৰ্মীয় পথ প্ৰদৰ্শক থাকিলেও মহিলাসকলে ৰাজহুৱাভাৱে তেওঁলোকৰ ওচৰলৈ যোৱাটো জায়েজ নহয় অথবা এয়া এটা নিষিদ্ধ কৰ্ম। তেওঁ আৰু ব্যাখ্যা কৰিছে যে, পর্দাৰ ব্যাপাৰত পীৰ বা পীৰৰ বাহিৰে সকলৰ ক্ষেত্রত একেই আইন প্রযোজ্য, আৰু যুৱতী নাৰীৰ মুখ প্রকাশ কৰি সন্মুখীন  হোৱাটো নিষেদ। (ফতোয়া ৰাজবিয়া: ২২/২০৫) তেখেতে আৰু কৈছে যে আংগুলী ঢাকি ৰখাটো ফৰজ অথবা বাধ্যতামূলক, যদি শৰীৰৰ কিছুমান অংশ উন্মুক্ত হয়, যেনে মূৰ, ডিঙি, হাতৰ কব্জি, পেট বা আঁঠুৰ যিকোনো অংশ নাইবা চুলিৰ কোনো অংশ, তেন্তে এগৰাকী মহিলাই অযথা পুৰুষৰ সন্মুখলৈ যোৱাটো একেবাৰে হাৰাম, সি পীৰ হওক বা পণ্ডিত।" (ফতোৱা ৰাজবিয়াঃ ২২/২৩৯-২৪০)

আহমদ ৰাযা খান কাদ্বিৰীৰ শিক্ষাৰ পোহৰত স্পষ্টভাৱে দেখা যায় যে, নাৰীসকলৰ  অভদ্র হৈ পীৰ, ফকিৰ, মুল্লা বা ধর্মীয় পথপ্রদর্শক সকলৰ কাষত যোৱা নিষেধ। কিছুমান মানুহে কুৰআনৰ আয়াত আৰু ছুৰাবোৰক  উলটা কৰি পঢ়ে, এই বিষয়ে আপুনাৰ কাষত প্রশ্ন কৰা হ'ল, আপুনি ইয়াৰ অত্যন্ত হাৰাম হোৱাৰ কথা কৈছিল, যি কুফৰৰ সমীপ। কেৱল ছুৰাৰ সজোৱা পৰিৱর্তন কৰি পঢ়াটোও নিষেধ। এইবিষয়ে  হযৰচ আবদুল্লাহ ইবনে মাছউদ (ৰাদিয়াল্লাহু আনহু) কৈছিল যে: "এই ধৰণৰ কাম কৰালোক কি আল্লাহৰ ওচৰৰ পৰা  তেওঁৰ হৃদয়টো বিপক্ষ হৈ যোৱাৰ ভয় নাপায় ?" (মালফূযাতে আলা হজৰত: পৃষ্ঠা ৩৫৪)

 

কিছু ধর্মীয় মহলৰ পৰা প্ৰচাৰ কৰা হয় যে মুছলমানসকলৰ মাজত প্ৰচলিত বিদআত আৰু ভ্ৰান্তি ইমাম আহমদ ৰেজা খান কাদ্ৱিৰীৰ শিক্ষাৰ অংশ। দৰাচলতে, এইটো সম্পূৰ্ণ অমর্যাদাজনক আৰু মিছা। যদি পক্ষপাতিত্বৰ চশমা আঁতৰাই সত্যৰ দৃষ্টি দি চোৱা হয় তেন্তে স্পষ্ট হ’ব যে, ইমাম আহমাদ ৰেযা খান কাদ্ৱিৰী এই ধৰণৰ ভ্রান্তি আৰু বিদআতৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। তেওঁৰ প্ৰচেষ্টা আছিল ইছলামত নতুন নতুন বিদআত (উদ্ভাৱন) সৃষ্টি কৰাতকৈ নতুনত্ব নিৰ্মূল কৰা। কিন্তু আজি তেওঁ আৰু তেওঁৰ অনুগামীসকলৰ বিষয়ে অবিশ্বাসৰ দৃষ্টিতে চোৱা হৈছে যে, তেওঁলোকে এটা নতুন গোটৰ ভিত্তি প্ৰতিষ্ঠা কৰিছে। এই অবিশ্বাসৰ কাৰণত আজ মুছলিম উম্মাহ বিভিন্ন গোটত বিভক্ত হৈ পৰিছে। প্রয়োজন হল যে, ভিত্তিহীন অভিযোগৰ আগত তেওঁলোকৰ শিক্ষা বিশ্লেষণ কৰা আৰু অবিশ্বাস আঁতৰোৱাটো উচিত। সময়ৰ চাহিদা হৈছে যে, মুছলিম উম্মাহৰ মাজত বিভাজন ও বিশৃঙ্খলাৰ পৰিৱৰ্তত ঐক্য আৰু সংহতি সৃষ্টি কৰা উচিত।

 

 

 

লেখকঃ- আশ্ৰাফুল ফাৰুকী (বৰপেটা, অসম) কেৰালাৰ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ গৱেষক পণ্ডিত, য’ত তেওঁ ইছলামিক সভ্যতা অধ্যয়ন বিভাগত গৱেষণা কৰি আছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter