বিশ্বমানৱৰ চিৰস্থায়ী দিশাৰী: হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)
ইতিহাসৰ সোণালী পৃষ্ঠাত কিছুমান এনেকুৱা মহান ব্যক্তিত্ব জন্মগ্ৰহণ কৰিছে, যিয়ে সমাজ, সংস্কৃতি, নৈতিকতা আৰু মানৱতাৰ ধাৰা সলনি কৰিছে। কিন্তু হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ নাম সেই বিশেষ স্থানত আছে, য’ত তেওঁৰ জীৱন আৰু শিক্ষাই কেৱল এটা সময় বা স্থানৰ বাবে সীমাবদ্ধ নহয়, সমগ্ৰ বিশ্বমানৱৰ বাবে চিৰন্তন পোহৰ হৈ ৰৈ আছে। ইছলাম ধৰ্মত তেওঁ আল্লাহৰ অন্তিম ৰছূল হিচাপে চিৰস্মৰণীয়, কিন্তু তেওঁৰ প্ৰভাৱ কেৱল ইছলাম সমাজতেই সীমাবদ্ধ হোৱা নাই। ভিন্ন ধৰ্ম, ভিন্ন সভ্যতা আৰু ভিন্ন সংস্কৃতিৰ চিন্তাবিদ, সাহিত্যিক, নেতা আৰু দাৰ্শনিকসকলে তেওঁৰ জীৱন আৰু আদৰ্শৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে। এই বিশ্বজনীন স্বীকৃতি তেওঁৰ মহানুভৱতা, আধ্যাত্মিক শক্তি আৰু নৈতিক মহিমাৰ প্ৰমাণ। আধুনিক যুগত য’ত বিজ্ঞান, প্ৰযুক্তি, বস্তুবাদ আৰু নৈতিক সংকট একেলগে মানুহক আৱৰি ধৰিছে—তাতো তেওঁৰ শিক্ষা দয়া, ন্যায়, সমতা আৰু সত্যৰ ওপৰত ভিত্তি কৰি মানৱতাৰ পোহৰ জ্বলাই ৰাখিছে।
মহানবী মুহাম্মাদ (ছাঃ) ৫৭০ খ্ৰীষ্টাব্দত মক্কাত জন্মগ্ৰহণ কৰিছিল। তেতিয়া আৰব সমাজ নৈতিক অধঃপতন, গোত্ৰীয় যুদ্ধ, অসাম্য আৰু নাৰীৰ ওপৰত অন্যায়ত আৱদ্ধ আছিল। এই অন্ধকাৰ যুগত তেওঁ সত্য, ন্যায়, দয়া আৰু সমতাৰ বাণী লৈ আহিছিল। তেওঁৰ সততা, সহনশীলতা আৰু ন্যায়নিষ্ঠা তেওঁৰ জীৱনৰ মূল স্তম্ভ আছিল। এজন “আল-আমিন” (বিশ্বাসযোগ্য ব্যক্তি) হিচাপে তেওঁ মক্কাৰ মানুহৰ মাজত জনাজাত আছিল। আজিৰ সময়ত যেতিয়া সঁচা আৰু বিশ্বাসযোগ্যতাৰ অধ্পতন ঘটিছে আহিছে, তেওঁ নৈতিকতাৰ শ্ৰেষ্ঠ উদাহৰণ দি শিকাই গৈছিল কেনেকৈ মানুহৰ মন জয় কৰিব লাগে।
নৈতিক সংকটত এটা চিৰপ্ৰৱাহিত দিশা
বস্তুবাদ আৰু লোভৰ বেগেৰে আগুৱাই যোৱা আধুনিক সমাজত নৈতিকতা হ্ৰাস পাইছে। স্বাৰ্থপূৰ্ণতা, প্ৰতাৰণা, অপব্যৱহাৰ আৰু হিংসাত্মক প্রবণতা বৃদ্ধি পাইছে। তেনে সময়তে মহানবীয়ে শিকাইছিল—সঁচা কথা কোৱা, আমানত ৰক্ষা কৰা, আৰু সকলো জীৱৰ প্ৰতি দয়া কৰা। তেওঁৰ বাণী, “সৰ্বশ্ৰেষ্ঠ সেই ব্যক্তি যিয়ে আনৰ বাবে সৰ্বাধিক উপকাৰী হয়”, এই শিক্ষা মানুহক স্মৰণ কৰাই যে কেৱল প্ৰযুক্তি আৰু ধনৰ বৃদ্ধি সমাজখন আগুৱাই লৈ নাযায়, নৈতিক দৃঢ়তাই সমাজক সমৃদ্ধ কৰে।
সামাজিক ন্যায় আৰু সমতাৰ আহ্বান
বিশ্বত ধনী-দৰিদ্ৰ, জাতি-ধৰ্ম, লিংগ বা বৰ্ণৰ বিভাজন এতিয়াও বাহাল আছে। বিদায় হজ্জত মহানবীয়ে ঘোষণা কৰিছিল—কোনো আৰব অ-আৰবতকৈ শ্ৰেষ্ঠ নহয়, আৰু কোনো অ-আৰব আৰবতকৈ শ্ৰেষ্ঠ নহয়; কেৱল ধৰ্মনিষ্ঠতাই শ্ৰেষ্ঠতা নিৰ্ধাৰণ কৰে। এই বাণী বর্ণবাদ আৰু বৈষম্যৰ বিৰুদ্ধে আধুনিক বিশ্বত এক শক্তিশালী পোহৰ। এই শিক্ষা আমাক অৱগত কৰাই যে যে ন্যায় আৰু সমতাৰ ওপৰত নিৰ্মিত সমাজহে সত্যিকাৰৰ শান্তি আৰু অগ্ৰগতিৰ পথ দেখুৱাব পাৰে।
নাৰীৰ অধিকাৰ আৰু সন্মান
বিভিন্ন জনে মন্তব্য কৰে ইছলাাম ধৰ্মই নাৰীৰ অধিকাৰৰ প্ৰতি গুৰুত্ব দিয়া নাই। কিন্তু তেওঁলোকে ইতিহাস লুটিয়াই চোৱা নাই যে, ইছলামত নাৰীৰ বাবে বিশেষ মৰ্যদা দিয়া হৈছে যিটো অইন কোনো ধৰ্ম কিম্বা জাতিয়ে দিবলৈ সক্ষম হোৱা নাই। ভাৰতত ব্ৰিটিছ শাসন থকা লৈকেও সমাজত (স্বতী প্ৰথা) ধৰে জগন্য কুসংস্কৃতীক আঁকোৱালি লৈছিল। European Renaissance ইউৰোপীয় পুনর্জাগৰণৰ আগতে যেতিয়া গোটেই আৰব বিশ্বই বিজ্ঞান আৰু প্ৰযু্তিবিদ্যাত সফল হৈ আছিল তেতিয়া গোটেই ইউৰোপ অন্ধকাৰ জগতত (Dark Age) ত আছিল। ফ্ৰান্স বিদ্ৰোহ ( Franch Revolution) ৰ আগত ইউৰোপৰ কতো মহিলাৰ বাবে ভোট দিয়াৰ ব্যৱস্থা নাছিল। মহানবী হজৰত মুহাম্মদ (ছ:)ৰ যুগতো নাৰীক অপমানিত আৰু বঞ্চিত কৰা হৈছিল। আৰৱত কন্যা শিশু জন্ম হলে জীৱন্ত দাফণ কৰা হৈছিল। কিন্তু তেতিয়া তেওঁ নাৰীক শিক্ষাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, বিবাহ আৰু উত্তৰাধিকাৰৰ অধিকাৰৰ কথা স্পষ্ট কৰি দিছিল। তেওঁ কৈছিল—“সৰ্বশ্ৰেষ্ঠ সেই ব্যক্তি, যিয়ে নিজৰ স্ত্ৰীৰ প্ৰতি আটাইতকৈ ভাল ব্যৱহাৰ কৰে ।” আজিও, যেতিয়া বিশ্বত লিঙ্গ বৈষম্য আৰু নাৰীৰ ওপৰত অন্যায় বিদ্যমান, তেওঁ দেখুৱাই যোৱা নাৰীৰ প্ৰতি ব্যৱহাৰ এক অনুকৰণীও আদৰ্শ।
শান্তি আৰু সহনশীলতাৰ দূত
যেতিয়া বিশ্বত দ্বন্দ্ব, যুদ্ধ আৰু অসহিষ্ণুতা বৃদ্ধি পাই চৰম সীমা পাৰ কৰিছিল।তেতিয়া মহানবীয়ে শান্তিৰ দূত হিচাপে বিশ্বক এটা নৈতিক দিশা আগবঢ়াইছিল। তেওঁ শিকাইছিল যে সত্যিকাৰ শক্তিশালী ব্যক্তি সেই নহয় যিয়ে যুদ্ধত জয়ী হয়, বৰং সেই ব্যক্তি যিয়ে নিজৰ ৰাগ নিয়ন্ত্ৰণ কৰিব পাৰে। হুদাইবিয়াৰ সন্ধি ( Treaty of Hudaiviya) বা মক্কা বিজয়ৰ সময়ত তেওঁ শত্রুক ক্ষমা কৰি যে মহানুভৱতা দেখুৱাইছিল, সেইটো শান্তি আৰু ক্ষমাশীলতাৰ এক অনন্য উদাহৰণ।
পৰিৱেশ সংৰক্ষণ আৰু নৈতিক ব্যৱহাৰ
আধুনিক যুগত প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ আৰু ধ্বংসৰ এক সংকেত বিশ্ববাসীক এক ভয়াবহ সংকট ৰূপে দেখা দিছে। মহানবীয়ে গছ-পুলি ৰোপণ, প্রতিটো প্ৰাণীৰ প্ৰতি সদয় ব্যৱহাৰ আৰু সম্পদ সংৰক্ষণৰ ওপৰত যি গুৰুত্ব দিছিল সেয়া সকলোৱে আঁকোৱালি লোৱাটো খুবেই জৰুৰী । তেওঁ কৈছিল—“যদি কোনো ব্যক্তিৰ হাতত গছৰ চাৰা থাকে আৰু কিয়ামতৰ দিন আহে, তেন্তে তেওঁক সেয়া ৰোপণ কৰা উচিত”—পৰিৱেশ সংৰক্ষণৰ বাবে এক গভীৰ বাণী। এই শিক্ষা আজিও পৰিৱেশ সচেতনতা নাগৰিকৰ বাবে এক শাশ্বত দিশা।
আধ্যাত্মিকতা আৰু অন্তৰীণ শান্তি
যান্ত্ৰিক জীৱনত বাহ্যিক সাফল্যৰ পিছত দৌৰ পাৰি থাকোঁতে মানুহে অন্তৰীণ শান্তি হেৰুৱাই পেলাই। মানুহে এটা সময়ত সাংসাৰিক জগতৰ পৰা মোহ মায়া এৰিবলৈ বাদ্য হয়। আল্লাহৰ ৰসুল (ছ:)নামাজ, জিকিৰ আৰু দোআৰ মাধ্যমে মানসিক শান্তি আৰু সৃষ্টিকৰ্তাৰ সৈতে গভীৰ সংযোগৰ পথ দেখুৱাইছিল। তেওঁৰ জীৱনৰ পৰা শিকাই গৈছিল যে সত্যিকাৰ সাফল্য বস্তুগত সমৃদ্ধিত নহয়, অন্তৰৰ পৱিত্ৰতা আৰু নৈতিক অগ্ৰগতিত নিহিত।
শিক্ষা আৰু জ্ঞানৰ প্ৰতি গুৰুত্ব
মহানবীয়ে শিক্ষা আৰু জ্ঞানক মানবজাতিৰ উন্নতিৰ মূল চাবি হিচাপে গণ্য কৰিছিল। তেওঁৰ বাণী—“জ্ঞান অন্বেষণ প্ৰতিটো মুসলিম নৰ- নাৰীৰ ওপৰত ফৰজ ” শিক্ষা যে কেৱল ধৰ্মীয় জ্ঞান তেনেকুৱা নহয় , বিজ্ঞান আৰু সমাজৰ উন্নতিতো ব্যৱহাৰযোগ্য। এই বাণী আজিৰ প্ৰযুক্তিগত যুগতো সমানভাৱে প্ৰাসংগিক।
ন্যায়সঙ্গত অৰ্থনীতি আৰু সততাৰ মূল্যবোধ
বাণিজ্যিক প্ৰতাৰণা, লোভ আৰু শোষণ আজিও অৰ্থনৈতিক সংকটৰ মূল কাৰণ। মহানবীয়ে ন্যায়সঙ্গত ব্যৱসায় আৰু সততাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ কৈছিল যে সত্যবাদী আৰু বিশ্বাসযোগ্য ব্যৱসায়ীক তেওঁৰ সৈতে উঠা-বসাৰ সন্মান দিয়া হ’ব, যিয়ে মানুহক ঠগালে কিম্বা প্ৰবঞ্চনা কৰিলে তেওঁ আমাৰ দলৰ অন্তৰ্ভূক্ত নহয়। এই নীতি আধুনিক গ্লোবেল অৰ্থনীতিতো সমানভাৱে প্ৰযোজ্য।
মহানবী মুহাম্মাদ (ছঃ)-ৰ জীৱনৰ সংগ্ৰাম আৰু নৈতিক মহত্ত্ব
হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ জীৱন সততা, ন্যায় আৰু ধৈৰ্যৰ এক অসামান্য দৃষ্টান্ত। মক্কাত ইসলামৰ বাণী প্ৰচাৰ আৰম্ভ কৰাৰ সময়ত তেওঁ বহু প্ৰতিবন্ধকতা আৰু বৈৰিতাৰ সন্মুখীন হৈছিল। কিছুমান লোক তেওঁক অবমাননা কৰিছিল, সামাজিকভাৱে বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিছিল, আৰু বহু অনুসাৰীসকলক মানসিক আৰু শাৰীৰিক কষ্ট দিছিল। তায়েফৰ যুঁজৰ সময়ত তেওঁ পাথৰ আৰু অবজ্ঞাৰ সন্মুখীন হৈছিল; কিছুমান লোক তেওঁক লাথি মাৰিছিল। তথাপি, মহানবীয়ে ধৈৰ্য, সংযম আৰু নৈতিকতা বজাই ৰাখি উত্তৰ দিছিল। তেওঁ দেখুৱালে যে সত্যৰ বাবে যুদ্ধ কৰা মানেই সহিংসতা নহয়; প্ৰকৃত শক্তি হৈছে ধৈৰ্য, যুক্তি আৰু কোমল হৃদয়। প্ৰতিটো বাধাই তেওঁক অধিক স্থিতিশীল আৰু নিৰ্ভীক কৰি তুলিছিল।
ফতেহ মক্কাৰ সময়ত মহানবীয়ে দেখুৱালে যে সত্যিকাৰ মহানতা ক্ষমাতেই নিহিত। বহু বছৰ অবমাননা, অপমান আৰু শাস্তিৰ সন্মুখীন হোৱা লোকসকলক তেওঁ ক্ষমা কৰি সমগ্ৰ মক্কাক একতা আৰু শান্তিৰ পথলৈ আনিছিল। এবাৰ তেওঁ এটা ইহুদি মৃত্যু বাসীৰ কাৰণে বহি থকাৰ অৱস্থাৰ পৰা থিও হলে, চাহাবাসকলে প্ৰশ্ন কৰিলে, হে আলাহৰ ৰচুল আপুনি এজন অইন ধৰ্মৰ মৃত ব্যক্তিৰ কাৰণে কিয় থিও হলে? তেওঁৰ উত্তৰ দিলে, আমি সৰ্বপ্ৰথমে মানুহ আৰু সকলো মানৱ জাতিক শ্ৰদ্ধা কৰাটো আমাৰ ধৰ্ম।
মহানবী মুহাম্মাদ (ছঃ)-ৰ জীৱন, সংগ্ৰাম আৰু বাণী আজিও বিশ্বমানৱৰ বাবে ধৈৰ্য, দয়া আৰু নৈতিকতা প্ৰদৰ্শন কৰা এক চিৰন্তন অনুপ্ৰেৰণা। তেওঁ শিকাইছে যে মানবিক সন্মান, ন্যায় আৰু ক্ষমা সকলো ধৰ্ম আৰু জাতিৰ ওপৰত অতিকৈ মূল্যবান।
বিশ্বজনীন সন্মান আৰু আধুনিক ব্যক্তিত্বৰ মতামত
হজৰত মুহাম্মাদ (ছঃ)-ৰ প্ৰতি বিশ্বৰ বিভিন্ন সভ্যতা আৰু চিন্তাবিদৰ গভীৰ সন্মান প্ৰকাশ হৈছে। স্কটলেণ্ডৰ চিন্তাবিদ থমাছ কাৰ্লাইলে তেওঁক “নিৰ্বেজাল আত্মা” বুলি বৰ্ণনা কৰি কৈছিল যে সাহসিকতা আৰু সত্যৰ দ্বাৰাই তেওঁ নিজৰ মিশন সফল কৰিছিল। ফ্ৰান্সৰ কবি আলফঁছ দে লামাৰ্তিনে লিখিছিল—যদি প্ৰতিভাৰ মানদণ্ড লক্ষ্যৰ বিশালতা, সীমিত সম্পদ আৰু আশ্চৰ্যজনক সফলতা হয়, তেন্তে মুহাম্মদৰ সৈতে কাক তুলনা কৰিব পাৰি? ৰাছিয়ান দাৰ্শনিক লিঅ টলষ্টয়ে তেওঁক শান্তিৰ দূত হিচাপে আখ্যা দিছিল।
মাইকেল এইচ. হাৰ্টে The 100: A Ranking of the Most Influential Persons in History গ্ৰন্থত তেওঁক প্ৰথম স্থানত ৰাখি লিখিছিল—ইতিহাসৰ একমাত্ৰ ব্যক্তি যিয়ে ধৰ্মীয় আৰু ৰাজনৈতিক উভয় ক্ষেত্ৰতে সাফল্য অৰ্জন কৰিছিল। ইংলেণ্ডৰ নাট্যকাৰ জৰ্জ বাৰ্নাৰ্ড শ্বয়ে তেওঁক আধুনিক বিশ্বৰ সম্ভাব্য নেতা বুলি বৰ্ণনা কৰি কৈছিল যে তেওঁ হ’লেহেঁতেন বিশ্ব শান্তি আৰু সুখেৰে আলোকিত হ’ব পাৰিলেহেঁতেন। ইতিহাসবিদ জেমছ মিচনাৰে তেওঁক “অসাধাৰণ ব্যক্তিত্বৰ মানুহ” বুলি বৰ্ণনা কৰি কৈছিল যে তেওঁ মূৰ্তিপূজা দূৰ কৰি একেশ্বৰবাদ প্ৰতিষ্ঠা কৰিছিল।
উইলিয়াম মুইৰ, যিয়ে প্ৰথমতে ইছলামৰ সমালোচনা কৰিছিল, তেও স্বীকাৰ কৰিছিল যে মুহাম্মদ (ছঃ)-ৰ বাণী স্পষ্ট আৰু তেওঁৰ সাফল্য বিস্ময়কৰ। মহাত্মা গান্ধীয়ে লিখিছিল—“মই সৰ্বাধিক নিশ্চিত হৈ পৰিলোঁ যে সেই দিনবোৰত ইসলামৰ স্থান প্ৰতিষ্ঠা কৰিবলৈ তলোৱাৰৰ বল প্ৰয়োজন হোৱা নাছিল। ই আছিল কঠোৰ সাদৃশ্য, মুহাম্মদৰ সম্পূৰ্ণ আত্মত্যাগ, ঈশ্বৰত পূৰ্ণ বিশ্বাস আৰু কৰ্তব্যত নিৰ্ভীক অৱদান।”
এই প্ৰজন্মতো মাইক টাইছন, বাৰাক অৱামা, দালাই লামা আৰু পোপ ফ্ৰান্সিছৰ দৰে বিশ্বখ্যাত ব্যক্তিসকলে প্ৰৱক্তা মুহাম্মদ (ছঃ)-ৰ প্ৰতি গভীৰ সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰায় ১৪০০ বছৰ পাৰ হৈও, তেওঁ সৰ্বাধিক প্ৰিয় আৰু তেওঁৰ আদৰ্শ বিশ্বমানৱৰ হৃদয়ত দীপ্ত হৈ আছে।
আধুনিক সমাজৰ বাবে এক চিৰন্তন পথপ্ৰদৰ্শক
হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ শিক্ষা কোনো এক সময় বা সমাজৰ বাবে সীমাবদ্ধ নহয়। ন্যায়, দয়া, সমতা, শান্তি আৰু জ্ঞানৰ ওপৰত আধাৰিত তেওঁৰ আদৰ্শ আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগতো চিৰস্থায়ী। তেওঁলোকৰ শিক্ষা শিকাই যে প্ৰযুক্তি বা অৰ্থনৈতিক অগ্ৰগতি সৰ্বশ্ৰেষ্ঠ নহয়—যদি নৈতিকতা আৰু মানৱিকতা নথাকে, সমাজৰ পতন হবই।
ইতিহাস স্পষ্টকৈ দেখুৱাইছে—হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) কেৱল এটা ধৰ্মৰ সীমাবদ্ধ দিশাৰী নহয়, বিশ্বমানৱৰ বাবে এক শাশ্বত অনুপ্ৰেৰণা। আধুনিক যুগত, য’ত বস্তুবাদ, অসহিষ্ণুতা আৰু নৈতিক অধঃপতন মানুহক বিভ্ৰান্ত কৰি ৰাখিছে, তেওঁৰ শিক্ষা মানৱতাৰ নৈতিক পোহৰ হিচাপে দীপ্ত হৈ আছে। তেওঁৰ জীৱন আৰু বাণী শিকাই যে সত্য, দয়া, ন্যায় আৰু শান্তিৰ পথেই সৰ্বশ্ৰেষ্ঠ পথ।
তেওঁৰ শিক্ষা অনুসৰণ কৰিলে সমাজ, পৰিৱেশ আৰু মানৱিকতাৰ সকলো দিশত এটা নৱীন জ্যোতিৰ সঞ্চাৰ ঘটিব। এই পোহৰ কেৱল মুসলিম সমাজৰ বাবে নহয়, সমগ্ৰ বিশ্বৰ বাবে—যিয়ে মানৱতাৰ মুল্যবোধক শক্তিশালী কৰি তোলে আৰু শান্তিপূৰ্ণ ভবিষ্যৎ নিৰ্মাণৰ দিশা দেখুৱায়। হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) সত্যেই আধুনিক যুগ আৰু বিশ্বমানৱৰ বাবে এক চিৰন্তন অনুপ্ৰেৰণা।
লেখক: শাহিনুৰ আলম