মালদ্বীপে ইছলামৰ ৯০০ হিজৰী বৰ্ষ পালন: বছৰজোৰা ৰাষ্ট্ৰীয় উদযাপন

মালদ্বীপে ইছলাম গ্ৰহণৰ ৯০০ হিজৰী বৰ্ষ পূৰ্ণ হোৱা উপলক্ষে বিশেষ উদযাপন কৰিছে। এই ঐতিহাসিক মাইলফলকে দেশখনৰ ধাৰ্মিক, সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় পৰিচয় গভীৰভাৱে গঢ় দিছে।

হুলহুমালেত আনুষ্ঠানিকভাৱে উদযাপনৰ সূচনা কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জু, প্ৰথম মহিলা সাজিদা মহম্মদ, ঊৰ্ধ্বতন চৰকাৰী বিষয়াসকল, বিদেশী কূটনীতিক, তৰুণ খতীব আৰু ক্বাৰী, আৰু সাধাৰণ জনতা উপস্থিত আছিল। বছৰজোৰা এই কাৰ্যসূচীত ব্যৱহাৰ কৰিবলৈ চৰকাৰে এটা আনুষ্ঠানিক লগো আৰু স্ল'গানো উন্মোচন কৰে।

ইছলাম গ্ৰহণৰ ইতিহাস

পৰম্পৰাগতভাৱে মালদ্বীপে ৫৪৮ হিজৰী (১১৫৩ খ্ৰীষ্টাব্দ)ক ইছলাম গ্ৰহণৰ বৰ্ষ হিচাপে গণ্য কৰে। সেই বছৰ বৌদ্ধ ৰজা ধোভেমীয়ে ইছলাম গ্ৰহণ কৰি সুলতান মুহাম্মদ ইবনে আব্দুল্লাহ নাম লয়। মালদ্বীপীয় পৰম্পৰা অনুসৰি, আবুল বাৰাকাত ইউসুফ আল-বাৰবাৰী নামৰ এজন আগন্তুক মুছলিম পণ্ডিতৰ জৰিয়তে এই ধৰ্মান্তৰণ ঘটে। অৱশ্যে তেওঁৰ সঠিক পৰিচয় আৰু উৎস সম্পৰ্কে ঐতিহাসিকসকলে বিভিন্ন মত আগবঢ়াইছে।

ৰজাৰ ধৰ্মান্তৰণৰ পিছত দ্বীপসমূহত ইছলামৰ প্ৰসাৰ ঘটে আৰু পূৰ্বৰ বৌদ্ধ ৰাজ্যখন এখন ইছলামিক সুলতানাতলৈ ৰূপান্তৰিত হয়। পৰৱৰ্তী নটা হিজৰী শতিকাত ইছলাম মালদ্বীপৰ সমাজ, আইন, স্থাপত্য, শিক্ষা আৰু ৰাষ্ট্ৰীয় পৰিচয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে।

চতুৰ্দশ শতিকাত মালদ্বীপলৈ অহা বিখ্যাত মৰক্কোৰ পৰ্যটক ইবনে বতুতাই তাত ক্বাজী হিচাপে কাম কৰিছিল। দ্বীপসমূহৰ ইছলামিক জীৱনৰ বিষয়ে মধ্যযুগৰ অন্যতম গুৰুত্বপূৰ্ণ বিৱৰণ তেওঁৰ লেখাতে পোৱা যায়। দেশখনৰ ধৰ্মান্তৰণৰ লগত জড়িত মুছলিম প্ৰচাৰকৰ আগমন সম্পৰ্কে তেতিয়াই প্ৰতিষ্ঠিত পৰম্পৰাটোও তেওঁৰ লেখাত লিপিবদ্ধ আছে।

ৰাষ্ট্ৰপতিৰ ভাষণ

ৰাষ্ট্ৰীয় স্মৰণ অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি মুইজ্জুৱে ইছলামক মালদ্বীপৰ "সাংস্কৃতিক সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ" সাৰবস্তু আৰু মালদ্বীপীয় জাতীয়তাৰ ভিত্তিপ্ৰস্তৰ বুলি বৰ্ণনা কৰে। তেওঁ বৰ্তমান প্ৰজন্মক দেশৰ ইছলামিক মূল্যবোধ ভৱিষ্যৎ প্ৰজন্মলৈ হস্তান্তৰ কৰিবলৈ আৰু ক্ৰমবৰ্ধমান আন্তঃসংযুক্ত বিশ্বৰ প্ৰত্যাহ্বানৰ মাজতো ঈমানত অটল থাকিবলৈ আহ্বান জনায়।

বছৰজোৰা কাৰ্যসূচী

৯০০ বছৰীয়া এই উদযাপন কেৱল এটা অনুষ্ঠানত সীমিত নহয়, ই এক বিস্তৃত বছৰজোৰা ৰাষ্ট্ৰীয় কাৰ্যসূচী। কলা, সংস্কৃতি আৰু ঐতিহ্য মন্ত্ৰালয়ে বৃহত্তৰ মালে আৰু প্ৰবাল-দ্বীপপুঞ্জ (এটল)সমূহত প্ৰায় ১৫টা প্ৰধান কাৰ্যক্ৰম ঘোষণা কৰিছে। ইয়াৰ ভিতৰত আছে:

- ৰাষ্ট্ৰীয় কুৰআন তিলাৱত উৎসৱ

- আন্তৰ্জাতিক ইছলামিক বাণিজ্য মেলা

- ইছলামিক হস্তলিপি (কেলিগ্ৰাফী) উৎসৱ

- ইছলামিক চলচ্চিত্ৰ উৎসৱ

- পাণ্ডিত্যপূৰ্ণ কাৰ্যসূচী

- যুৱ ইছলামিক ঐতিহ্য শিবিৰ

- ইছলামিক ইতিহাস যাদুঘৰ গেলাৰী

- পাণ্ডুলিপি আৰু দেশৰ স্বকীয় ইছলামিক স্থাপত্য ঐতিহ্য সংৰক্ষণৰ উদ্যোগ

বৃহত্তৰ মালেত ৯০০ হিজৰী বৰ্ষৰ স্মৃতিত এটা স্থায়ী স্মাৰকো নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে।

দেশৰ বৃহত্তম মছজিদ

এই বৰ্ষপূৰ্তিৰ লগত জড়িত অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প হ'ল হুলহুমালে দ্বিতীয় পৰ্যায়ত নিৰ্মিতব্য সুলতান মহম্মদ বিন আব্দুল্লাহ গ্ৰেণ্ড মছজিদ আৰু ইছলামিক সভ্যতা কেন্দ্ৰ। ১৩ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি মুইজ্জুৱে ইয়াৰ ভিত্তিপ্ৰস্তৰ স্থাপন কৰে।

মালদ্বীপৰ ইছলামিক যুগৰ সূচনাৰ লগত জড়িত শাসকজনৰ নামত নামকৰণ কৰা এই প্ৰকল্পত দেশৰ বৃহত্তম মছজিদ নিৰ্মাণৰ পৰিকল্পনা আছে, যাৰ ধাৰণক্ষমতা হ'ব ১০,০০০ মুছল্লী।

প্ৰাৰ্থনা-কক্ষৰ বাহিৰেও এই কমপ্লেক্সত থাকিব এটা ইছলামিক পুথিভঁৰাল, কুৰআন যাদুঘৰ, সাংস্কৃতিক কেন্দ্ৰ, ইছলামিক আৰু ঐতিহাসিক প্ৰদৰ্শনীৰ বাবে প্ৰদৰ্শনী কক্ষ, বহুমুখী সম্প্ৰদায় কক্ষ, দৰ্শনাৰ্থীৰ সুবিধা আৰু এখন ইছলামিক কিতাপৰ দোকান। সমগ্ৰ প্ৰকল্পৰ ব্যয়ভাৰ বহন কৰিছে ছৌদি আৰবৰ আল ৰাজহী কোম্পানীয়ে।

৭০০ৰো অধিক তৰুণ খতীবৰ প্ৰশিক্ষণ

উদযাপনত দেশৰ ইছলামিক ঐতিহ্য নৱপ্ৰজন্মলৈ হস্তান্তৰ কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। ইছলামিক দাঅৱাহৰ বাবে তৰুণসকলক প্ৰস্তুত কৰা আৰু বিস্তৃত অঞ্চলত সিঁচৰতি দ্বীপসমূহত ইমাম আৰু জুমাৰ খুতবা দিওঁতাৰ অভাৱ দূৰ কৰাৰ লক্ষ্যে চৰকাৰী কাৰ্যসূচীৰ পাঁচটা পৰ্যায়ত ৭০০ৰো অধিক মালদ্বীপীয় যুৱকক খতীব হিচাপে প্ৰশিক্ষণ দিয়া হৈছে।

বৰ্ষপূৰ্তি কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত ৰাষ্ট্ৰীয় আলোচনাচক্ৰত ৩০০ৰো অধিক তৰুণ খতীব সমবেত হয়। ৰাষ্ট্ৰপতি মুইজ্জুৱে তেওঁলোকক জ্ঞানৰ লগত প্ৰজ্ঞা সংযোগ কৰি ভৱিষ্যতৰ পণ্ডিত, চিন্তাবিদ, নেতা আৰু ইছলামৰ কাৰ্যকৰী বাৰ্তাবাহক হ'বলৈ আহ্বান জনায়।

বৰ্ষপূৰ্তি সমগ্ৰ দ্বীপপুঞ্জত দৃশ্যমান কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে চৰকাৰে প্ৰতিখন বসতিপূৰ্ণ দ্বীপৰ মুখ্য পথৰ কাষত ইছলামিক সোঁৱৰণী আৰু আজ্কাৰ (দুআ-জিকিৰ) থকা ফলক স্থাপনৰ দেশব্যাপী উদ্যোগো ঘোষণা কৰিছে।

ইছলামিক দ্বীপ-ৰাষ্ট্ৰৰ ৯টা হিজৰী শতিকা

মালদ্বীপৰ ইছলামিক ঐতিহ্য বিশেষকৈ দৃশ্যমান ইয়াৰ ঐতিহাসিক প্ৰবাল-শিলৰ মছজিদসমূহত। দ্বীপসমূহৰ সামুদ্ৰিক পৰিৱেশৰ পৰা বিকশিত এক স্বকীয় স্থাপত্য পৰম্পৰাৰ প্ৰতিনিধিত্ব কৰে এই মছজিদসমূহে। পাণ্ডুলিপি আৰু অন্যান্য ঐতিহাসিক সামগ্ৰীৰ সৈতে এই মছজিদ কেইটাই ভাৰত মহাসাগৰীয় অঞ্চলৰ বহু শতিকাৰ ইছলামিক জীৱনৰ মূৰ্ত প্ৰমাণ সুৰক্ষিত কৰি ৰাখিছে।

সেয়ে এই বৰ্ষপূৰ্তিক কেৱল ৫৪৮ হিজৰীৰ এটা ঘটনাৰ স্মৰণ হিচাপে নহয়, বৰঞ্চ মালদ্বীপৰ নটা হিজৰী শতিকাৰ ইছলামিক ঐতিহ্য নথিভুক্ত কৰা, সংৰক্ষণ কৰা আৰু ভৱিষ্যতলৈ হস্তান্তৰ কৰাৰ সুযোগ হিচাপে উপস্থাপন কৰা হৈছে।

প্ৰাক্তন ৰাষ্ট্ৰপতি মাউমুন আব্দুল গায়ুমে বৰ্ষপূৰ্তি সম্পৰ্কে মন্তব্য কৰি কয়, দেশৰ নটা শতিকাৰ ইছলামিক ইতিহাসে বৰ্তমান প্ৰজন্মৰ বাবে শিক্ষা বহন কৰে। বিভিন্ন যুগত নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো মালদ্বীপবাসীয়ে নিজৰ ইছলামিক পৰিচয় অক্ষুণ্ণ ৰাখিছিল বুলি তেওঁ সোঁৱৰাই দিয়ে।

মালদ্বীপৰ বাবে ৯০০ হিজৰী বৰ্ষপূৰ্তি এক বিৰল সভ্যতাগত মাইলফলক: এখন দ্বীপ-ৰাষ্ট্ৰ, যিয়ে নটা শতিকাৰ ফালে উভতি চাইছে য'ত ইছলাম তাৰ সামূহিক পৰিচয়ৰ কেন্দ্ৰত থাকি আহিছে, আৰু একে সময়তে সেই ঐতিহ্য আগন্তুক শতিকাবোৰলৈ কঢ়িয়াই নিবলৈ নতুন প্ৰতিষ্ঠান স্থাপন কৰিছে।

----

সূত্ৰ-ইছলামোৱেব ইংৰাজী

Related Posts

Leave A Comment

Voting Poll

Get Newsletter