দাৰুল হুদা প্রতিষ্টাপকৰ জীৱন কথা

কেৰালাৰ মুছলিম বুদ্ধি জীৱি সমাজ আৰু বিশিষ্ট ব্যক্তিসকলৰ মাজত ডঃ ইউ বাপুটি হাজীৰ নাম বহু সন্মানৰ সৈতে লোৱা হয় । তেখেত কেৰালাৰ মুছলিম সমাজৰ শিক্ষাৰ নৱ জাগৰক হিচাপে পৰিচিত। তেখেত পেছাত এজন বিখ্যাত চিকিৎসক, মহান জনহিতৈষী আৰু মুছলমান সকলৰ সমাজ সংস্কাৰক,আনকি তেখেত এজন দাৰ্শনিকো আছিল। ইয়াৰ ইপৰিও তেখেত দক্ষিণ ভাৰতৰ  এটা অন্যতম আগশাৰীৰ ইছলামিক প্ৰতিষ্ঠান, দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু চুন্নি মহল ফেডাৰেশন (এছ এম এফ)ৰ প্ৰতিষ্ঠাপক নেতাও আছিল ।

প্ৰাথমিক জীৱনঃ

ডঃ বাপুটি হাজী 1929 চনৰ চেপ্টেম্বৰত চম্মাডৰ কুঞ্জালন কুট্টি বৈদ্যৰ পুত্ৰ হিচাপে জন্ম গ্ৰহন কৰে। তেখেতৰ সম্পূৰ্ণ নাম আছিল কুঞ্জবৰন কুটি আৰু বাপুটি আছিল তেখেতৰ ডাক নাম। তেওঁৰ দেউতাও আছিল চিকিৎসক পৰিয়ালৰ এজন । শৈশৱত বাপুত্তি হাজী ইছলামিক প্ৰকৃতিত থাকিছিল, সেই কাৰণে চম্মাডত তেখেতৰ অনেক সুনাম আছ। পিতা কুঞ্জালান কুট্টি তেওঁক ইছলামি জ্ঞান আৰু ইছলামী সংস্কৃতি অৰ্জন কৰিবলৈ বাধ্য কৰাইছিল ।

তিৰুৰাঙ্গাডি অনাথ আশ্ৰম প্ৰতিষ্ঠা হোৱাৰ পৰাই বাপুটি হাজীৰ দেউতাই তাক এতিম খানাত ভৰ্তি কৰি দিয়ে। কুঞ্জালান কুট্টি অনাথ আশ্ৰমৰ কমিটিৰ অন্যতম সদস্য আছিল। কিন্তু দূর্ভাগ্যবশত কমিটিৰ সদস্য সকলৰ মাজত কিছু সমস্যা দেখা দিয়াৰ কাৰণে কুঞ্জালান কুট্টি তাক ঘূৰাই দিয়ে। তাৰ পিছত বাপুত্তি হাজী তাৰ দেইতাকৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। যেতিয়া তেওঁৰ ছয় বছৰ বয়স তেতিয়া বাপুটি হাজী নিলিমা ভূক্কল কুঞ্জি শিক্ষাগুৰৰ মাদ্ৰাছাৰ পৰা কোৰাণ অধ্যয়ন আৰম্ভ কৰে।

দহ বছৰ বয়সত তেওঁ তিৰুৰাঙ্গাডি এ ইউ পি স্কুলৰ পৰা শিক্ষা লাভ কৰে। কিন্তু তেখেত কেৱল মাত্ৰ তিৰুৰাঙ্গাডি নুৰুল ইছলামৰ মাদ্ৰাছাৰ পৰা ইছলামিক জ্ঞানৰ প্ৰতি মনোযোগ দিয়ে, যত তেখেত সকলোতকৈ বিখ্যাত ইছলামিক গ্ৰন্থ সমূহ অধ্যয়ন কৰিছিল। 1943 চনত বাপুটি হাজী পাৰপিল মাদ্রাছাতুল মুহাম্মাদিয়াত পঢ়া-শুনা আৰম্ভ কৰে। তেৰ বছৰ বয়সত তেখেত বিখ্যাত পাঠ্য কিতাপ,ফাতহুল মুইন আৰু নুৰুল আবছাৰৰ নিচিনা কিতাপ সমূহ অধ্যয়ন কৰে। ভিলাকান্দাথিল মূত্যাদিন কুট্টি হাজী আৰু এম এম কুঞ্জত্তি মুছলিয়া সকলৰ পৰাও ইছলামিক শিক্ষাৰ জ্ঞান অৰ্জন কৰে। শৈশৱত তেওঁ সকলো ধৰণৰ জ্ঞান অন্বেষণ কৰিবলৈ চেষ্টা কৰিছিল। এছ এছ এলছিৰ ৰেজাল্টৰ পিছত আধুনিক শিক্ষা শেষ কৰি তেখেত চিকিৎসাশাস্ত্র অধ্যয়নৰ অভিপ্ৰায় প্ৰকাশ কৰে আৰু সাংকৃত ভাষাৰ জ্ঞান আয়ত্ত কৰে। পিছত বাপুটি হাজী আর্য বৈদ্যশালা কলেজত ভৰ্তি হয় এটা বছৰৰ অধ্যয়নৰ পিছত তেখেত গ্রাম্য চিকিৎসক হিচাপে ভর্তি হয়।

তেখেত ছুন্নি মহল ফেডাৰেশনৰ (এছ এম এফ ) সম্পৰ্কত ছি এইচ হাইদ্ৰোচ মুছলিয়াৰ আৰু এম এম বশিৰ মুচলিয়াৰৰ হৈতে আলোচনা কৰিছিল। আৰু তেখেত নিজৰ মূল্যবান অংশটি বস্তুগত বিষয়ৰ সৈতে ধৰ্মীয় শিক্ষাৰ সংমিশ্ৰণৰ কাৰণে মহৎ নমুনা সম্পর্কত চিন্তা - চেতনা মূলক আলোচনাত বহু সময় ব্যয় কৰিছিল।

নৱ জাগৰনৰ চিন্তাৰ সূচনাঃ

বাপুটি হাজী সমাজ সংস্কাৰ আনিবলৈ সিদ্ধান্ত লয় আৰু শিক্ষাৰ চাহিদা তেখেত সকলো দিশতেই লক্ষ্য কৰিছিল। তেখেত ইয়াৰ কাৰণে সময় খুজি পাইছিল আৰু জ্ঞানৰ অঞ্চল সৃষ্টিৰ বাবে প্ৰচাৰণাৰ সৈতে অন্ধকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, ইয়াৰ নতুন প্ৰতীক তৈয়াৰ কৰে আৰু তেখেত এম এম বশিৰ মুছলিয়াৰ আৰু ছি এইচ হাইদ্ৰোচ মুছলিয়াৰৰ সৈতে আলোচনা কৰে । তেখেত চিন্তা কৰি শিক্ষাৰ গুৰুত্ব আৰু  চম্মাডৰ  উন্নতিৰ সম্পৰ্কৰ বিষয়ত সমাজৰ মানুহক তেখেতে মাতি আনি পৰামৰ্শ দিছিল আৰু কৈছিল, মোৰ প্ৰিয় বন্ধুসকল আমি মুছলিম আৰু আমালোকৰ ইছলামিক ধাৰণা সমূহ বুজিব লাগিব, আমাৰ সমাজতো ইয়াৰ প্ৰচাৰৰ কঠিন প্রয়োজন আছে।

এই বক্তৃতাই চম্মাডৰ তৰুন সকলৰ হৃদয়ক প্ৰভাৱিত কৰিছিল। ইয়াৰ পিছত সিহতঁ “মুছলিম যুব জন সনগাম” নামৰ পৰিচিত এটা সংগঠন গঠন কৰি বাপুটি হাজী ওৱাজাক্কাদ সাত মুছলিয়াৰক ইছলাম সম্পৰ্কে শিক্ষা দিয়াৰ কাৰণে লৈ আহে । লাহে লাহে এই ভাষনটোৱে আৰু বেছি সংখ্যাকলোকক প্ৰভাৱান্বিত কৰিছিল আৰু কিছুলোক সেইটো দেখিছিল খুব আন্দদ সৈতে, সিহঁতৰ বিজয়ৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিছিল। চিন্তাটো গভীৰলৈ শিপাইছিল আৰু সিহঁত ইছলাম সম্পর্কে বুজি পাবলৈ সক্ষম হৈছিল। যে সিহঁত বাপুত্তি হাজীক তেওঁলোকৰ অঞ্চলত নতুন প্ৰজন্মৰ ইছলামিক পণ্ডিত সকলৰ গঠনৰ কাৰণে সহযোগিতা কৰিছিল। এম এম বশিৰ মুছলিয়াৰ আৰু হাইদ্ৰোছ মুছলিয়াৰে ইছলামীক শিক্ষাৰ প্ৰগতি বিচাৰিছিল। আমালোক যদি চম্মাডৰ ইতিহাস চাও আমালোকে দেখিবলৈ পাম তাত বাপুটি হাজীৰ সু নাম কিমান সুপ্ৰহৰ।

ছুন্নি মহল ফেডাৰেশনৰ (এছ এম এফ)জন্মঃ

বাপুত্তি হাজী আছিল মহল সংগঠনৰ প্ৰতিষ্ঠাতা আৰু তাৰ লগত আছিল এম এম বশিৰ মুছলিয়াৰ আৰু চি এইচ হাইদ্ৰোচ মুছলিয়াৰ। এপ্ৰিল 1976 চনত এডাউক্কুলা আৰু চম্মাডত সম স্তৰৰ দুটা সন্মিলন অনুষ্ঠিত হয়। আৰু উভয় সন্মিলনত মহলৰ সমন্বয় সাধনৰ কাৰণে নতুন সংগঠন আছিল প্ৰধান এজেন্ডা। অবশেষত 26 এপ্রিল 1976 চনত চম্মাড উত্তৰ অঞ্চল সন্মিলনত ছুন্নি মহল ফেডাৰেশনৰ অস্তিত্ব লাভ কৰে।

প্ৰতিষ্ঠাৰ এবছৰৰ পিছত নতুন কমিটি, যাৰ কোষাধ্যক্ষ আছিল বাপুটি হাজী, ক্ষমতাই আহিল । এদাক্কাৰা, কলিকাৱু, মানজেৰি, মালাপ্পুৰম, কোট্টাক্কল, তিৰুৰাঙ্গাডি কোন্ডোট্টি, আকিকোড, তানুৰ, তিৰুৰ, এডাপ্পল, পোন্নানি, কট্টিপুৰাম আৰু পেৰিন্থালমান্না আছিল এছ এম এফ (SMF)ৰ প্ৰধান কেন্দ্ৰ ।

দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ ভিত্তিঃ

বাপুত্তি হাজী সমাজক  শিক্ষিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে আৰু পুৰণি শিক্ষা ব্যৱস্থাৰ লোকচান স্বীকাৰ কৰে। বাপুত্তি হাজী বশিৰ মুছলিয়াৰ আৰু ছি এইচ হাইদ্ৰোচ মুছলিয়াৰ দৰছৰ আদিম শৈলীৰ লগত শিক্ষাৰ আধুনিক প্যাটৰ্ণ অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে। 1962 চনত সিহঁত এই পৰীক্ষাটি কণ্ডোটি দৰছত ৰাখিছিল আৰু এইটো ৰোমাঞ্চকৰ বিষয় আৰু মনবল বৃদ্ধি কৰি হৈ উঠে। ইংৰাজী,আৰবি আৰু উৰ্দু শিক্ষা দিয়াত তেখেতসকল আৰু পৰিবৰ্তন আনে। 1980 চনত ছুন্নি মহলৰ অধিনত ফেডাৰেশন ভেঙ্গাৰা, মামপুৰাম, কোট্টাক্কাল, নেদিউৰুপ আৰু কাডালুণ্ডিত অভিনৱ মডেল সাহস দিছে। এই সময়ত হাজী আৰু অন্যান্য পণ্ডিত সকল এটা নতুন ভিত্তি সম্পর্কে চিন্তা কৰিছিল যিটো এটা নতুন শিক্ষা ব্যবস্থাপক আত্মস্থ কৰে। 25 ডিচেম্বৰ 1983 চনত সিহঁত দাৰুল হুদা ইছলামী বিশ্ববিদ্যালয়ৰ ভিত্তি প্রস্তৰ স্থাপন কৰে।

দাৰুল হুদা ইছলামী বিশ্ববিদ্যালয় বাপুটি হাজীৰ অধিনতঃ

দাৰুল হুদা ইছলামিক ইউনিভাৰ্ছিটি সম্পর্কত বাপুত্তি হাজীৰ সপোন আছিল নতুন প্ৰজন্মৰ পণ্ডিতসকলক গঠন কৰা, সুসজ্জিত আৰু তিনিটা আন্তৰ্জাতিক ভাষা, ইংৰাজী, আৰবি, উর্দু আনকি আঞ্চলিক ভাষা মালায়ালামত মাতৃভাষাত ভাল কামণ্ডৰ অধিকাৰী থকা।

1983 চনৰ এদিন পুৱাবেলি এম এম বশিৰ মুছলিয়াৰ, চি এইচ হাইদ্ৰোচ মুছলিয়াৰসহ পাচঁ জন ব্যক্তি, ডাঃ ইউ বাপুত্তি হাজী, চেমুক্কাল কুনিয়াপু হাজী, পুলিক্কোড সাইদালৱী হাজী আৰু কোট্টক্কল এম এ ট্যুৰিস্ট হোম একত্রিত হয় । আৰু দাৰুল হুদা ইছলামী বিশ্ববিদ্যালয় সম্পৰ্কে আৰু অধিক পৰিকল্পনাৰ সিদ্ধান্ত লয় । প্ৰথমত হাজী আৰু সংগীসকল একাডেমি নিৰ্মাণৰ কাৰণে মাটি বিচাৰিছিল । সিহত ভাল ঠাই বিচাৰি কেইবাটাই অঞ্চল ভ্ৰমন কৰিছিল। আৰু শেষত গৈ সিহঁত চম্মাডত ঠাই বিচাৰি পাইছিল। 1983 চনত এই সৌন্দৰ্যপূৰ্ণ প্ৰতিষ্ঠানৰ ভিত্তি প্রস্ত স্থাপন কৰা হয়। আৰু 25 জুন 1986 চনত প্ৰথম ভৰ্তি কৰা হয় ।

1987 চনৰ 22 জানুৱাৰী এম এম বশিৰ মুছলিয়াৰৰ নশ্বৰ পৃথিৱিৰ পৰা গুচি যায় আৰু এইটো হাজীৰ ওপৰত এটা ডাঙৰ আঘাত হিচাপে থিয় দিয়ে। দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয় তাৰ সফলতাৰ সৈতে প্ৰৱেশ কৰে আৰু প্ৰথম ব্যাচত ৪০ জন শিক্ষার্থী আছিল। বাপুতট্টি হাজী ছাত্র সকলক বিভিন্ন ভাষাত বক্তৃতা কৰা আৰু ৰাজ্যৰ পৰা প্ৰকাশিত ম্যাগজিনৰ বাবে লিখিবলৈ উৎসাহিত কৰিছিল। তেখেত উত্তৰৰ মুছলমান সকলৰ পশ্চাৎপদতা লৈও অত্যান্ত উদ্বিগ্ন আছিল সেয়ে তেখেত প্ৰচাৰৰ বাবে এটা দল পঠিয়াই, যাৰ মাজত ডাঃ বাহাউদ্দিন নাদৱী আৰু অন্যান্য শিক্ষাগুৰু আছিল। এই ভ্ৰমন আৰু পূর্বোক্ত শিক্ষাগুৰু সকলৰ দ্বাৰা প্ৰকাশ কৰা ৰিপোৰ্ট অনুসৰণ কৰে, আৰু তেখেত নতুন উর্দু জাতীয় মাধ্যম স্থাপন কৰে ।

পাৰিবাৰিক জীৱন

ডঃ বাপুটি হাজী তেখেতৰ ছয়টা সন্তান আৰু এষষ্টিটা নাতি - নাতীনিৰ সৈতে ইছলাম পাৰিবাৰিক মূল্য বোধৰ জন্ম দিয়ে৷ এটা অনুকৰনীয় পাৰিবাৰিক জীৱন পৰিচালনা কৰিছিল, তেখেতে প্ৰতিটো সদস্যক ভাল পাইছিল আৰু সকলো কামৰ যত্ন লোৱাৰ কাৰণে যথাসাধ্য চেষ্টা কৰিছিল, সিহঁতৰ বক্তৃতা বা ধৰ্মীয় অনুষ্ঠানত প্ৰবেশ কৰাত সমৰ্থন কৰিছিল ।

কৃষিৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছিল। আৰু সিহঁতৰ সন্তানসকল তেখেতক সন্তুষ্ট কৰাৰ বাবে সহায়তা আগবৰাই ছিল। তেখেত সিহঁতৰ সন্তানসকলৰ ধৰ্মীয় শিক্ষাক বেছি প্ৰাধান্য দি ইংৰাজি আৰু গনিতৰ দৰে আধুনিক বিষয় পঢ়িবলৈ বাধ্য কৰিছিল। বাপুট হাজী দৰিদ্ৰ শিশুসকলৰ তত্বাৱধান লৈছিল আৰু সিহঁতৰ নিজস্ব মূল্যদি লিখা পঢ়া কৰিবলৈ সহায় কৰিছিল । তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ ডাঙৰ ল'ৰা ইউ শাফী হাজী দাৰুল হুদা ইছলামী বিশ্ববিদ্যালয়ৰ দায়িত্ব ভাৰ গ্ৰহন কৰে ।

জীৱন প্রণয়

বার্ধক্যজনিত ৰোগৰ সৈতে দীর্ঘদিন যুজি যুজি শেষত, তেখেত 22 জুলাই 2003ত তাৰ নিজ বাসভৱনত মৃত্যু বৰণ কৰে । তাৰ মৃত্যু দেহা ভাৰ্ছিটি ক্যাম্পাছত দাফন কৰা হৈছে। তাৰ জীৱন যাত্ৰা এই পৰ্যন্ত পৰিপূৰ্ণ হৈছিল যদিও তেখেত যে এক মহৎ অভিযান আৰাম্ভ কৰিছিল তাৰ গতি আৰু স্রোত অব্যহত থাকিব কিয়ামত পর্যন্ত। তেখেত মৃত্যু বৰণ কৰি চিৰদিন অমৰ হৈ থাকিব ।

 

 

 

লেখকৰ চমু পৰিচয়ঃ আব্দুৰ ৰৌফ ফাৰুকী (অসম ৰাজ্যৰ বৰপেটা জিলাৰ নিবাসী) এজন সমাজ সেৱক, শিক্ষক, লেখক আৰু প্ৰবক্তা। তেখেতে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম এ ডিগ্ৰী লাভ কৰিছে। তেখেত এতিয়া ঘৰুৱা শিক্ষগতা হিচেপে কৰ্ম কৰি আছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

https://epakkin.dindikbudkabpekalongan.com/sgc/ https://sippt.dpmptsp-jkt.com/files/
slot gacor